ETV Bharat / state

বাঘজান তৈল্যখাদ বিস্ফোৰণ : প্ৰত্যক্ষদৰ্শীৰ মুখেৰে হুবহু বিৱৰণ !

author img

By

Published : Jun 12, 2020, 5:35 AM IST

eye witness expressed what was happening in Baghjan
eye witness expressed what was happening in Baghjan

বাঘজান ঘটনাৰ প্ৰত্যক্ষদৰ্শী আকাশজ্যোতি দাসে অইল ইণ্ডিয়াই পানীৰ সুবিধাৰ বাবে খন্দা পুখুৰীত জাপ মাৰি প্ৰাণ ৰক্ষা কৰিছিল । পুখুৰীত জাঁপ দি এয়া জীৱনৰ শেষ সময় বুলি ভবা যুৱকজনে নিজকে ৰক্ষা কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰিছিল । অৱশেষত এডাল পাইপৰ সহায়ত পানীৰ মাজৰ পৰা ওলাই আহিবলৈ সক্ষম হয় আকাশ । শুনক কেই ভয়ংকৰ ঘটনাৰ হুবহু বিৱৰণ...

শিৱসাগৰ, 11 জুন : বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ সাক্ষী হৈ ৰোৱা শিৱসাগৰৰ অ' এন জি চিৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী আকাশ জ্যোতি দাসৰ ভয়ংকৰ বৰ্ণনা ৷ কেনেকৈ জ্বলি উঠিছিল তৈল্যখাদটো ৷ কি দৰে হাবাথুৰি খাইছিল প্ৰাণৰ মমতাত শুনক তেওঁৰ মুখেৰেই :

পানীৰ তলত মোৰ কণমানি জনীলৈ মনত পৰিছিল !

শ্বাস-প্ৰশ্বাসৰ সমস্যাত আক্ৰান্ত আকাশক ততালিকে অইলৰ চিকিৎসা সেৱা কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। চিকিৎসাৰ বাবে নিয়াৰ পথত বাঘজানৰ একাংশ লোকৰ অত্যাচাৰৰ সম্মুখীন হৈছিল আকাশ। কেনেদৰে পালেগৈ হাস্পতাল, শুনক সেই ভয়ংকৰ কাহিনী :

ভবা নাছিলোঁ বাচি আহিম বুলি !
লগতে পঢ়ক : স্তিমিত অৱস্থাৰ পৰা কেনেকৈ মূৰ দাঙি উঠিব অসম পৰ্যটনে, কি কি পৰিকল্পনা বিভাগৰ ?
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.