ETV Bharat / state

Srimanta Sankardev Sangha conference: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও শাখাৰ 46 সংখ্যক অধিবেশনৰ সামৰণি

author img

By

Published : Jan 31, 2023, 11:00 PM IST

মৰিগাঁৱত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 46 সংখ্যক মৰিগাঁও জিলা শাখাৰ অধিৱেশনৰ সামৰণি ৷ জাগীৰোডৰ কুমৈ নিজ তেতেলীয়াৰ প্ৰয়াত পদ্মেশ্বৰ সেনাপতি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছিল অধিৱেশনখন ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন
Srimanta Sankardev Sangha conference

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও শাখাৰ 46 সংখ্যক অধিবেশনৰ সামৰণি

মৰিগাঁও, 31 জানুৱাৰী: জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 46 সংখ্যক মৰিগাঁও জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ মঙলবাৰে সামৰণি পৰে (Srimanta Sankardev Sangha conference) ৷ অধিবেশনৰ শেষৰ দিনা ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত কৰা হয় । সহস্ৰাধিক ভকত-বৈষ্ণৱ, দেৱ বাদ্য খোল-তাল, দবা-নাগাৰা, মৃদংগৰ ছন্দত ছন্দিত হৈ পৰে মৰিগাঁও তেতেলীয়াৰ প্ৰয়াত পদ্মেশ্বৰ সেনাপতি সমন্বয় ক্ষেত্ৰ । জাউৰীয়ে জাউৰীয়ে ঘোষা-পদ আদিৰে মুখৰিত হৈ পৰে সমগ্র অঞ্চল ।

বিগত 29 জানুৱাৰীৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে জাগীৰোডৰ কুমৈ নিজ তেতেলীয়াৰ প্ৰয়াত পদ্মেশ্বৰ সেনাপতি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অধিৱেশনৰ আজি পুৱা নৱনিযুক্ত সভাপতি অতুল চন্দ্ৰ দাসে মূল পতাকা উত্তোলন কৰে । পতাকা উত্তোলন কৰি দিয়া ভাষণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি অতুল চন্দ্ৰ দাসে তিনিদিনীয়া আধিবেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি 46 সংখ্যক জিলা অধিবেশন সাফল্য মণ্ডিত কৰাৰ বাবে আদৰণি সমিতিৰ আৰু জিলা সমিতি, আঞ্চলিক সমিতিৰ সকলো ভকত বৈষ্ণৱৰ শলাগ লয় (Morigaon Srimanta Sankardev Sangha conference) ৷

আগন্তুক দিনত সকলোৱে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে মিনতি জনাই সভাপতিগৰাকীয়ে । ইয়াৰ পিচতে ভাগৱত শোভাযাত্ৰা মুকলি কৰে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই । ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰি দিয়া ভাষণত উপায়ুক্ত দেবাশীষ শৰ্মাই গুৰুজনাৰ আদৰ্শৰে তথা কৃষ্টি, সংস্কৃতি, সামাজিক, আধ্যাত্মিক চেতনাৰে উদ্ধুদ্ধ হৈ এখন সৰ্বাংগ সুন্দৰ অসমীয়া সমাজখন গঢ়াৰ বাবে সকলো অসমীয়াই জগত গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা উচিত বুলি মন্তব্য আগবঢ়ায় ।

উল্লেখ্য যে, বিগত দেওবাৰৰ পৰা বিভিন্ন ধৰণৰ বিশেষকৈ গুৰুজনাৰ সৃষ্টিৰাজিৰ পৰিবেশনৰে পদ্মেশ্বৰ সেনাপতি সমন্বয় ক্ষেত্ৰ জীপাল হৈ পৰে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 46 সংখ্যক মৰিগাঁও জিলা শাখাৰ বাৰ্ষিক অধিৱেশনস্থলীত দ্বিতীয় দিনা উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা ৷ অধিৱেশনস্থলী পৰিদৰ্শন কৰি আপ্লুত হৈ পৰিল প্ৰধান সম্পাদক বাবুল বৰা । এই অধিৱেশনত উন্মোচন হ'ল পাচঁখনকৈ গ্ৰন্থ ৷

দেওবাৰৰ পৰা আৰম্ভ হোৱা অধিবেশনখন প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত গছপুলি ৰোপনেৰে শুভাৰম্ভ হয় ৷ দিনৰ ১১ বজাত মনোজ কুমাৰ দেওৰজাৰ সঞ্চালনাত অনুষ্ঠিত হয় জিলা সাহিত্য শাখাৰ অধিৱেশন । সাহিত্য শাখাৰ প্ৰাক্তন সভাপতি নাৰায়ণ শইকীয়াই সভাখন উদ্বোধন কৰাৰ পাচতেই স্মৃতিগ্ৰন্থ 'কৌস্তভ মণি" উন্মোচন কৰে প্ৰাক্তন জিলা সভাপতি তথা সুসাহিত্যিক ডাঃ পুণিৰাম পাটৰে ।

উল্লেখ্য যে, এই সভাতেই জিলাৰ বাৰ্ষিক পত্ৰিকা "গুণনিধি", প্ৰয়াত জীৱকান্ত নাথ সোঁৱৰণী গ্ৰন্থ "জীৱপ্ৰজ্ঞা", প্ৰদীপ কুমাৰ বৰাৰ "প্ৰৱন্ধ সংকলন" আৰু ভৈৰৱ চন্দ্ৰ বৰুৱাৰ "পুৰাণৰ অমৃতময় কাহিনী" নামৰ আন চাৰিখন গ্ৰন্থও উন্মোচন কৰে । আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে সাৱলীল বক্তব্য ৰাখে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ জগত চন্দ্ৰ বৰুৱাই ৷

মৰিগাঁও জিলা সাহিত্য শাখাৰ জৰিয়তে ৰন্টুমণি শইকীয়াই ইতিমধ্যেই সম্পাদনা কৰি উলিওৱা 30 খনৰো অধিক গ্ৰন্থই সাহিত্য জগতলৈ অভুতপূৰ্ব অৱদান আগবঢ়াইছে আৰু আগবঢ়াই যাব বুলি বক্তব্য ৰাখে ড৹ বৰুৱাই । লগতে তিনিদিনীয়াকৈ আয়োজন কৰা বাৰ্ষিক অধিৱেশনৰ সমূহ কাৰ্যসূচীতে জাতি-বৰ্ণ ভেদে সমস্ত জিলাবাসীৰ উপস্থিতি কামনা কৰি সেৱা ধৰে জিলা সম্পাদক সুশীল চন্দ্ৰ বাংঠায়ে ।

লগতে পঢ়ক: Srimanta Sankardev sangha annual conference: ৬৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে সাজু যোৰহাটবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.