ETV Bharat / state

বৰ অসম সমন্বয়ৰ বাৰ্তাৰে সামৰণি পৰিল চৰাইদেউ মহোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 11:34 AM IST

Charaideo Festival 2024
বৰঅসম সমন্বয়ৰ বাৰ্তাৰে সামৰণি পৰিল চৰাইদেউ মহোৎসৱ

Charaideo Festival 2024: যোৱা 5 জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চৰাইদেউ মহোৎসৱৰ দেওবাৰে সফল সামৰণি পৰে ৷ 600 বছৰীয়া আহোম ৰাজত্বৰ সোণালী ইতিহাসৰ পৰ্যটনৰ সম্ভাৱনাক লৈ আৰম্ভ হোৱা চৰাইদেউ মহোৎসৱৰ তিনিটা দিনত লোকাৰণ্য হৈ পৰে ৷

বৰঅসম সমন্বয়ৰ বাৰ্তাৰে সামৰণি পৰিল চৰাইদেউ মহোৎসৱ

মৰাণ, 8 জানুৱাৰী : অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত যোৱা 5 জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ । 600 বছৰীয়া আহোম ৰাজত্বৰ সোণালী ইতিহাসৰ পৰ্যটনৰ সম্ভাৱনাক লৈ আৰম্ভ হোৱা চৰাইদেউ মহোৎসৱৰ তিনিটা দিনত লোকাৰণ্য হৈ পৰে ৷ বিভিন্ন কাৰ্যসূচীৰ লগতে গ্রন্থমেলা, বিপণী, পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য মেলাৰ মেটমৰা সম্ভাৰ লৈ অনুষ্ঠিত হোৱা এই চৰাইদেউ মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচল আৰু বিদেশী পৰ্যটকৰ সকলেও ভিৰ কৰেহি ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়া চৰাইদেউ মৈদামত অতি উলাহ মালহেৰে অনুষ্ঠিত কৰা হৈছিল এই চৰাইদেউ মহোৎসৱ । তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হোৱা চৰাইদেউ মহোৎসৱ 2024 ত মহোৎসৱৰ মূল তোৰণ উদ্বোধন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে চৰাইদেউ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে । ইয়াৰ পাচত মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিধায়ক ধর্মেশ্বৰ কোঁৱৰে।

অনুষ্ঠানৰ প্ৰথম দিনাই গ্রন্থমেলা, বিপণী আৰু পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য মেলা উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে । ইয়াৰ লগে লগে চৰাইদেউ মহোৎসৱস্থলীতে স্বৰ্গদেউসকললৈ শ্রদ্ধাঞ্জলি জনাই অনুষ্ঠিত হয় বান-ফি পূজা। দেওবাৰৰ দিনটোত অনুষ্ঠিত হোৱা সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহণ কৰে । সামৰণি অনুষ্ঠানত মুকলি সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে নাগালেণ্ডৰ কেইবাগৰাকীও সাংসদ বিধায়কে।

নাগালেণ্ডৰ পৰা নিৰ্বাচিত প্ৰথমগৰাকী মহিলা সাংসদ এছ. ফাংনন কনিয়াকে চৰাইদেউ মহোৎসৱত অংশগ্ৰহণ কৰি অত্যন্ত সুখী হয় বুলি মত প্ৰকাশ কৰে ৷ এই চৰাইদেউ মহোৎসৱে ঐতিহ্য ক্ষেত্ৰলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিব বুলি মন্তব্য কৰিছে পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ৷ লগতে বৰুৱাই চৰাইদেউ মৈদাম ক্ষেত্ৰত কাষৰীয়া অঞ্চলত আমাৰ আলহী আঁচনিৰ অধীনত পৰ্যটন নিগমে পৰ্যটকৰ বাবে বিশেষ পদক্ষেপ ল’ব বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক: কাৰ্বি যুৱ মহোৎসৱৰ 95 শতাংশ কাম সম্পন্ন, উপস্থিত থাকি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.