ETV Bharat / state

নাগালেণ্ডৰ কন্যাকসকলৰ আওলেং উৎসৱ উদযাপন

author img

By

Published : Apr 6, 2021, 7:37 PM IST

নগালেণ্ডৰ কন্যাক সকলৰ আওলেং উৎসৱ উদযাপন
নগালেণ্ডৰ কন্যাক সকলৰ আওলেং উৎসৱ উদযাপন

নাগালেণ্ডৰ মন জিলাৰ কন্যাক জনগোষ্ঠীৰ লোকসকলে ৰাজহুৱাভাৱে উদযাপন কৰে আওলিং উৎসৱ । সাধাৰণতে ঝুম খেতি আৰম্ভ কৰাৰ প্ৰাকমুহুৰ্তত এই উৎসৱ পালন কৰা হয় ।

শিৱসাগৰ,6 এপ্ৰিল: মঙলবাৰে অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাৰ কন্যাক জনগোষ্ঠীৰ লোকসকলে ৰাজহুৱাকৈ উদযাপন কৰে আওলিং উৎসৱ । সাধাৰণতে ঝুম খেতি আৰম্ভ কৰাৰ প্ৰাকমুহুৰ্তত এই উৎসৱ পালন কৰা হয় । আওলিং উৎসৱৰ জৰিয়তে বসন্তৰ আগমনক উদযাপন কৰাৰ লগতে কৃষি, শস্য সম্ভৱা হোৱাৰ বাবে প্ৰাৰ্থনা কৰা হয় । এই উৎসৱৰ মাধ্যমেৰে কন্যাকসকলে তেওঁলোকৰ পৰিয়ালৰ লগত মিলিত হয় ।

নগালেণ্ডৰ কন্যাক সকলৰ আওলেং উৎসৱ উদযাপন

বিয়া দিয়া ছোৱালীক এই উৎসৱ উপলক্ষে নিমন্ত্ৰণ কৰি সকলোৱে একগোট হৈ আনন্দ কৰে । ছদিনীয়া উৎসৱ শেষ হ’লে পৰিয়ালৰ লোকসকলক বিভিন্ন উপহাৰ দি বিদায় জনাই আগন্তুক বছৰৰ উৎসৱৰ বাবে আকৌ একেলগ হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় ।

উল্লেখ্য যে, আওলিং উৎসৱ কন্যাক জনগোষ্ঠীৰ লোকসকলৰ প্ৰধান উৎসৱ । প্ৰতিবছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত উদযাপন কৰা হয় আওলিং । চলিত বছৰটো মন জিলাৰ টিজিতত অনুষ্ঠিত হয় আওলিং উৎসৱ । ৰং-বিৰঙী সাজপাৰ পৰিধান কৰি নৃত্য-গীতৰ জৰিয়তে উদযাপন কৰে আওলিং উৎসৱ ।

নগালেণ্ডৰ কন্যাক সকলৰ আওলেং উৎসৱ উদযাপন
নগালেণ্ডৰ কন্যাক সকলৰ আওলেং উৎসৱ উদযাপন

এই উৎসৱৰ আন এক আকৰ্ষণ হ'ল বন্দুকৰ গুলীবৰ্ষণ । কন্যাক নগাসকল পৰম্পৰাগত মূৰ চিকাৰ (Head Hunter)ৰ বাবেই যিহেতু প্ৰখ্যাত সেয়েহে প্ৰতীকী অৰ্থত বন্দুক ফুটোৱা হয় বুলি জানিব পৰা যায় ৷

লগতে পঢ়ক: কোন দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিব এই নিৰ্বাচনত ? এক বিশ্লেষণ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.