ETV Bharat / state

Miya Museum Controversy: মিঞা পৰিষদৰ আটকাধীন দুই সদস্যৰ আছে অল কায়দাৰে সম্পৰ্ক !

author img

By

Published : Oct 26, 2022, 8:05 AM IST

মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্ক অব্যাহত থকাৰ সময়তে মঙলবাৰে অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক ধুবুৰী আৰক্ষীয়ে কৰিছিল গ্ৰেপ্তাৰ ৷ একেটা দিনতেই অৰ্থাৎ মঙলবাৰে নিশা আব্দুল বাতেন (অৱসৰপ্ৰাপ্ত অধ্যাপক) নামৰ আন এজন সদস্যকো ধুবুৰী আৰক্ষীয়ে আটক কৰে ৷ এই দুই বিতৰ্কিত নেতা জেহাদীৰে সৈতে জড়িত থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে (Miya museum controversy) ৷

Mohar Ali and Abdul Baten both Mia Parishad leaders arrested
মিঞা পৰিষদৰ আটকাধীন দুই সদস্যৰ আছে অল কায়দাৰে সম্পৰ্ক !

নলবাৰী, ২৬ অক্টোবৰ: সোমবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰত অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীয়ে লাভ কৰা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ চৰকাৰী আৱাসগৃহত মিঞা মিউজিয়ামৰ আনুষ্ঠানিক উদ্বোধন কৰাৰ পিছৰ পৰাই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ (Miya museum controversy)। এই লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া (CM Himanta Biswa Sharma react on Miya museum controversy) ৷ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পাছতেই জিলা প্ৰশাসনে মিউজিয়াম স্থাপন কৰা পি এম এ ৱাইৰ ঘৰটো ছিল কৰি দিয়ে ৷

ইয়াৰ পাছতেই ধুবুৰী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে দিয়া নিৰ্দেশ অনুসৰি গোৱালপাৰাত মিঞা সংগ্ৰহালয় উদ্বোধন কৰা প্ৰসংগত মঙলবাৰে ধুবুৰীৰ পৰা আৰক্ষীয়ে আটক কৰিলে অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক (Mohar Ali arrested for Miya museum controversy) ৷ একেটা দিনতেই অৰ্থাৎ মঙলবাৰে নিশা অৱসৰপ্ৰাপ্ত অধ্যাপক তথা মিঞা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুল বাতেনকো গৌৰীপুৰৰ আলমগঞ্জস্থিত তেওঁৰ নিজা বাসগৃহৰ পৰা ধুবুৰী আৰক্ষীয়ে আটক কৰে ৷

গোৱালপাৰাত মিঞা মিউজিয়াম স্থাপনত জড়িত এই দুই নেতাক জেৰাৰ বাবে ইতিমধ্যে স্থানান্তৰ কৰা হৈছে নলবাৰীলৈ ৷ এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি নলবাৰী আৰক্ষীয়ে বিচাৰি থকা Most Wanted ৰ তালিকাতো আছে এই দুই বিতৰ্কিত নেতাৰ নাম ৷ তাৰোপৰি এই দুই বিতৰ্কিত নেতাৰ জেহাদীৰ সৈতে জড়িত থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে ৷ পূৰ্বেই ঘগ্ৰাপাৰ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি অনা হৈছে নলবাৰীলৈ । অৱশ্যে তদন্তৰ স্বাৰ্থত নলবাৰী আৰক্ষীয়ে বৰ্তমানেও স্পষ্ট কৰা নাই সবিশেষ তথ্য ৷

মিঞা পৰিষদৰ আটকাধীন দুই সদস্যৰ আছে অল কায়দাৰে সম্পৰ্ক !

উল্লেখ্য যে, কিছুদিন পূৰ্বে নলবাৰীত গ্ৰেপ্তাৰ হৈছিল তিনিটাকৈ সন্দেহজনক জেহাদী ৷ এই তিনি সন্দেহজনক জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে মহৰ আলী আৰু আব্দুল বাতেনক গ্ৰেপ্তাৰ কৰি নলবাৰীলৈ অনা বুলি আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব গৈছে । দেশদ্ৰোহিতাৰ অভিযোগেৰে ভাৰতীয় দণ্ডবিধি আইনৰ 120(B), 121, 121(A), 122 আৰু UAPA 10/13 ধাৰাৰে ধৃত দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । সম্প্ৰতি নলবাৰী সদৰ থানাত মাৰাথন জেৰা চলোৱা হৈছে গ্ৰেপ্তাৰ হোৱা মিঞা পৰিষদৰ দুই সভাপতি সম্পাদকক ।

শেহতীয়াকৈ নলবাৰীত গ্ৰেপ্তাৰ হোৱা তিনি সন্দেহজনক জেহাদীৰে সৈতে এই দুই বিতৰ্কিত নেতাৰ সম্পৰ্ক আছে নে নাই, সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ সঠিক তদন্ততহে স্পষ্ট হ’ব প্ৰকৃততেই এই দুই নেতাৰো আছে নেকি জেহাদীৰে সম্পৰ্ক ৷

লগতে পঢ়ক: Miya museum controversy: মিঞা মিউজিয়াম মুকলি কৰি আটক তনু ধাদুমীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.