ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে ভাল পাব ৰকিবুল হুছেইনে

author img

By

Published : Sep 27, 2020, 10:40 PM IST

হিমন্তক সমালোচনা নকৰিবলৈ কংগ্ৰেছ হাইকামাণ্ডে পৰামৰ্শ দিয়ে অসমৰ কংগ্ৰেছ নেতাক ! হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে ভাল পাব ৰকিবুল হুছেইনে । প্ৰয়োজনত ব্যক্তিগতভাৱে সহায় কৰিব হিমন্তক। চামগুৰিত এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ।

rockybul hussain comment on himanat biswa sharma at samuguri
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে ভাল পাব ৰকিবুল হুছেইন

নগাঁও,27 ছেপ্তেম্বৰঃ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা সহ দেওবাৰে চামগুৰিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বুথ কমিটিৰ নেতা-কৰ্মীক প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত হৈ কেবাটাও বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । অনুষ্ঠানটিত বিয়লি পৰ্যন্ত অংশগ্ৰহণ কৰি শেষত ৰকিবুল হুছেইনে সংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰকাশ কৰে বিভিন্ন চৰ্চিত বিষয়ক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।

ইপিনে এ আই ইউ ডি এফ ৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা কৰা বুলি প্ৰচাৰ কৰি বিজেপিয়ে নিজে এ আই ইউ ডি এফ ৰ লগত আনুষ্ঠানিক মিত্ৰতা কৰি থৈছে । এ আই ইউ ডি এফ ৰ সৈতে কংগ্ৰেছৰ আনুষ্ঠানিক মিত্ৰতা হোৱা নাই, কংগ্ৰেছে সন্ধি কৰিব বিজেপিৰ দ্বাৰা প্ৰতাৰিত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতহে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে । নৱগঠিত অসম জাতীয় পৰিষদৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে, কংগ্ৰেছৰ সৈতে এ.জে.পি.ৰ পথ বেলেগ হ'ব পাৰে কিন্তু লক্ষ্য একে, বিজেপিক পৰাভূত কৰা। যাৰ বাবে বিজেপিৰ এতিয়া থৰকাচুটি হেৰাইছে ।

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে ভাল পাব ৰকিবুল হুছেইন

ইফালে এজন কাৰ্যবাহী ন্যায়াধীশৰ জৰিয়তে সম্প্ৰতি ৰাজ্য কঁপোৱা আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ পোষকতা কৰিছে বিধায়ক ৰকিবুল হুছেইনে । লগতে এক প্ৰশ্নোত্তৰত বিধায়ক গৰাকীয়ে একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আওপকীয়াকৈ তাচ্ছিল্য কৰি কয় যে, সতীৰ্থ গৰাকীয়ে দিল্লীত গৈ কংগ্ৰেছলৈ আহিবলৈ বিচাৰিছে আৰু তেওঁৰ বিষয়ে কংগ্ৰেছৰ একাংশ নেতাই বেয়াকে নক'বলৈ অনুৰোধ কৰে বিধায়ক ৰকিবুলক। তেওঁৰ একালৰ সতীৰ্থ জন মুখ্যমন্ত্ৰী হ'ব বিচাৰিলে ৰকিবুল হুছেইনে সহায় কৰিব বুলিও কটাক্ষ কৰা দেখা যায় সংবাদ মাধ্যমৰ সন্মুখত।

মধ্যযুগৰ চানক্যৰ উদ্ধৃতিৰে নন্দ বংশ ধ্বংস হোৱাৰ বিষয়ে চৰ্চা কৰি বিজেপিক তীব্ৰ সমালোচনাও কৰে ৰকিবুলে । কাৰণ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিজন দুখীয়া লোকৰ নামত ২৩ হাজাৰ টকা ধাৰ লৈ মাত্ৰ ৮০০ টকাহে আঁচনিৰ দ্বাৰা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক গৰাকীয়ে । লগতে কৃষকৰ বিৰুদ্ধে যি কেইখন আইন চৰকাৰে বৰ্তমান আনিছে সেই আইন অনাগত দিনত কংগ্ৰেছে বাতিল কৰিব বুলিও দেওবাৰে চামগুৰিত ৰাইজক আশ্বাস প্ৰদান কৰিলে বিধায়ক ৰকিবুল হুছেইনে ৷ হাস্যকৰ কথাটো হ'ল যে, গৃহ সমষ্টিৰ বিধায়ক গৰাকীয়ে সভাত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰি থকাৰ সময়ত নিজৰেই দলৰ কেইবাগৰাকী বুথ পৰ্যায়ৰ নেতা-কৰ্মীয়ে টোপনিয়াই থকাও পৰিলক্ষিত হ'ল বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সভাগৃহত ।

লগতে পঢ়কঃ বিটিচিত গুপ্ত নহয়, মুক্ত হত্যা চলেঃ এবিএমছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.