ETV Bharat / state

Har Ghar Tiranga: নলবাৰীৰ টিহুত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি

author img

By

Published : Jul 31, 2022, 8:56 AM IST

'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি দেশত 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযান অসমতো তীব্ৰতৰ হৈছে(Har Ghar Tiranga Programme in Tihu) । জিলাই জিলাই দেখা গৈছে মহিলাসকলৰ মাজত ব্যাপক উৎসাহ । প্ৰতিটো প্ৰান্ততে মুকলি কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰীৰ টিহুতো মুকলি কৰা হ'ল ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ ।

preparation of har ghar triranga mission in nalbari
নলবাৰীৰ টিহুত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি

নলবাৰী,৩১ জুলাই: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে (Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে (Har Ghar Tiranga Programme in Tihu) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰী জিলাৰ টিহু মহকুমাৰ এজাক মহিলা ব্যস্ত হৈ পৰিছে দেশৰ স্বাভিমান জাতীয় পতাকা প্ৰস্তুত কৰাত ।

নলবাৰীৰ টিহুত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান টিহু উন্নয়ন খণ্ডৰ উদ্যোগত আৰু অগ্নিগড় মণ্ডল পৰ্যায়ৰ সংগঠনত অন্তভুৰ্ক্ত গ্ৰাম্য সংগঠন সমুহৰ সহযোগত শনিবাৰে বিয়লি টিহু নগৰত এটি ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰে টিহু ৰাজহ চক্ৰ বিষয়া উপাসনা ডেকাই । ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি অনুষ্ঠানত টিহু-মথুৰাপুৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন , মথুৰাপুৰ গাঁও পঞ্চায়তৰ সভাপতি কমলাকান্ত হালৈ, জলখানা-ভঠুৱাখানা গাঁও পঞ্চায়তৰ সভাপতি মীৰা দেৱী, অগ্নিগড় মণ্ডল পৰ্যায়ৰ সংগঠনত অন্তভুৰ্ক্ত গ্ৰাম্য সংগঠনসমুহৰ মহিলা সকলৰ লগতে যথেষ্ট লোক উপস্থিত থাকে ।

১০ হাজাৰ পতাকা বিক্ৰীৰ লক্ষ্য বান্ধি লৈছে অগ্নিগড় মণ্ডল পৰ্যায়ৰ অন্তৰ্গত গ্ৰাম্য সংগঠনৰ মহিলাসকলে । লগতে পতাকা অনুপাতে দাম নিৰ্ধাৰণ কৰিছে মহিলা সকলে । দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষত প্ৰতিখন ঘৰতে পতাকা উত্তোলন কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখি কম মূল্যত বিক্ৰী কৰিবলৈ লৈছে পতাকা ।

লগতে পঢ়ক: Robbery case in Nalbari : মটৰ চাইকেলত অহা দুৰ্বৃত্তই কাঢ়ি নিলে লাখ টকা ভৰ্তি বেগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.