ETV Bharat / state

Majuli Potter in trouble : ভোগালীৰ প্ৰাকক্ষণত সংকটত মাজুলীৰ মৃৎশিল্প

author img

By

Published : Jan 11, 2023, 1:20 PM IST

Updated : Jan 11, 2023, 3:19 PM IST

ভোগালী বিহুৰ সময়ত মাটিৰ কলহ, টেকেলিকে ধৰি বিভিন্ন ধৰণৰ মাটিৰ বাচনৰ চাহিদা বৃদ্ধি পায় । তেনে সময়ত মাজুলীৰ মৃৎশিল্পীসকলৰ মাজত ব্যস্ততা দেখিবলৈ পোৱা গৈছে (Potters are busy ahead of Magh Bihu)। কিন্তু মাটিৰ নাটনিৰ বাবে শিল্পীসকল সমস্যাত পৰিছে ।

Majuli Potter in trouble
সংকটত মাজুলীৰ মৃৎশিল্প

ভোগালীৰ প্ৰাকক্ষণত সংকটত মাজুলীৰ মৃৎশিল্প

মাজুলী,১১ জানুৱাৰী : অসমীয়াৰ হেঁপাহৰ মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে (Bhogali Bihu 2023)। প্ৰতিঘৰতে দেখা গৈছে এই মাঘ বা ভোগালী বিহুক লৈ ব্যাপক ব্যস্ততা । ডেকাহঁত ব্যস্ত ভেলাঘৰ, মেজি আদি প্ৰস্তুত কৰাত । সমান্তৰালকৈ মহিলাসকল পিঠা, লাডু আদি প্ৰস্তুত কৰাৰ বাবে সাজু হৈছে (Magh Bihu preparation)। মাজুলীৰ মৃৎশিল্পীসকলৰ মাজতো ব্যস্ততা দেখিবলৈ পোৱা গৈছে ।

ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । মাজুলীবাসীও পিছপৰি ৰোৱা নাই । ভোগালী বিহুলৈ কেইটামান দিন বাকী থকাৰ মাজতে মৃৎশিল্পৰ বাবে চহকী মাজুলীৰ শালমৰা গাঁৱত এতিয়া ভীষণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে (Potters are busy ahead of Magh Bihu)। বিহুত প্ৰয়োজন হোৱা কলহ, টেকেলিকে আদি কৰি মাটিৰে নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে সাজু হৈ উঠিছে কুমাৰ সম্প্ৰদায়ৰ লোকসকল ।

উল্লেখ্য যে মাটিৰে নিৰ্মাণ কৰা সামগ্ৰীসমূহ বিক্ৰী কৰিয়ে নিজৰ নিজৰ পৰিয়াল পোহপাল দি আহিছে মাজুলীৰ বহু পৰিয়ালে । বিশেষকৈ উৎসৱৰ বতৰত তেওঁলোকৰ ব্যস্ততা বৃদ্ধি পায় । ভোগালী বিহুৰ সময়তো মাটি বাচনৰ চাহিদা বৃদ্ধি পায় । সেয়ে দিনে নিশাই মাটিৰ বিভিন্ন বাচন প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে লোকসকল । ইতিমধ্যে মাটিৰ বাচনবোৰো সাজু হৈ উঠিছে আৰু সেইবোৰ বজাৰলৈ উলিয়াই দিছে মৃৎশিল্পীসকলে ।

মাজুলীৰ লগতে যোৰহাট, শিৱসাগৰ, লখিমপুৰ, ডিব্ৰুগড়কে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত উপলব্ধ হয় মাজুলীত প্ৰস্তুত কৰা মাটিৰ বাচনবোৰ । কিন্তু শেহতীয়াকৈ মৃৎশিল্পীসকল সমস্যাত পৰিছে । কিয়নো মাজুলীত তেওঁলোকে ব্যৱহাৰ কৰা বিশেষ মাটিৰ নাটনি হৈছে । যাৰ বাবে আন বছৰবোৰৰ তুলনাত এই বছৰ মাটিৰে নিৰ্মাণ কৰা সামগ্ৰীৰ সংখ্যাও কম হৈছে (Pottery Industry of Majuli in crisis)।

মাটিৰ অভাৱৰ বাবে মৃৎশিল্পৰ লগত জড়িত লোকসকলৰ পৰিয়াল পোহপাল দিয়াত বাধা আহি পৰিছে । ইফালে মাটিৰ নাটনি হোৱাৰ লগে লগে সামগ্ৰীসমূহৰ মূল্যও বৃদ্ধি পাইছে । যাৰ বাবে সামগ্ৰীসমূহ বিক্ৰী কৰি পোৱা লাভৰ পৰিমাণো কমি গৈছে । সেয়েহে মৃৎশিল্পীসকলে পৰিয়াল চলোৱাত সমস্যাৰ সন্মুখীন হৈছে । এই ক্ষেত্ৰত শিল্পীটোক জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে মাজুলীৰ শিল্পীসকলে ।

ভোগালী বিহু চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন আকাৰৰ ভেলাঘৰ, মেজি আদি নিৰ্মাণত ব্যস্ত হৈ পৰিছে লোকসকল (Bhogali Bihu preparation in Assam)। কোনো কিমান বৃহৎ ভেলাঘৰ বা মেজি প্ৰস্তুত কৰিব পাৰে তাক লৈ অঘোষিত প্ৰতিযোগিতাও চলিছে । ইফালে ঠায়ে ঠায়ে প্ৰাক ভোগালী মেলাৰো আয়োজন কৰা হৈছে । মুঠতে ভোগালীক আদৰিবলৈ সাজু হৈ উঠিছে ৰাজ্যবাসী ।

লগতে পঢ়ক :Agarwood thief in Golaghat : সাঁচিগছ চোৰৰ আক্ৰমণত আহত গাঁওৰক্ষী বাহিনীৰ সদস্য

Last Updated : Jan 11, 2023, 3:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.