ETV Bharat / state

পৰিবহন মন্ত্ৰীৰ গৃহ সমষ্টিত পথৰ পয়ালগা অৱস্থা

author img

By

Published : Aug 25, 2021, 1:50 PM IST

Updated : Aug 25, 2021, 2:34 PM IST

poor condition of road at dharmapur
ধৰ্মপুৰ সমষ্টিত পথৰ দুৰাৱস্থা

ৰাজ্যৰ এটা বিশেষ সমষ্টিৰ বিধ্বস্ত যাতায়াত ব্যৱস্থা ৷ সমষ্টিবাসীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে সমষ্টিটোৰ পথৰ দুৰৱস্থা ৷ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ গৃহ সমষ্টিতে দেখিবলৈ পাব পথৰ দুৰৱস্থাৰ দৃশ্য ৷ সমগ্ৰ দৃশ্য বন্দী হৈছে আমাৰ সাংবাদিকৰ কেমেৰাত ৷ সম্পূৰ্ণ তথ্য জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন...

নলবাৰী, 25 আগষ্ট : পথ নে পুখুৰী ? যমৰ যাতনা ভুগি পথটোৰে দৈনিক আহ-যাহ কৰে পথচাৰীয়ে ৷ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি চাকৰিয়াল, ব্যৱসায়ীলৈকে সকলোৱে নিজ কৰ্মস্থানলৈ গতি কৰে এই পথেৰে ৷ কেনেদৰে পথৰ মাজত থকা প্ৰকাণ্ড গাঁতৰ মাজেৰে পথচাৰীয়ে যাতায়াত কৰে, সেই দৃশ্য দেখিলে আপোনাৰো নিশ্চয় চকু কপালত উঠিব ৷

আমাৰ সাংবাদিকে যুগুত কৰা এক প্ৰতিবেদনত সমগ্ৰ সমষ্টিটোৰ যাতায়াত ব্যৱস্থাৰ প্ৰকৃত ছবিখন পোহৰলৈ আহিছে ৷ এই বিশেষ সমষ্টিটোৰ অচল যাতায়াত এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে সমষ্টিবাসীৰ বাবে ৷

ধৰ্মপুৰ সমষ্টিত পথৰ দুৰাৱস্থা

ধৰ্মপুৰ সমষ্টি(Dharmapur Constituency) ৷ সততে আমেৰিকা, ৰাছিয়া, জাপানৰ কথা কোৱা কথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ(Chandra Mohan Patowary) গৃহ সমষ্টি ৷ মন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিৰ পথৰ মাজতে পুখুৰী সদৃশ একো একোটা প্ৰকাণ্ড গাঁত ৷ ঠেলি ঠেলি সমষ্টিবাসীয়ে পাৰ কৰিব লাগে যান-বাহন ৷

লগতে পঢ়ক: ৰঙিয়াত ৰহস্যজনকভাৱে অন্তৰ্ধান তিনিবাৰকৈ স্থাপন কৰা আধাৰশিলাৰ ফলক

কেৱল মাত্ৰ তিনিটা মূল পথৰ বিধ্বস্ত ৰূপেৰে দাঙি ধৰিব বিচাৰিছো আমাৰ এই বিশেষ প্ৰতিবেদন ৷ নলবাৰী চহৰৰ পৰা কৈঠালকুছি-টিহু সংযোগী পথ, কৈঠালকুছিৰ পৰা চামতা সংযোগী পথ আৰু কৈঠালকুছিৰ পৰা বৰমা সংযোগী পথ ৷ এই তিনিওটা পথৰ অৱস্থা একেই ৷

তিনিওটা পথেৰ মাজেৰে অহা-যোৱা কৰিবলৈ আপুনি দহবাৰ ভাবিবলৈ বাধ্য হ’ব ৷ কাৰণ পথৰ মাজত থকা পুখুৰী সদৃশ গাঁতে আপোনাকো ভাবিবলৈ বাধ্য কৰাব, কেনেদৰে আপুনি পাৰ হ’ব ধৰ্মপুৰ সমষ্টি ৷ নতুবা এই পথৰ মাজেৰে পাৰ হ’লে দুৰ্ঘটনাৰ আশংকাৰ কথাও আহিব আপোনাৰ মনলৈ ৷

আছু(AASU), বিভিন্ন সংগঠন তথা স্থানীয় ৰাইজে বাৰম্বাৰ আহ্বান জনোৱাৰ পাচতো কিন্তু আজিলৈকে চকু মেল খোৱা নাই বহুবল্কী পৰিবহন মন্ত্ৰীগৰাকীৰ ৷ নপতা ফুকনৰ ভাও ধৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বাৰু এবাৰো নাভাবেনে নিজ সমষ্টিবাসীৰ কথা ? অসমৰ সমষ্টিসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ সমষ্টিৰূপে জনাজাত ধৰ্মপুৰ সমষ্টিবাসীয়ে লাভ কৰিবনে উন্নত বাট-পথৰ সুবিধা ? এয়া সমষ্টিবাসীৰ বাবে হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক: চৰকাৰৰ ব্যর্থতাৰ বাবেই ঠিকাদাৰৰ আত্মহত্যা : দেবব্ৰত শইকীয়া

Last Updated :Aug 25, 2021, 2:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.