ETV Bharat / state

আমগুৰিত বান-খহনীয়া প্ৰতিৰোধৰ আধাৰশিলা স্থাপন

author img

By

Published : Feb 23, 2021, 12:03 PM IST

আমগুৰিত বান আৰু খহনীয়া প্ৰতিৰোধৰ আধাৰশিলা স্থাপন
আমগুৰিত বান আৰু খহনীয়া প্ৰতিৰোধৰ আধাৰশিলা স্থাপন

ৰূপহীমুখত আধাৰশিলা স্থাপন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই ৷ ৰূপহীমুখৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে ১১,৭৯৭৩ কোটি টকীয়া আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক হাজৰিকাই ৷

আমগুৰি,23 ফেব্ৰুৱাৰী: ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তাৰ প্ৰভাৱ পৰা দেখা গ’ল শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিত ৷ ৰূপহীমুখৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে ১১,৭৯৭৩ কোটি টকীয়া আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক প্ৰদীপ হাজৰিকাই ৷

উল্লেখ্য যে, আৰটিকুলেটেড গ্ৰাউট ফিল্ড মেট্ৰেছ প্ৰযুক্তিৰে শিৱসাগৰ জিলা জলসম্পদ বিভাগে ৰূপায়ণ কৰিব এই আঁচনি ৷ আঁচনিখনৰ যোগেদি ৰূপহীমুখৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব ৷ শীঘ্ৰে এই আঁচনি কাৰ্যকৰী হ'ব সদৰী কৰিছে বিভাগীয় অভিযন্তাই ৷

আমগুৰিত বান আৰু খহনীয়া প্ৰতিৰোধৰ আধাৰশিলা স্থাপন

জানিব পৰা মতে, ১৯৫০ চনৰ পৰা প্ৰতি বছৰে ধাৰাবাহিকভাৱে ৰূপহীমুখবাসীয়ে বান আৰু খহনীয়াত সৰ্বশ্ৰান্ত হৈ পৰিছিল । বহুলোকৰ মাটি, ভেটি, ঘৰ-দুৱাৰ ব্ৰহ্মপুত্ৰত জাহ গৈছিল । ফলত প্ৰতি বছৰে স্থানীয় লোকে জন প্ৰতিনিধি আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীক এই সমস্যা সমাধানৰ দাবীত আবেদন-নিবেদন জনাই আহিছিল ।

আমগুৰিত বান আৰু খহনীয়া প্ৰতিৰোধৰ আধাৰশিলা স্থাপন
আমগুৰিত আধাৰশিলা স্থাপন
লগতে পঢ়কঃ ঢালিগাঁৱত ৰন্ধন গেছ উৎপাদন প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰী মোডীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.