ETV Bharat / state

আমগুৰিত শ্বহীদৰ আত্মাৰ সদগতিৰে ৰাজহুৱা প্ৰাৰ্থনা

author img

By

Published : Jul 28, 2021, 10:34 PM IST

অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তই গুলীচালনাত 6 জনকৈ আৰক্ষীৰ জোৱান নিহত হয় ৷ এই ঘটনাক ৰাজ্যৰ বিভিন্ন দল সংগঠনে ধিক্কাৰ দিয়াৰ লগতে ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ লগতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ৷

assam-mizoram-border-conflict
আমগুৰিত শ্বহীদৰ আত্মাৰ সদগতিৰে ৰাজহুৱা প্ৰাৰ্থনা

আমগুৰি, ২৮ জুলাই : অসম-মিজোৰাম সীমান্তত সীমা বিবাদক কেন্দ্ৰ কৰি মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ গুলীত নিহত হোৱা অসম আৰক্ষীৰ বীৰ শ্বহীদলৈ শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত চামগুৰিত বুধবাৰে শ্বহীদৰ আত্মাৰ সদগতি কামনা আৰু সন্মানাৰ্থে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । যুৱ সমাজকৰ্মী পল্লৱজ্যোতি গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত ছয়গছি বন্তি প্ৰজ্বলন কৰা হয় । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নাৰায়ণ বড়ো, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বুদ্ধেশ্বৰ শেনচোৱা, শিক্ষক তথা সমাজকৰ্মী আব্দুল জাব্বাৰ, সমাজকৰ্মী মুইদ আলী, মহম্মদ দুলু হাজৰিকাৰ লগতে বহুকেইজন স্থানীয় যুৱক উপস্থিত থাকে ।

assam-mizoram-border-conflict
আমগুৰিত শ্বহীদৰ আত্মাৰ সদগতিৰে ৰাজহুৱা প্ৰাৰ্থনা

লগতে পঢ়ক : অনিয়ন্ত্ৰণত অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি: মিজোৰ গুলীত নিহত 6 অসম আৰক্ষীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.