ETV Bharat / state

অখিল গগৈক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া ধৈৰ্য কোঁৱৰৰ

author img

By

Published : May 25, 2021, 10:52 PM IST

dharjya-konwar-reacts-on-akhil-gogois-issue
অখিল গগৈক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া ধৈৰ্য কোঁৱৰৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত অখিল গগৈক মানসিক ৰোগী আখ্যা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে । তদুপৰি সোমবাৰে নিশা অসম আৰক্ষীয়ে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষক মুক্তিকে ধৰি বীৰ লাচিত সেনাৰ কৰ্মী সকলক আটক কৰা কাৰ্যৰো তীব্র বিৰোধিতা কৰিছে নেতাগৰাকীয়ে ।

মৰাণ, 25 মে’: বিধানসভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মানসিক ৰোগী আখ্যা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে । তদুপৰি সোমবাৰে নিশা অসম আৰক্ষীয়ে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষক মুক্তিকে ধৰি বীৰ লাচিত সেনাৰ কৰ্মী সকলক আটক কৰা কাৰ্যৰো তীব্র বিৰোধিতা কৰিছে ধৈৰ্য কোঁৱৰে । পুনৰ নব্বৈ দশকত অসমত সংঘটিত হোৱা বিভীষিকাময় পৰিৱেশ মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিব বিচাৰিছে বুলিও উল্লেখ কৰে ধৈৰ্য কোঁৱৰে ।

লগতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত দিয়া অপমানসূচক মন্তব্যৰ বাবে গৰিহণা প্ৰদান কৰিছে ধৈৰ্য কোঁৱৰে । তদুপৰি সোমবাৰে নিশা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানস কোঁৱৰ, জিতু বৰুৱাকে আদি কৰি কেইবাজনো সতীৰ্থক অসম আৰক্ষীয়ে উঠাই লৈ যোৱাৰ লগতে ধৈৰ্য কোঁৱৰৰ পিতৃ-মাতৃক মাজনিশা বিচনাৰ পৰা উঠাই জেৰা কৰাত তীব্ৰ প্ৰতিবাদ জনাইছে কোঁৱৰে ।

অখিল গগৈক মুখ্যমন্ত্ৰীয়ে মানসিক ৰোগী আখ্যা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ধৈৰ্য কোঁৱৰৰ

উল্লেখ্য যে, সোমবাৰে পঞ্চাদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনা 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ অনুপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মানসিক ৰোগী আখ্যা দিছিল ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ প্ৰসংগত অখিল গগৈ মানসিক ৰোগী আৰু দীৰ্ঘদিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি মন্তব্য কৰাৰ লগতে এঠাইৰ পৰা আনঠাইলৈ ঘুৰি ফুৰাটোৱে তেওঁৰ বেমাৰ আৰু অধিৱেশনৰ প্ৰথম দিনটোতে এজনৰ পাচত আনজন বিধায়কৰ ওচৰলৈ গৈ কৰ'ণা বিয়পোৱা বুলি মন্তব্য আগবঢ়াইছিল ৷ মুখ্যমন্ত্ৰীৰ উক্ত মন্তব্যৰ পাছতে ৰাজ্য তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ বিবৃতিযোগে প্ৰতিক্ৰিয়া অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.