ETV Bharat / state

শিৱসাগৰত আজিৰ পৰা অনুষ্ঠিত সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 2:18 PM IST

Foundation Day of Sahitya Sabha held in Sivasagar
শিৱসাগৰত আজিৰ পৰা অনুষ্ঠিত সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস

বুধবাৰৰ পৰা শিৱসাগৰত( Sivasagar) অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস(Asam Sahitya Sabha Foundation Day)৷ দুদিনীয়াকৈ আজিৰে পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ প্ৰথম কাৰ্যসূচী হিচাপে সভাৰ পতাকাসহ 107 খন পতাকা উত্তোলন কৰা হয় ৷

শিৱসাগৰত আজিৰ পৰা অনুষ্ঠিত সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস

শিৱসাগৰ, 27 ডিচেম্বৰ : অসম সাহিত্য সভাৰ গৌৰৱজ্জ্বল ইতিহাসক স্মৰণ কৰাৰ প্ৰয়াসেৰে বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে ৷ আজিৰে পৰা আৰম্ভ হোৱা অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কৰ্যসূচী হিচাপে সভাৰ পতাকাসহ 107 খন পতাকা উত্তোলন কৰা হয় ৷

আনহাতে, সভাৰ মূল পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ডঃ নিৰুপমা মহন্তই ৷ সমান্তৰালভাৱে অন্যান্য পতাকাসমূহ জিলাখনৰ একাংশ বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে ৷ ইয়াৰ পাছতে অনুষ্ঠিত হয় স্মৃতি তৰ্পণ অনুষ্ঠানৰ ৷ এই অনুষ্ঠান মুকলি কৰে শিক্ষা বিষয়া দেৱজ্যোতি গগৈ, কমল জ্যোতি গগৈ আৰু শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জু চেতিয়াই ৷

সমূহীয়া বন্তি প্ৰজ্জ্বলনেৰে আজি সন্ধিয়া প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্তি ঘটিব ৷ ইফালে বৃহস্পতিবাৰে হ’ব লগীয়া দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যপাল গুলাপ চান্দ কাটাৰীয়া ৷ দিনৰ 11 বজাত শিৱসাগৰৰ 5,000 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জাতীয় সংগীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিছে আয়োজক কমিটিয়ে ৷

উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি ডঃ সূর্যকান্ত হাজৰিকা, বিশিষ্ট সাহিত্যিক ডঃ নাহেন্দ্ৰ পাদুন, বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক ডঃ অনিল শ‍ইকীয়া, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে বিশিষ্ট ব্যক্তিসকল ৷

এই সন্দৰ্ভত বিশিষ্ট শিক্ষাবিদ ডঃ নাহেন্দ্ৰ পাদুনে কয়, ‘‘ অসম সাহিত্য সভা বুলি ক’লে অসমৰ এনে এক মাত্ৰ অনুষ্ঠান, যিটো জাতি-বৰ্ণ নিৰ্বিশেষে আস্থাৰ অনুষ্ঠান হিচাপে গ্ৰহণ কৰে ৷’’

লগতে পঢ়ক : জাঁজীত সদৌ অসম ভিত্তিক শিশু ভাওনা প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.