ETV Bharat / state

যমজ ভাতৃ নিতুমণি-নিকুমণিৰ সলিল সমাধি

author img

By

Published : Oct 31, 2021, 4:36 PM IST

নলবাৰীৰ বাঁহজানীত সংঘটিত হ’ল শোকাৱহ ঘটনা ৷ দুটাকৈ যমজ শিশুৰ সলিল সমাধি ৷

twin-brfothers-of-nalbari-dies-underwater
যমজ ভাতৃ নিতুমণি আৰু নিকুমণিৰ সলিল সমাধি

নলবাৰী, 31 অক্টোবৰ : নলবাৰীৰ বাঁহজানীৰ দুলাল ডেকাৰ দুই পুত্ৰ নিতুমণি আৰু নিকুমণি ৷ শিশু দুটা আনতকৈ পৃথক আছিল কিয়নো দুয়ো আছিল দুলাল ডেকাৰ যমজ সন্তান ৷ বৰ আদৰেৰে ডেকাই ডাঙৰ কৰিছিল দুয়োকে ৷ সততে একেলগেই ঘুৰি ফুৰে নিতুমণি আৰু নিকুমণি ৷ হঠাৎ, শনিবাৰে দুপৰীয়াৰ পৰা সন্ধানহীন হৈ পৰিল শিশুদুটি ৷ প্ৰথমে পৰিয়ালে নিজা-ববীয়া কৈ আৰম্ভ কৰিলে বিচাৰ-খোচাৰ ৷

যমজ ভাতৃ নিতুমণি আৰু নিকুমণিৰ সলিল সমাধি

ইয়াৰ পিছত ওচৰ চুবুৰীয়ায়ো যমজ শিশু দুটাৰ সন্ধানত গোটেই গাঁও বিচাৰি চলাথ কৰে ৷ পিছে, ক’তোৱেই নোলাল শিশু দুটাৰ সন্ধান ৷ ৰাইজে মাইক বজাই প্ৰচাৰ কৰিলে শিশু দুটা সন্ধানহীন হোৱাৰ খবৰ ৷ উপস্থিত হ’ল পুলিচ প্ৰশাসনো ৷ এইদৰেই শনিবাৰৰ ৰাতিলৈকে সন্ধান নোলাল শিশু দুটাৰ ৷ অৱশেষত, দেওবাৰে ৰাতিপুৱা ৰাইজৰ মাজৰে কোনবাই এটা পুখুৰীৰ পাৰত এটি শিশুৰ মৃতদেহ পৰিলক্ষিত কৰে ৷

খন্তেক পিছতেই গোটেই অঞ্চলবাসী ৰাইজ উপস্থিত হ’ল ঘটনাস্থলীত ৷ খবৰ দিয়া হ’ল SDRF বাহিনীকো ৷ সন্ধানহীন হৈ থকা দুয়োটা শিশুৰ মৃতদেহ পৰৱৰ্তী সময়ত পুখুৰীৰ পৰা উদ্ধাৰ কৰে SDRF বাহিনীয়ে ৷ সম্প্ৰতি,এই হৃদয়বিদাৰক ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : 37 সংখ্যক মৃত্যুতিথিত ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নাতি ৰাহুলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.