ETV Bharat / state

আদৰ্শ গাঁৱৰ আৰ্হিৰে ভেলাঘৰ

author img

By

Published : Jan 2, 2020, 5:06 PM IST

preparetion for magh bihu in nalbari
ভোগালীক আদৰিবলৈ সাজু হৈছে চহা অসমীয়া সমাজ

চহা অসমীয়া সমাজ সাজু হৈছে মাঘৰ বিহুলৈ ৷ নলবাৰী জিলাৰ ঢেকীয়াবাৰীত গাঁৱৰ যুৱকে সাজি উলিয়াইছে এখন আদৰ্শ গাঁৱৰ আৰ্হিৰে ভেলাঘৰ ৷ গাঁৱখনৰ ডেকাসকলে সাজি উলিওৱা এই ভেলাঘৰটিত উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

নলবাৰী, 2 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে চহা অসমীয়া সমাজ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভেলাঘৰ সাজি উলিয়াবৰ বাবে সাজু হৈছে ডেকা যুৱকসকল ৷ অনুৰূপভাৱে নলবাৰী জিলাৰ ঢেকীয়াবাৰীতো মাঘৰ বিহুটি পালন কৰিবৰ বাবে হাতত লৈছে পদক্ষেপ ৷ এটা কৃষিজীৱী পৰিয়ালৰ আৰ্হিত এটি ভেলাঘৰ সাজি উলিওৱাৰ বাবে প্ৰচেষ্টা হাতত লৈছে যুৱক কেইজনে ৷

ভোগালীক আদৰিবলৈ সাজু হৈছে চহা অসমীয়া সমাজ

অঞ্চলটোৰ যুৱক কেইজনে নিশা নিশা প্ৰস্তুত কৰিছে এই ভেলাঘৰটি ৷ কৃষি কৰ্মৰ লগত জড়িত নাঙলৰ লগতে গৰুৰ পৰা আৰম্ভ কৰি অসমীয়া সমাজৰ আপুৰুগীয়া সম্পদ ঢেঁকীৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীসমূহ উপস্থাপনৰ ব্যৱস্থা কৰা হৈছে ভেলাঘৰটিত ৷ গাঁৱখনৰ ডেকাসকলে সাজি উলিওৱা এই ভেলাঘৰটিত উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

লগতে পঢ়কঃপেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ পৃথিৱীৰ বৃহত্তম 'যতঁৰ'

Intro:কা লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে হেপাঁহৰ ভোগালীক লৈ সাজু অসমীয়া।
Body: ভোগালীক লৈ সাজু হৈছে চহা অসমীয়া।কা লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে অসমবাসীৰ মাজলৈ আহি আছে ভোগৰ বিহু ভোগালী।ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে চহা অসমীয়া।সেয়েহে এতিয়া ভেলাঘৰ সাজি উলিওৱাত উঠি পৰি লাগিছে ডেকা যুৱকসকল।এই দৃশ্য নলবাৰীৰ ঢেকীয়াবাৰীৰ।গাওঁখনৰ কেইগৰাকীমান যুৱকে কোম্পানীত কাম কৰি নিশা সাজি উলিয়াইছে এই ভেলাঘৰটো।এটা কৃষিজীৱী পৰিয়ালৰ আৰ্হিত বনোৱা হৈছে এই ভেলাঘৰটো।ভেলাঘৰটোত সমাজৰ লগত বিভিন্ন বস্তু উপস্থাপন কৰিছে।খেতিয়ক সকলে বিশেষ কৈ কৃষি কৰ্মৰ লগত জড়িত হাল গৰুৰ পৰা আৰম্ভ কৰি অসমীয়াৰ আপুৰুগীয়া সম্পদ ঢেঁকীৰ লগতে বিভিন্ন অত্যাবশ্যকীয় সামগ্ৰী সমূহ ।গাওঁ খনৰ ডেকা সকলে সজাই তোলা এই ভেলাঘৰটোত নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈ উঠিছেConclusion:বাইট

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.