ETV Bharat / state

World Suicide Prevention Day: CRPF বেটেলিয়ন কেম্পত মানসিক ৰোগ প্ৰতিৰোধী সভা

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 2:58 PM IST

World Suicide Prevention Day in Nalbari 136 CRPF battalion
আত্মহত্যা প্ৰতিৰোধ সম্পৰ্কীয় সজাগতামূলক সভা

136 নং বেটেলিয়নত আত্মহত্যা প্ৰতিৰোধ সম্পৰ্কীয় সজাগতামূলক সভা অনুষ্ঠিত । অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিশেষজ্ঞ তথা সহযোগী অধ্যাপক ডাঃ মৈত্ৰী হাজৰিকা আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সীমান্ত তালুকদাৰ ।

CRPF বেটেলিয়ন কেম্পত মানসিক ৰোগ প্ৰতিৰোধী সভা

নলবাৰী, 18 অক্টোবৰ: বিশ্ব আত্মহত্যা দিৱসৰ সৈতে সংগতি ৰাখি মংগলবাৰে নলবাৰীৰ সৰিয়হতলীস্থ CRPF ৰ 136 নং বেটেলিয়ান চৌহদত এখন আত্মহত্যা ৰোধ সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । উল্লেখ্য যে, যোৱা 10 অক্টোবৰত সমগ্ৰ বিশ্বত আত্মহত্যা ৰোধ দিৱস পালন কৰাৰ লগতে মাহজোৰা আত্মহত্যা প্ৰতিৰোধৰ উদ্দেশ্যে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বিভিন্ন অনুষ্ঠানে । দেশৰ নিৰাপত্তাৰ দ্বায়িত্বত নিয়োজিত বিষয়া-জোৱানসকলে কৰ্তব্যৰ খাতিৰত পৰিয়ালৰ পৰা আঁতৰি থকা সময়ত নিজক কেনেধৰণে মানসিক ভাৰসাম্য সবল কৰি ৰাখিব পাৰে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ বিশেষজ্ঞ সহযোগী অধ্যাপক ডাঃ সীমান্ত তালুকদাৰৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডাঃ মৈত্ৰী হাজৰিকাই ।

এই সজাগতামূলক সভাখনতেই এখন চুটি ছবিৰ দ্বাৰাও উপস্থিত বিষয়া-জোৱানৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ যত্ন কৰা হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডাঃ মৈত্ৰী হাজৰিকা প্ৰযোজিত ছবিখনে শেহতীয়াকৈ বঁটা পাবলৈও সক্ষম হৈছে । এই চুটি ছবিখনৰ নাম আন ৰিল । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডাঃ মৈত্ৰী হাজৰিকাই সজাগতা অনুষ্ঠানটোত মানসিক হেঁচা, অৱসাদৰ পৰা মুক্তি পাবলৈ কিছু বিশেষ টিপছো জোৱানসকলৰ আগত প্ৰকাশ কৰে ৷

মংগলবাৰে অনুষ্ঠিত এই মানসিক ৰোগ সম্পৰ্কীয় সজাগতামূলক সভাখনত 136 নং চি আৰ পি এফ বেটেলিয়নৰ মুখ্য চিকিৎসা বিষয়া অসম জীয়াৰী কামাণ্ডেত চি ও (C O) ডক্টৰ স্নিগ্ধা চেতিয়াৰ লগতে বেটেলিয়ানটোৰ ছেকেণ্ড ইন কামাণ্ড কৰিয়াকোচ কে ভি সহ বিষয়া-জোৱানসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Assam CM slams Rahul Gandhi: ৰাহুল গান্ধীয়েই হ’ল বংশ ৰাজনীতিৰ মূল প্ৰতীক; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.