ETV Bharat / state

চৰহা পোকে চলাইছে চাফাই : আমগুৰিত কৃষকৰ হাহাকাৰ

author img

By

Published : Aug 1, 2019, 8:07 AM IST

শিৱসাগৰ আমগুৰিত আকৌ আন এক প্ৰলয়ে দেখা দিছে কৃষকৰ মাজত ৷ সমগ্ৰ জিলা খনতেই চৰহা পোকে বিঘাই-বিঘাই সঁজাল ধৰা ধাননি পথাৰ খাই তহিলং কৰিছে ৷

কীটনাশক ঔষধ মজুত নাই, হাহাকাৰ কৃষকৰ

শিৱসাগৰ, 1 আগষ্টঃ শিৱসাগৰ আমগুৰিত কৃষকৰ হাহাকাৰ পৰিস্থিতি ৷ চৰহা পোকে সঁজাল ধান খাই তহিলং কৰিলে 50 বিঘাৰো অধিক কৃষি ভূমি ৷

ৰাজ্যত প্ৰলয়ংকাৰী বানত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ শিৱসাগৰ আমগুৰিত আকৌ আন এক প্ৰলয়ে দেখা দিছে কৃষক সকলৰ মাজত ৷ সমগ্ৰ জিলা খনতেই চৰহা পোকে বিঘাই-বিঘাই সঁজাল ধৰা ধাননি পথাৰ খাই তহিলং কৰিছে ৷ কৃষক সকলে প্ৰতিৰোধৰ বাবে চেষ্টা কৰিছে যদিও নিয়ন্ত্ৰণ কৰিব পৰা নাই চৰহা পোক ৷ জিলা কৃষি বিভাগত কৃষক সকলে এই সমস্যা অৱগত কৰে যদিও কৃষি বিষয়াই কোনো ধৰণৰ ঔষধ মজুত নাই বুলি কোৱাত ক্ষুব্ধ হৈ পৰে কৃষক সকল ৷ অতি শীঘ্ৰে চৰহা পোকৰ নিয়ন্ত্ৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে কৃষক সকলে ৷

কীটনাশক ঔষধ মজুত নাই, হাহাকাৰ কৃষকৰ
Intro:Body:Insect damage Croplands at Amguri
Samiran Duarah
1/8/2019

আমগুৰি, ১ আগষ্ট:

আমগুৰিত কৃষকৰ হাহাকাৰ

সজাল ধৰা কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ

ক্ষতিগ্ৰস্থ হৈছে ৫০ বিঘাৰো অধিক কৃষিভূমি

দিকচু মাউৎ পথাৰ আৰু খেমদৈ পথাৰৰ কৃষিভূমিত চৰহা পোকৰ আক্ৰমণত ক্ষতিগ্ৰস্থ হৈছে ২০ জনৰো অধিক কৃষক

ইতিমধ্যে আমগুৰি মহকুমা কৃষি বিভাগৰ কৃষি বিষয়াসকলে ক্ষতিগ্ৰস্থ কৃষকৰ বুজ লৈছে যদিও বিভাগীয়ফালৰ পৰা কীটনাশক ঔষধ যোগান ধৰা নাই।

বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি কৃষি কাৰ্যালয়ত কীটনাশক ঔষধ মজুত নথকাৰ লগতে কৃষকসকলে ঔষধ নিজে ক্ৰয় কৰি আনিব লাগিব।

উল্লেখ্য যে প্ৰতিবছৰে দিকচু মাউৎ পথাৰ আৰু খেমদৈ পথাৰৰ কৃষিভূমিত চৰহা পোকৰ আক্ৰমণত বহু কৃষক ক্ষতিগ্ৰস্থ হৈ আহিছে। এই বছৰো পুনৰ চৰহা পোকে আক্ৰমণ কৰাত কৃষকসকল চিন্তিত হৈ উঠিছে।

আনহাতে কৃষি বিষয়া সকলে জানিবলৈ দিয়া অনুসৰি এইবাৰ কৃষকে নিজে ঔষধ কিনি স্প্ৰে কৰিব লাগিব। এইক্ষেত্ৰত কৃষকে ঔষধ কিনা ৰচিদ বিভাগটোক জমা দিলে মুঠ টকাৰ ৫০ শতাংশ চাবচিদি লাভ কৰিব। এনে ব্যৱস্থাই কৃষকক কিমান উপকৃত কৰিব সেইয়া সময়তহে লক্ষণীয় হব।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.