ETV Bharat / state

Robbery in Nalbar: নলবাৰীৰ কাপলাবড়ীত ডকাইতে লুটিলে ১১ লাখ টকা

author img

By

Published : Feb 1, 2023, 3:02 PM IST

নলবাৰীৰ কাপলাবড়ীত নিশা চাঞ্চল্যকৰ ডকাইতিকাণ্ড । ব্যৱসায়ীক আক্ৰমণ কৰি ডকাইতে লুটি নিলে ধন । বৰতলাত এটা ডকাইতক ৰাইজে আটক কৰি গতালে আৰক্ষীক (Robber arrested at Bortala)।

Robbery case at Nalbari
পলাবড়ীত নিশা চাঞ্চল্যকৰ ডকাইতি

কাপলাবড়ীত নিশা চাঞ্চল্যকৰ ডকাইতি

নলবাৰী, ১ফেব্ৰুৱাৰী: ৰাজ্য়ৰ বিভিন্ন ঠাইত সঘনাই ডকাইতিৰ ঘটনা সংঘটিত হৈ আহিছে । অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নলবাৰী আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও যেন অপৰাধমুক্ত নহয় জিলাখনৰ বিভিন্ন ঠাই ৷ আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ কাপলাবড়ীত মঙলবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Robbery case at Nalbari) ।

জিলাখনৰ মুকালমুৱা থানাৰ অন্তৰ্গত কাপলাবড়ীত মঙলবাৰে নিশা চাঞ্চল্যকৰ ডকাইতি ঘটনা সংঘটিত হয় (Sensational robbery in Mukalmua Kapalabadi)। এজন ব্যৱসায়ীৰ পৰা ডকাইতৰ দলে লুটিলে প্ৰায় ১১ লাখকৈ টকা । কাপলাবড়ী চ'ক বজাৰত দোকান বন্ধ কৰি থকা অৱস্থাত চাৰিচকীয়া বাহনত অহা ডকাইতৰ দল এটাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দুই ব্যৱসায়ী আমিৰ আলী প্ৰধানী আৰু পৰান আলীক। সেই সময়তে ব্যৱসায়ী আমিৰ আলী প্ৰধানীৰ লগত এটা বেগত নগদ ১১ লাখ টকা আছিল । ডকাইতৰ দলটোৱে এই বেগটো কাঢ়ি নিবলৈ চেষ্টা কৰে । আমিৰ আলী প্ৰধানীয়ে প্ৰথমতে ডকাইতৰ দলটোক এই কাৰ্যত বাধা প্ৰাদান কৰে । কিন্তু ডকাইতৰ দলটোৱে আমিৰ আলী প্ৰধানীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয় । সেই ছেগতেই ডকাইতৰ দলটোৱে আমিৰ আলী প্ৰধানীৰ লগত থকা টকাৰ বেগটো কাঢ়ি লৈ পলায়ন কৰে ।

ডকাইতি কৰি তীব্ৰ গতিত বাহন চলাই পলায়ন কৰোতে বৰতলাত ডকাইতৰ দলটোৰ চাৰিচকীয়া বাহন খনৰ চকা ফুটি যোৱাত বাহনখন তাতেই ৰখাবলগীয়া হয় । তেনে সময়তে বাহনখনৰ ওপৰত বৰতলাৰ একাংশ লোকৰ সন্দেহ ওপজে । তাৰ পিছত বৰতলাৰ স্থানীয়লোকে বাহন খনত থকা এটা ডকাইতসহ বাহনখন আবদ্ধ কৰে । অৱশ্য়ে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ডকাইতৰ দলটোৰ বাকী কেইটাই পলায়ন কৰিবলৈ সক্ষম হয় ।

স্থানীয়লোকে লগে লগে মুকালমুৱা আৰক্ষী থানাত খবৰ দিয়ে । ইয়াৰ পিছতেই ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ AS 01 DX 1418 নম্বৰৰ বাহনখন জব্দ কৰি ডকাইতটোক গ্ৰেপ্তাৰ কৰে (Robber arrested at Mukalmuwa)। ধৃত ডকাইতটোৰ নাম জয়দীপ মহন্ত বুলি জানিব পৰা গৈছে । সম্প্ৰতি মুকালমুৱা আৰক্ষীয়ে এই ঘটনাটো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । বাহনখনৰ ওচৰত বহুকেইখন নম্বৰপ্লেট পৰি থকা দেখিবলৈ পোৱা গৈছে । আনহাতে,ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই ব্যৱসায়ী আমিৰ আলী প্ৰধানী আৰু পৰাণ আলীক মুকালমুৱা চিকিয়সালয়ত ভৰ্তি কৰোৱা হৈছে । পৰৱৰ্তী সময়ত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক:Srimanta Sankardev Sangha conference: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও শাখাৰ 46 সংখ্যক অধিবেশনৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.