ETV Bharat / state

মুখ্যমন্ত্ৰীক পদত্যাগৰ আহ্বান নীলমনি সেন ডেকাৰ

author img

By

Published : Sep 28, 2020, 10:09 AM IST

মুখ্যমন্ত্ৰীক পদত্যাগৰ আহ্বান নীলমনি সেন ডেকাৰ
মুখ্যমন্ত্ৰীক পদত্যাগৰ আহ্বান নীলমনি সেন ডেকাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পদত্যাগৰ আহ্বান প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ ৷ আৰক্ষী বিভাগৰ উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ পৰীক্ষাত হোৱা কেলেংকাৰীক লৈ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷ ডেকাৰ অভিযোগ চৰকাৰৰ সমৰ্থন আছিল বাবেহে এই ঘটনা সংঘটিত হ'ল সেয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰিব লাগে ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো গেলা মাছ আখ্যা দিলে প্ৰক্তন মন্ত্ৰী গৰাকীয়ে ৷

নলবাৰী, 28 চেপ্তেম্বৰ: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰৱ হৈ উঠিল প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকা ৷ ডেকাৰ মন্তব্য, নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিব লাগে ৷ আকৌ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক 'গেলা মাছ' বুলিও আখ্যা দিলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

মুখ্যমন্ত্ৰী সোণোৱালক পদত্যাগৰ আহ্বান নীলমনি সেন ডেকাৰ

নলবাৰীৰ ধৰ্মপুৰত সাংবাদিকৰ সন্মুখত ডেকাই অভিযোগ কৰে যে, চৰকাৰৰ সমৰ্থন অবিহনে কোনো বিষয়াই ইমান ডাঙৰ অপৰাধ কৰাৰ সাহস কৰিব নোৱাৰে ৷ সেয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰিব লাগে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ চি আই ডি ৰ হাতৰ পৰা বিজেপি নেতা দ্বীবন ডেকা কেনেকৈ পলাই যাবলৈ সক্ষম হ'ল সেই সম্পৰ্কতো প্ৰশ্ন উত্থাপন কৰি ডেকাই অভিযোগ কৰে যে পুলিছ বিভাগটোক চৰকাৰে হাতৰ মুঠিত ৰাখিছে ৷ সমগ্ৰ ঘটনাৰাজিক অসমৰ ইতিহাসত এক কলংকৃত অধ্যায় বুলি আখ্যা দি তেওঁ মন্তব্য কৰে যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ভয়াবহ কেলেংকাৰি আৰু জনসংযোগ বিভাগৰ নিযুক্তি কেলেংকাৰিতো মুখ্যমন্ত্ৰীৰ নাম সাঙোৰ খাই পৰাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে শাসনত থকাৰ নৈতিক দায়িত্ব হেৰুৱাই পেলাইছে ৷ 2021 চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ছাত্ৰ সন্থাৰ নতুন দ'ল গঠনক লৈ কোনোধৰণৰ মন্তব্য প্ৰদানৰ পৰা বিৰত থাকিলেও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক গেলা মাছ আখ্যা দি কটু সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে ভাল পাব ৰকিবুল হুছেইনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.