ETV Bharat / state

Historical asset recovered : নলা খান্দোতে উদ্ধাৰ ৰজাদিনীয়া সম্পদ

author img

By

Published : Nov 26, 2021, 10:46 PM IST

Updated : Nov 27, 2021, 7:58 AM IST

Historical estate recovered
ডিমৌত উদ্ধাৰ ৰজাদিনীয়া সামগ্ৰী

আহোম যুগৰ বহু সম্পদ(Historical asset of Ahom Era) আদিও বিজড়িত হৈ আছে অসমৰ ভিন্ন প্ৰান্তত ৷ বিভিন্ন সময়ত উদ্ধাৰ হৈছে আহোমৰ ছশ বছৰীয়া শাসনৰ বহু সম্পদ ৷ এইবাৰ আহোম ৰাজত্বৰ দ্বিতীয় ৰাজধানী ঐতিহাসিক চৰগুৱা গোহাঁইগাঁৱত উদ্ধাৰ বহু পৰিমাণৰ ৰজাদিনীয়া সামগ্ৰী ৷

শিৱসাগৰ, 26 নৱেম্বৰ : অসমীয়া জাতিৰ আছে নিজস্ব স্বাভিমান আৰু ইতিহাস (Assam History) ৷ আজিও অসম চুকে-কোণে বিজৰিত হৈ আছে আহোমৰ ছশ বছৰীয়া শাসনৰ বহু স্মৃতি ৷ ৰাজ্যৰ ভিন্ন ঠাইত আজিও আছে পূৰ্বপুৰুষৰ বহু স্মৃতি তথা সম্পদ ৷ যি সমূহ আমাৰ বাবে অতি অমূল্য সম্পদ ৷ যাক লৈ আমি গৌৰৱ কৰো ৷

আহোম যুগৰ বহু সমল সময়ে সময়ে বিভিন্ন খনন কাৰ্যত উদ্ধাৰ হৈ আহিছে ৷ এইবাৰ আহোম ৰাজত্বৰ দ্বিতীয় ৰাজধানী ঐতিহাসিক চৰগুৱা গোহাঁই গাঁৱত উদ্ধাৰ আহোম যুগৰ বহু আপুৰুগীয়া সম্পদ ৷ শুকুৰবাৰে গোহাঁইগাঁৱত উদ্ধাৰ হৈছে বহু পৰিমাণৰ ৰজাদিনীয়া কাঁহৰ কাঁহী, বাতি, লোটা ইত্যাদি (Historical asset of Ahom Era) ৷

a
a

ডিমৌ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, চৰগুৱা গোহাঁইগাঁৱত এটা নলাত জৱকাৰ্ডৰ কাম কৰি আছিল কেইগৰাকীমান শ্ৰমিকে ৷ জৱকাৰ্ডৰ কাম কৰি থকাৰ মাজতেই শ্ৰমিককেইগৰাকীয়ে খান্দি থকা এটা নলাৰ পৰা উদ্ধাৰ কৰে বহু আপুৰুগীয়া সম্পদ ৷ উদ্ধাৰ হোৱা সম্পদসমূহৰ ভিতৰত আছে হাতীখুজিয়া বাতি, বিভিন্ন চিহ্ন সম্বলিত কাঁহৰ কাঁহী, লোটা আদি ৷ ৰাইজৰ অভিযোগ, আৰু বহু সম্পদেই উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে এই অঞ্চলসমূহত ।

প্ৰথম অৱস্থাত উদ্ধাৰ হোৱা সম্পদ সমূহ শ্ৰমিক কেইগৰাকীয়ে ঘৰলৈ লৈ গৈছিল যদিও ডিমৌ ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত প্ৰশাসনৰ ওচৰত শ্ৰমিককেইগৰাকীয়ে চমজাই দিয়ে সামগ্ৰীখিনি । উল্লেখ্য যে, আহোম ৰজা চুদাংফা ওৰফে বামুণী কোঁৱৰে ১৩৯৭ খ্ৰীষ্টাব্দৰ পৰা ১৪০৭ খ্ৰীষ্টাব্দলৈকে ডিমৌ ৰাজহ চক্ৰ অন্তৰ্গত চৰগুৱাত আহোমৰ দ্বিতীয় ৰাজধানী স্থাপন কৰিছিল ৷ আহোম ৰজা চুদাংফা (Ahom King Sudangha)ৰ বহু স্মৃতি আজিও বিৰাজমান এই সমূহ অঞ্চলত ৷

ডিমৌত উদ্ধাৰ ৰজাদিনীয়া সামগ্ৰী

বহু দিনৰ পৰাই স্থানীয় সচেতন ৰাইজ তথা বিভিন্ন দল-সংগঠনে ঐতিহাসিক চৰগুৱা সংৰক্ষণ (Historic Place Charguwa Conservation)ৰ দাবী জনাই আহিছে ৷ কিন্তু আজিকোপতি পুৰাতত্ত্ব বিভাগ অথবা জিলা প্ৰশাসনে এই বিষয়ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ শুকুৰবাৰে উদ্ধাৰ হোৱা ইতিহাস বিজড়িত এই সম্পদ সমূহে পুনৰ চৰগুৱাত যে বহু বুৰঞ্জী লুকাই আছে সেই কথা প্ৰতিপন্ন কৰিলে । ইয়াৰ পাচত জিলা প্ৰশাসন তথা পুৰাতত্ত্ব বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : নাঙলৰ সীৰলুত উদ্ধাৰ কাঁহৰ বাতি....তাৰপিছত ?

Last Updated :Nov 27, 2021, 7:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.