ETV Bharat / state

ৰম্যভূমি দিচাংমুখত চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা

author img

By

Published : Oct 16, 2019, 3:51 PM IST

দিচাংমুখ

দিচাংমুখৰ গৰাখহনীয়া এক দীৰ্ঘদিনীয়া সমস্যা ৷ ১৯৯৮ চনৰ পৰা অব্যাহত থকা এই সমস্যাৰ সমাধান বিচাৰি হতাশ হৈ পৰিছে জনসাধাৰণ। বিগত কিছু বছৰত গৰাখহনীয়া হোৱা নাছিল যদিও এইবাৰ ৰম্যভূমি দিচাংমুখত তীব্ৰ ৰূপ ধাৰণ কৰিছে সমস্যাটোৱে। বিগত প্ৰায় দুটা মাহৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই এই অঞ্চলৰ বহু কিলোমিটাৰ উতুৱাই নিয়া বুলি গাওঁবাসীয়ে জানিবলৈ দিয়ে।

শিৱসাগৰ, 16 অক্টোবৰ: প্ৰৱল গৰাখহনীয়াৰ কৱলত পৰিছে শিৱসাগৰৰ দিচাংমুখবাসী ৷ প্ৰকৃতিৰ ৰম্যভূমি দিচাংমুখত কাল ৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে বিনিদ্ৰ ৰজনী যাপন কৰিছে অঞ্চলটোৰ জনসাধাৰণে ৷ দিচাংমুখৰ অফলা, মামল গড়ভগা, চৰাইপাৰা আদি গাঁও সমূহৰ বহু ঘৰ দুৱাৰ, কৃষিভূমি এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত ৷

দিচাংমুখৰ গৰাখহনীয়া এক দীৰ্ঘদিনীয়া সমস্যা ৷ ১৯৯৮ চনৰ পৰা অব্যাহত থকা এই সমস্যাৰ সমাধান বিচাৰি হতাশ হৈ পৰিছে জনসাধাৰণ। বিগত প্ৰায় দুটা মাহৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই অঞ্চলটোৰ বহু অঞ্চল উটুৱাই নিয়ে ৷

চপৰা চপৰে খহিছে লুইতৰ গৰা

পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে খহনীয়াৰ পৰা সকাহ পাবলৈ বাৰীৰ গছ কাটি , ঘৰ ভাঙি নিৰাপদ দূৰত্বত অৱস্থান কৰিছে ৰাইজে । ইতিমধ্যে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে এমাহৰ আগত গৰাখহনীয়া পৰিদৰ্শন কৰি ৰাইজক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও সকলো ফুটুকাৰ ফেনলৈ পৰিণত হৈছে। এনেদৰে এতিয়া জীৱন-মৰণৰ সংকটৰ মাজত দিনপাৰ কৰিবলগীয়া হৈছে দিচাংমুখবাসীয়ে ৷

Intro:Body:*চপৰা চপৰে খহিছে লুইতৰ গৰা-কাণসাৰ নাই চৰকাৰৰ-ঘৰ ভাঙি নিৰাপদ দূৰলৈ স্থানান্তৰিত গঁঞা*

Story-EROSION_DISANGMUKH
Ananta Smith
Sivasagar
16th October

চৰকাৰী প্ৰশাসন যন্ত্ৰ, জল সম্পদ বিভাগ আদিক বুঢ়া আঙুলি দেখুৱাই ব্ৰহ্মপুত্ৰ নদীৰ গৰা খহনীয়া অব্যাহত আছে।এনে প্ৰৱল গৰা খহনীয়াৰ কৱলত পৰিছে শিৱসাগৰৰ দিচাংমুখ | প্ৰকৃতিৰ ৰম্যভূমি দিচাংমুখৰ এক বৃহত অঞ্চলৰ জনসাধাৰণে কাল ৰূপ ধৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবেই বিনিদ্ৰ ৰজনী যাপন কৰিব লগা হৈছে | দিচাংমুখৰ অফলা, মামল গড়ভগা, চৰাইপাৰা আদি বৃহত বৃহত গাওঁ সমূহৰ বহু ঘৰ দুৱাৰ, কৃষিভূমি এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত |


দিচাংমুখৰ গৰা খহনীয়া এক দীৰ্ঘদিনীয়া সমস্যা | ১৯৯৮ চনৰ পৰা অব্যাহত থকা এই সমস্যাৰ সমাধান বিচাৰি হতাশ হৈ পৰিছে জনসাধাৰণ।বিগত কিছু বছৰত গৰা খহনীয়া হোৱা নাছিল যদিও এইবাৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে সমস্যাটোৱে।বিগত প্ৰায় দুটা মাহৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল খহনীয়াই এই অঞ্চলৰ বহু কিলোমিটাৰ মাটি খহাই নিছে।গঁঞাৰ ঘৰ-বাৰী উছন হব ধৰিছে।পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে ৰাইজে খহনীয়াৰ পৰা সকাহ পাবলৈ বাৰীৰ গছ কাটি,ঘৰ ভাঙি নিৰাপদ দূৰত্বত অৱস্থান কৰিছে।

Bite1-স্থানীয় মহিলা/পুৰুষ

ইতিমধ্যে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে এমাহৰ আগত গৰা খহনীয়া পৰিদৰ্শন কৰি ৰাইজক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছে যদিও সকলো পৰিণত হৈছে ফুটুকাৰ ফেনত পৰিণত হল।এমাহ পাৰ হৈ যোৱাৰ পাছতো জল সম্পদ মন্ত্ৰীৰ দম্ভালি ধুলিসাৎ কৰি জল সম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

বাইট :ৰজনী পাংগিঙConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.