ETV Bharat / state

Constituency Delimitation 2023 : ড০ নগেন শইকীয়া আৰু বসন্ত ডেকাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে আছুৱে

author img

By

Published : Jul 22, 2023, 2:13 PM IST

বিশিষ্ট শিক্ষাবিদ ড০ নগেন শইকীয়া আৰু আছুৰ প্ৰাক্তন উপদেষ্টা বসন্ত ডেকাৰে আলোচনাত বহিব আছু নেতৃত্বই । সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৰ ক্ষেত্ৰত আছুৱে আগবঢ়োৱা প্ৰতিক্ৰিয়াৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শিক্ষাবিদ, সাহিত্যিক নগেন শইকীয়া আৰু বসন্ত ডেকাই ৷

AASU Reaction on Nagen Saikia and Basanta Dekas Comment
নলবাৰীত আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা

নলবাৰীত আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা

নলবাৰী, 22 জুলাই : সাহিত্যিক ড০ নগেন শইকীয়া আৰু আছুৰ প্ৰাক্তন উপদেষ্টা বসন্ত ডেকাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে আছুৱে । বিশিষ্ট শিক্ষাবিদ ড০ নগেন শইকীয়া আৰু আছুৰ প্ৰাক্তন উপদেষ্টা বসন্ত ডেকাৰে আলোচনাত বহিব আছু নেতৃত্বই । নলবাৰীত উপস্থিত হৈ এই মন্তব্য আগবঢ়ায় আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৰ ক্ষেত্ৰত আছুৰ স্থিতিক লৈ আছু নেতৃত্বক সমালোচনা কৰিছিল আছুৰ একালৰ উপদেষ্টা বসন্ত ডেকা আৰু বিশিষ্ট শিক্ষাবিদ ড০. নগেন শইকীয়াই ।

শনিবাৰে নলবাৰীত বিষয়টো সম্পৰ্কত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বসন্ত ডেকাৰ মন্তব্যত আছুৱে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে বুলি কয় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে । আনকি বসন্ত ডেকা এতিয়া ৰাজনৈতিক দলৰ মুখ্য উপদেষ্টা বুলি মন্তব্য কৰে শংকৰজ্যোতি বৰুৱাই । গতিকে ৰাজনৈতিক দলৰ ব্যক্তিৰ মন্তব্য সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে বুলিও কয় আছুৱে । আনহাতে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক নগেন শইকীয়াই আছুৰ স্থিতিত দুখ প্ৰকাশ কৰাক লৈ আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই ড০ নগেন শইকীয়াৰ সৈতে আছুৱে আলোচনাত বহিব বুলি মত ব্যক্ত কৰে ।

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৰ ক্ষেত্ৰত আছুৱে আগবঢ়োৱা প্ৰতিক্ৰিয়াৰ পিচতে 'আছু এতিয়া সন্দেহৰ মাজলৈ গুচি যোৱা' বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শিক্ষাবিদ, সাহিত্যিক নগেন শইকীয়াই ৷ আছুৱে সমষ্টি পুনৰ নিৰ্ধাৰণক সমৰ্থন কৰা কথাটোত দুখ পাইছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাস কৰিছিল নগেন শইকীয়াই ৷ ইয়াৰোপৰি, নগেন শইকীয়াই আছুক বিজেপিৰ কাষ চাপি যোৱা বুলিও অভিযোগ তোলা পৰিলক্ষিত হৈছিল ৷

আনহাতে, একেটা প্ৰসংগতে আছুৰ শেহতীয়া স্থিতিক লৈ মুঠেই সন্তষ্ট নহয় বুলি প্ৰতিক্ৰিয়া আগবঢ়াইছিল আছুৰ দীৰ্ঘদিন তথা প্ৰাক্তন উপদেষ্টা বসন্ত ডেকাই । তেওঁ কয় যে, 'আছু জাতীয় সংগঠন । আছুৰ সত্ত্বা এটা গঢ় লৈ উঠিছে । আছুৰ সত্ত্বাটো জীয়াই আছে, জীয়াই থাকিব । মোৰ আক্ষেপ যি নেতৃবৃন্দই সিদ্ধান্ত লৈছে তাৰ প্ৰতি । আছুৰ সত্ত্বাৰ বিৰুদ্ধে আক্ষেপ নহয় । যি সকলে সিদ্ধান্ত লয় কৰবাত গণ্ডগোল হৈ আছে ৷'

আছুৰ নেতৃবৃন্দৰ প্ৰতি আক্ষেপো প্ৰকাশ কৰিছিল প্ৰাক্তন উপদেষ্টা বসন্ত ডেকাই ।

লগতে পঢ়ক : CONSTITUENCY DELIMITATION 2023: সমষ্টি নিৰ্ধাৰণ চৰকাৰ আৰু RSS এ কৰিছে, নিৰ্বাচন আয়োগে নহয়- বসন্ত ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.