ETV Bharat / state

মধুৰীআম চিঙি খোৱাটোৱেই অপৰাধঃ শিক্ষয়ত্ৰীৰ প্ৰাহাৰত আহত ছাত্ৰী

author img

By

Published : Jun 19, 2019, 8:39 PM IST

মধুৰীআম খোৱাৰ বাবেই ছাত্ৰীক কঠোৰ শাস্তি

নলবাৰী জিলাৰ বৰক্ষেত্ৰীস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক সামান্য কথাতে বেয়াকৈ মাৰধৰ কৰে এগৰাকী শিক্ষয়িত্ৰীয়ে ৷ বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক হাত-ভৰি কোবাই আঘাতপ্ৰাপ্ত কৰে নিলিমা বেগম নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে ৷

নলবাৰী, 19 জুনঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কালদিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সংঘটিত ভয়ংকৰ ঘটনা ৷ বিদ্যালয়খনৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক সামান্য অপৰাধতে বেয়াকৈ প্ৰহাৰ কৰি হাত-ভৰি আঘাতপ্ৰাপ্ত কৰে এগৰাকী শিক্ষয়িত্ৰী তথা হোষ্টেলৰ ৱাৰ্ডেনে ৷

ছাত্ৰীগৰাকীয়ে হোষ্টেলৰ চৌহদত থকা বাগিছাৰ পৰা মধুৰীআম চিঙি খোৱাৰ বাবেই এইদৰে প্ৰহাৰ কৰে অভিযুক্ত শিক্ষয়িত্ৰী নিলিমা বেগমে ৷ ইয়াৰ উপৰিও শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে আছে আন বহু গুৰুতৰ অভিযোগ ৷ ছাত্ৰীগৰাকীৰ অভিভাৱকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, বহুদিন ধৰি ছাত্ৰীগৰাকীক প্ৰহাৰ কৰি আহিছিল নিলিমা বেগমে ৷ ইমানেই নহয়, নিলিমা বেগমে নিজৰ ব্যক্তিগত কাম-কাজ কৰিবলৈয়ো বাধ্য কৰাইছিল হোষ্টেলত থকা ছাত্ৰীসকলক ৷

মধুৰীআম খোৱাৰ বাবেই ছাত্ৰীক কঠোৰ শাস্তি

ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ অভিভাৱকে মুকালমুৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ প্ৰশ্ন হয় কোটি-কোটি টকা খৰচ কৰি চৰকাৰে চলাই থকা এইসমূহ বালিকা বিদ্যালয়ত একাংশ দুষ্ট আৰু নীচ শিক্ষয়িত্ৰীৰ এনেকুৱা কাণ্ড কিমানদিনলৈ সহি থাকিব কণ-কণ ছাত্ৰীসকলে ৷ এই বিষয়ত শিক্ষা বিভাগৰ লগতে শিক্ষামন্ত্ৰী হস্তক্ষেপ কামনা কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে ৷

Slug=Student Punish By Teacher...19Jun...
Story FTP






#বৰক্ষেত্ৰীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত ভয়ংকৰ কাণ্ড#
#বিদ্যালয়ৰ মধুৰিআম চিঙি খোৱাৰ অপৰাধত ছাত্ৰীক ভয়ংকৰ নিৰ্যাতন#


V.O=নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কালদিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ বিদ্যালয়খনৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়খনৰ মুৰব্বী নিলিমা বেগমে উপৰিপুৰ্যভাৱে প্ৰহাৰ কৰা ঘটনা পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ কেৱল ইমানে নহয় ছাত্ৰী গৰাকীয়ে ন্যায় বিচাৰি কাষ চাপিছে মুকালমুৱা আৰক্ষীৰ ৷ বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী চুনু মইনা বেগমে কিছুদিন পূৰ্বে বিদ্যালয়খনৰ চৌহদৰ ভিতৰত থকা এডাল মধুৰীআম গছৰ পৰা এটা মধুৰিআম চিঙি খোৱাৰ অপৰাধত বিদ্যালয়ৰখনৰ মুৰব্বী গৰাকীয়ে ছাত্ৰী গৰাকীক ভয়ংকৰ নিৰ্যাতন চলাই ৷ বিদ্যালয় খনৰ ছাত্ৰী গৰাকীক সহপাঠী ছাত্ৰী সকলে চুনু মইনা বেগমক কিদৰে নিৰ্যাতন চলাইছিল সেই কাহিনী কেমেৰাৰ সন্মুখত বিৱৰিব গৈ কেমেৰাৰ সন্মুখতে উচুপি উঠিল শ্ৰেণীটোৰ আটাইকেইগৰাকী ছাত্ৰীয়ে ৷ কেৱল চুনু মইনাকে নহয় বিদ্যালয়খনৰ ভালেকেইগৰাকী ছাত্ৰীক নিৰ্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে বিদ্যালয়খনৰ ছাত্ৰী সকলে ৷ প্ৰশ্ন হয় বিদ্যালয়ত শিক্ষা গ্ৰহন কৰাৰ উদ্দেশ্যৰে চৰকাৰী হোষ্টলত থাকি এনেদৰে বিদ্যালয়ৰ শিক্ষয়ত্ৰী সকলৰ নিৰ্যাতন ভুগি অহা ছাত্ৰী সকলৰ কেতিয়া সুৰক্ষিত হব জীৱন ৷ এই ঘটনা ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগে প্ৰত্যক্ষ কৰাৰ পিছত কি ব্যৱস্থা গ্ৰহন কৰে সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব৷





কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.