ETV Bharat / state

আমগুৰিত সোপাধৰাৰ প্ৰসংগত সজাগতা সভা

author img

By

Published : Sep 13, 2022, 5:27 PM IST

আমগুৰিত সোপাধৰাৰ প্ৰসংগত সজাগতা সভা
আমগুৰিত সোপাধৰাৰ প্ৰসংগত সজাগতা সভা

ৰাজ্যত শেহতীয়াকৈ সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ ফলত মৃত্য হ’ল একাধিক লোক ৷ সোপাধৰাৰ উৰাবাতৰিয়ে পেলোৱা নেতিবাচক প্ৰভাৱে প্ৰাণ ল’লে বহুজনৰ ৷ এনে সময়তে মঙলবাৰে শিৱসাগৰৰ আমগুৰিত এনে ধৰণৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় (Awareness programme at Amguri)৷

আমগুৰি, ১৩ চেপ্টেম্বৰ: ৰাজ্যত সোপাধৰাৰ সন্দেহত কেইবাজনো লোকে মৃত্যুক সাৱটি লোৱা সময়তে মঙলবাৰে শিৱসাগৰৰ টেলিয়াডোঙাত এখন সজাগতা সভা অনুষ্ঠিত হয় (Awareness programme at Amguri)।

উল্লেখ্য যে যোৱা ৩০ আগষ্টত সোপাধৰাৰ সন্দেহত গৌৰীসাগৰৰ টেলিয়াডোঙাত সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ (Mob lynching at Gaurisagar)৷ সোপাধৰাৰ সন্দেহত এজন লোক গণপ্ৰহাৰৰ বলি হোৱা লগতে গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ কেইবাজনো আৰক্ষী লোক আহত হৈছিল (Police office injured at Gaurisagar)৷

আমগুৰিত সোপাধৰাৰ প্ৰসংগত সজাগতা সভা

এই ঘটনাৰ পাছতেই মঙলবাৰে টেলিয়াডোঙা গাঁওৰক্ষী বাহিনী, মহিলা সমিতিৰ যৌথ উদ্যোগ আৰু টেলিয়াডোঙা মিলনজ্যোতি সংঘৰ সহযোগত অনুষ্ঠিত হয় সজাগতা সভা ৷ সোপাধৰা এক উৰাবাতৰি আৰু এই উৰাবতৰি সামাজিক মাধ্যমত বিয়পাৰ ফলত একাংশ লোক শংকিত হৈ উঠে ৷ এই লৈ আৰক্ষীয়ে ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায় ।

সজাগতা সভাখনত শিৱসাগৰ জিলা উপ-আৰক্ষী অধীক্ষক ডেইজী গগৈ, আমগুৰি আৰক্ষী থানাৰ(Amguri Police station) পৰিদৰ্শক নাৰায়ণ বড়ো, গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰ, টি এম পি কেৰ উপ-সভাপতি পঞ্চানন বড়িসহ বহুসংখ্যক সচেতন লোক উপস্থিত থাকে ।

লগতে পঢ়ক: দুলীয়াজান মহাবিদ্যালয়ৰ চকীদাৰ লম্বোধৰ গগৈৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.