ETV Bharat / state

Pre Bhogali Utsav: নলবাৰীৰ ননৈ প্ৰাথমিক বিদ্যালয়ত প্ৰাক ভোগালী উৎসৱ

author img

By

Published : Jan 11, 2023, 7:39 PM IST

উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে ননৈ প্ৰাথমিক বিদ্যালয় চৌহদত(Pre Bhogali Utsav in Nalbari) । নলবাৰীৰ ননৈ প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয় প্ৰাক ভোগালী উৎসৱ । সময়ৰ সোঁতত নিঃশেষ হৈ যাবলৈ ধৰা কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ প্ৰয়াস বিদ্যালয়খনৰ ।

Pre Bhogali Utsav at Govt School in Nalbari
নলবাৰী জিলাৰ ননৈ প্ৰাথমিক বিদ্যালয়ত প্ৰাক ভোগালী উৎসৱ পালন

নলবাৰী জিলাৰ ননৈ প্ৰাথমিক বিদ্যালয়ত প্ৰাক ভোগালী উৎসৱ পালন

নলবাৰী,১১ জানুৱাৰী: ভোগৰ ভোগালী চোতালেই পালেহি(Bhogali Bihu 2023)। ব্যস্ততা বাঢ়িছে কৃষিজীৱি অসমীয়াৰ । ভোগৰ উৎসৱক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্ততি(Bhogali Bihu preparation in Assam) ৷ ভেলাঘৰ, মেজিৰ সমান্তৰালভাৱে ভোগালীৰ জলপানৰ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে গৃহিণী(Magh Bihu preparation) । বিভিন্ন শিক্ষনুষ্ঠান তথা, ব্যক্তিগত প্ৰতিষ্ঠানে আয়োজন কৰিছে প্ৰাক ভোগালী উৎসৱ ।

ব্যতিক্ৰম নহয় নলবাৰী জিলাৰ ননৈ প্ৰাথমিক বিদ্যালয়(Pre Bhogali Utsav at Govt School in Nalbari) । বুধবাৰে বিদ্যালয়খনত উদযাপন কৰা হয় প্ৰাক ভোগালী উৎসৱ(Pre Bhogali Utsav in Nalbari) । প্ৰাক ভোগালী উৎসৱ উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ অসমীয়া পৰম্পৰাগত সংস্কৃতিৰ বিষয়ে চিনাকী কৰি দিয়াৰ উদ্দেশ্যেৰে বিদ্যালয়তে লাড়ু, চুঙা পিঠা, তিল পিঠা, নাৰিকলৰ চিৰা, দৈ-চিৰা, জুলিয়া মিঠাই, গুড়িসান্দহ প্ৰস্তুত কৰি তুলিছে ।

বিদ্যালয়খনত শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত ছাত্ৰ ছাত্ৰী সকলে নিজে কলখেতিলৈ গৈ কলগছৰ পতুৱা কাতি ভোগালীৰ যা-জলপানেৰে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে জ্যেষ্ঠ সকলক আপ্যায়ন কৰে । শিক্ষক-শিক্ষয়িত্ৰী সকলেও ছাত্ৰ-ছাত্ৰী সকলক ভোগালীৰ জলপানেৰে আপ্যায়ন কৰাৰ লগতে বিদ্যালয়ৰ চৌহদত মেজি প্ৰস্তুত কৰি সাতামপুৰুষীয়া সংস্কৃতি বৰ্তাই ৰখাৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক জাগৰণৰ সৃষ্টি কৰে ।

উল্লেখযোগ্য যে নলবাৰী জিলাৰ এখন চৰকাৰী বিদ্যালয় হিচাপে সৌন্দৰ্য্যৰ বাতৰি সংবাদ মাধ্যমত শিৰোনাম দখল কৰাৰ লগতে ননৈ প্ৰাথমিক বিদ্যালয়খনে তিনিবাৰকৈ গুনুৎসৱত A+ Grade পাবলৈ সক্ষম হৈছে । উক্ত শিক্ষানুষ্ঠানখনৰ বিভিন্ন ধৰণৰ অনুষ্ঠানে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মন মুগ্ধ কৰি তুলিছে । লক্ষণীয় যে যিটো সময়ত ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ, শিক্ষক শিক্ষয়িত্ৰী অনুপাতে ছাত্ৰ ছাত্ৰীৰ অভাৱ তেনে সময়ত এখন বিপৰীত ছবি দাঙি ধৰিছে ননৈ প্ৰাথমিক বিদ্যালয়ে ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক অমল চন্দ্ৰ ডেকাৰ নেতৃত্বত বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত নিজৰ দৰমহাৰ কিছু ধন খৰচ কৰি ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে তথা বিদ্যালয়ৰ আন্তঃগাঁঠনিকে ধৰি বিদ্যালয়খনৰ সকলো দিশ উন্নত আৰু জাকত জিলিকা কৰি তুলিছে ।
উল্লেখনীয় যে বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থা তথা বিদ্যালয়খনৰ নিয়ম নীতি, সৌন্দৰ্য্য আৰু শিক্ষাৰ ক্ষেত্ৰত বহুগুণে আগবঢ়া বাবে বহু দূৰ দুৰণীৰ ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানখনত শিক্ষাগ্ৰহণ কৰিবলৈ অহা পৰিলক্ষিত হয় ।
লগতে পঢ়ক: Majuli Potter in trouble : ভোগালীৰ প্ৰাকক্ষণত সংকটত মাজুলীৰ মৃৎশিল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.