ETV Bharat / state

শিক্ষকৰূপী সাংবাদিক, এল আই চি এজেন্টৰ বিৰুদ্ধে জয়ন্তমল্ল বৰুৱাৰ হুংকাৰ

author img

By

Published : Jul 11, 2022, 10:32 PM IST

শিক্ষক আৰু সাংবাদিকতা, LIC একেলগে কৰিব নোৱাৰিব । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বহুত কঠোৰ, যি শিক্ষকে কৰ্তব্য ভালদৰে পালন নকৰিব সেই শিক্ষকৰ ওপৰত বিহীত ব্যৱস্থা লোৱা হ’ব ৷ এই মন্তব্য জয়ন্তমল্ল বৰুৱাৰ(Minister Jayanta Malla Baruah) ৷

Minister Jayanta Malla Baruah
শিক্ষকৰূপী সাংবাদিক, এল আই চি এজেন্টৰ বিৰুদ্ধে জয়ন্তমল্ল বৰুৱাৰ হুংকাৰ

নলবাৰী, ১১ জুলাই: শিক্ষক আৰু সাংবাদিকতা, LIC একেলগে কৰিব নোৱাৰিব । নলবাৰীত এই মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ (Jayanta Malla Baruah in Nalbari)। সোমবাৰে চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ এখন বিশেষ সভাত শিক্ষকসকলক উদ্দেশ্যি এনে বহুকেইটা মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Minister Jayanta Malla Baruah)৷

শিক্ষকৰূপী সাংবাদিক, এল আই চি এজেন্টৰ বিৰুদ্ধে জয়ন্তমল্ল বৰুৱাৰ হুংকাৰ

মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়সমূহ প্ৰতিটো দিশত নিকা হ’ব লাগিব । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পোছাক ক্ৰয় কৰাৰ নামত কোনো মধ্যভোগী যাতে থাকিব নোৱাৰে সেই ব্যৱস্থা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উন্নত মানদণ্ডৰ পোছাক যোগান ধৰাৰ নিৰ্দেশ দিয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, উপ-সভাপতিসকলক ৷

এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বহুত কঠোৰ, যি শিক্ষকে কৰ্তব্য ভালদৰে পালন নকৰিব সেই শিক্ষকৰ ওপৰত বিহীত ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও গোৰেশ্বৰ নাওকাটাত আছু কৰ্মীৰ ওপৰত উঠা অভিযোগ সম্পৰ্কেও মন্তব্য কৰি কয় যে আছুৰ স্থানীয় নেতৃত্বসকলক সহনশীল আৰু দায়িত্ববোধ হোৱা উচিত ।

লগতে পঢ়ক: GP Singh Present at Vineet Bagaria's home: অসমত বাহুবলী কালচাৰ চলিবলৈ দিয়া নহ'ব: জি পি সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.