ETV Bharat / state

দিখৌমুখত এখন বিদ্যালয় জাহ যোৱাৰ উপক্ৰম; গৰাখহনীয়াৰ স্থায়ী সমাধান কেতিয়া ?

author img

By

Published : Aug 23, 2021, 7:42 PM IST

চৰকাৰী পক্ষই প্ৰতিশ্ৰুতি দিওঁতে দিওঁতে 20 বছৰতৈ অধিক কাল অতিক্ৰম কৰিলে দিখৌমুখৰ গৰাখহনীয়াৰ সমস্যাই ৷ অভিযোগ অনুসৰি খহনীয়াৰ কৱলত পৰি গৃহহীন হ'ল হাজাৰ হাজাৰ লোক ৷ শ শ কৃষিজীৱি লোকে কৃষিভূমি হেৰুৱালে ৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে পুৰণিগুডামৰ একমাত্ৰ বিদ্যালয়খনো ৷

brahmaputra erosion in dikhowmukh
দিখৌমুখৰ গৰাখহনীয়াৰ স্থায়ী সমাধন কেতিয়া ?

আমগুৰি, 23 আগষ্ট : শিৱসাগৰৰ দিখৌমুখত ভয়াবহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ৷ গৰাখহনীয়াৰ কৱলত পৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে এখন বিদ্যালয় ৷ তদুপৰি 20 বছৰে অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ এই গৰাকীখহনীয়াৰ কৱলত পৰি গৃহহীন হৈছে শতাধিক লোক ৷

দিখৌমুখৰ পুৰণিগুডামৰ স্থানীয় লোকে সদৰি কৰা মতে, শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত কম দিনৰ ভিতৰত জাহ যাব পাৰে ৪৪৭ নং পুৰণিগুডাম প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়খনৰ পৰা 10 মিটাৰ দূৰত্বতে ভয়াবহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ৷ ব্ৰহ্মপুত্ৰৰ এই ভয়াবহ খহনীয়া অব্যাহত থাকিলে দুই-তিনি দিনৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব পাৰে দিখৌমুখৰ পুৰণিগুডামৰ এই বিদ্যালয়খন ৷

লগতে পঢ়ক: ভদীয়া বানত বুৰ গ’ল জোনাইৰ কেইবাখনো গাঁও

উল্লেখ্য যে, যি সময়ত বিদ্যালয়খন ব্ৰহ্মুপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে, সেই একে সময়তে শিক্ষাৰ্থী সকলৰ ভৱিষ্যতক কেন্দ্ৰ কৰি অনিশ্চয়তাই আগুৰি ধৰিছে পুৰণিগুডামবাসীক ৷ কিয়নো অঞ্চলটোৰ বাবে একমাত্ৰ চৰকাৰী প্ৰাথমিক শিক্ষানুষ্ঠানখনেই হৈছে ৪৪৭ নং পুৰণিগুডাম প্ৰাথমিক বিদ্যালয় ৷

স্থানীয় লোকে সাংবাদিকৰ আগত সদৰি কৰা মতে, নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱা বিদ্যালয়খন ৰক্ষা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অবেদন কৰিছিল ৷ কিন্তু অভিযোগ অনুসৰি বিভাগে বিদ্যালয়খনক খহনীয়াৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত কোনো ব্যৱস্থা গ্ৰহণ কৰিলে ৷ ইয়াৰ বিপৰীতে বৰ্তমানে থকা চৰকাৰী স্থানতে বিদ্যালয়খন থাকিব বুলিহে গাঁওখনৰ ৰাইজৰ আগত মন্তব্য প্ৰকাশ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷

দিখৌমুখৰ গৰাখহনীয়াৰ স্থায়ী সমাধন কেতিয়া ?

লগতে পঢ়ক: ঐতিহাসিক কাজিখোৱা গল্ফ ফিল্ড সংৰক্ষণৰ দাবীত আলফা স্বাধীনৰ বিবৃতি

ইফালে, ব্ৰহ্মপুত্ৰৰ এই খহনীয়া ৰোধ কৰা ক্ষেত্ৰত চৰকাৰী পক্ষৰ হেমাহিৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি স্থানীয় লোকে কয়, বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাচতো যোৱা 20 বছৰে অঞ্চলটোত খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ খহনীয়াৰ ফলত দিখৌমুখৰ পুৰণিগুডামৰ লগতে সমীপৰ বহুকেইখন গাঁৱৰ হাজাৰ হাজাৰ লোক গৃহহীন হৈছে ৷ বহু কৃষিজীৱি লোকৰ খেতি-মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ৷

গৃহহীন বহুলোকে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে খেতি-মাটি সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাৰ ফলত আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে কৃষিজীৱি লোক সকল ৷ মুঠতে ব্ৰহ্মপুত্ৰ খহনীয়াই দিখৌমুখৰ নদীপৰীয়া ৰাইজক একপ্ৰকাৰে দিশহাৰা কৰি তুলিছে বুলি মন্তব্য প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: বিশ্বাসৰ অভাৱে উপ-নিৰ্বাচনৰ অংকত আউল লগাব নেকি মহাযোঁটক ?

অভিযোগ অনুসৰি, স্থানীয় জনপ্ৰতিনিধিয়েও বান-গৰাখহনীয়াৰ সমস্যা স্থায়ী সমাধানৰ কৰাৰ ক্ষেত্ৰত বহুবাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু ১৯৮০ চনৰপৰা ধাৰাবাহিকভাৱে বান আৰু গৰাখহনীয়াত বিপৰ্যস্ত হোৱা দিখৌমুখৰ তেলিয়া, ডোঙাৰপৰা, ৰূপহীমুখ, পুৰণিগুডামবাসীয়ে আজিও সেই প্ৰতিশ্ৰুতি বাস্তৱ ৰূপ নেদেখিলে ৷

গতিকে উপায়হীন হৈ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীক দিখৌমুখৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰবাৰ দাবী জনাইছে দিখৌমুখৰ পুৰণিগুডামবাসীয়ে ৷

লগতে পঢ়ক: আফগানিস্তানৰ পৰা স্থানান্তৰৰ সময়ত বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.