ETV Bharat / state

CONSTITUENCY DELIMITATION 2023: সমষ্টি নিৰ্ধাৰণ চৰকাৰ আৰু RSS এ কৰিছে, নিৰ্বাচন আয়োগে নহয়- বসন্ত ডেকা

author img

By

Published : Jul 19, 2023, 6:29 PM IST

"আছু জাতীয় সংগঠন । আছুৰ সত্ত্বা এটা গঢ় লৈ উঠিছে । আছুৰ সত্ত্বাটো জীয়াই আছে জীয়াই থাকিব । মোৰ আক্ষেপ যি নেতৃবৃন্দই সিদ্ধান্ত লৈছে । আছুৰ সত্ত্বাৰ বিৰুদ্ধে আক্ষেপ নহয়। যি সকলে সিদ্ধান্ত লয় কৰবাত গণ্ডগোল হৈ আছে" - বসন্ত ডেকা

BASANTA DEKA REACTS ON AASU
সমষ্টি নিৰ্ধাৰণ চৰকাৰ RSS এ কৰিছে

সমষ্টি নিৰ্ধাৰণ চৰকাৰ RSS এ কৰিছে- বসন্ত ডেকা

গুৱাহাটী, ১৯ জুলাই: ৰাজ্যুজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতা কৰি ৰাজনৈতিক দল সংগঠনসমূহে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মাজতেই শেহতীয়াকৈ আছুৱে এই খচৰাক সমৰ্থন কৰি মন্তব্য প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিচতে আছুৰ স্থিতিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বুধবাৰে আছুৰ স্থিতিক বিৰোধিতা কৰিছে বিশিষ্ট শিক্ষাবিদ, আছুৰ প্ৰাক্তন উপদেষ্টা বসন্ত ডেকাই ৷

আছুৰ শেহতীয়া স্থিতিক লৈ মুঠেই সন্তষ্ট নহয় বসন্ত ডেকা । তেওঁ কয় যে, আছু জাতীয় সংগঠন । আছুৰ সত্ত্বা এটা গঢ় লৈ উঠিছে । আছুৰ সত্ত্বাটো জীয়াই আছে, জীয়াই থাকিব । মোৰ আক্ষেপ যি নেতৃবৃন্দই সিদ্ধান্ত লৈছে তাৰ প্ৰতি । আছুৰ সত্ত্বাৰ বিৰুদ্ধে আক্ষেপ নহয়। যি সকলে সিদ্ধান্ত লয় কৰবাত গণ্ডগোল হৈ আছে বুলি আছুৰ নেতৃবৃন্দৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰে ডেকাই ।

তেওঁ লগতে কয় যে, সমষ্টি নিৰ্ধাৰণত ৩০ বছৰৰ বাংলাদেশীয়ে ভাগ লৈছে । বাংলাদেশীয়ে সমষ্টি নিৰ্ধাৰণ কৰাত আপত্তি থাকিব। বিজেপিয়ে ৮০% স্থান নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত লৈছে । বিজেপি-RSS এ বাংলাদেশ আৰু পূব পাকিস্তানৰ পৰা অহা হিন্দুক লৈ সীমা নিৰ্ধাৰণ কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানিত নিৰ্বাচনী আয়োগে ভাগ লৈছে । কিন্তু সমষ্টি নিৰ্ধাৰণ চৰকাৰ RSS এ কৰিলে । নিৰ্বাচনী আয়োগে শুনিব কিন্তু সিদ্ধান্ত তেওঁলোকে ল’ব বুলি নাভাবো বুলি মন্তব্য প্ৰকাশ কৰে বসন্ত ডেকাই ৷

আনহাতে হিন্দু মুছলমানৰ ৰাজনীতিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডেকাই কয়, হিন্দু-মুছলমানৰ সংঘাত অবাস্তৱিক কথা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সন্মান বজাই ৰাখি কথা কোৱা নাই। আজমলৰ জন্ম হৈছিল বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ । এই আজমলৰ লগত চুপতি মৰাটো মোৰ আত্মসন্মানত লাগিলে হয় বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক আছুৱে স্পষ্টভাৱে আদৰণি জনায় ৷ অসম চুক্তিৰ পিচত ১৯৮৬ চনতে ১৯৯১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী জনাইছিল আছুৱে । তথাপিও এইবাৰ ২০০১ চনৰ আধাৰত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক সম্পূৰ্ণৰূপে আদৰণি জনোৱা বুলি আছুৱে মত প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক: INDIA Vs NDA: টুইটাৰ-ফেচবুকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই INDIAৰ ঠাইত লিখিলে BHARAT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.