ETV Bharat / city

GP Singh Present at Vineet Bagaria's home: অসমত বাহুবলী কালচাৰ চলিবলৈ দিয়া নহ'ব: জি পি সিং

author img

By

Published : Jul 11, 2022, 9:43 PM IST

Bahubali culture will not be allowed to continue in Assam
Bahubali culture will not be allowed to continue in Assam

অসমত আৰু বাহুবলী কালচাৰ চলিবলৈ দিয়া নহ'ব (No Bahubali culture in Assam)। আইন হাতত তুলি ল'বলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে ৷ ৬০ দিনৰ ভিতৰত স্থানীয় আৰক্ষীক বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাৰ অভিযোগনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে ৷ ডিব্ৰুগড়ত এইদৰে ক’লে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ।

ডিব্ৰুগড়, 11 জুলাই : ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়াৰ বাসগৃহত সোমবাৰে উপস্থিত হ'ল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং (SDGP GP Singh in Dibrugarh)। ডিব্ৰুগড় আৰক্ষীৰ পৰা নিৰাপত্তা লাভ নকৰি আত্মহত্যা কৰা বিনীত বাগাৰীয়াৰ পৰিয়ালক সমবেদনা জনালে আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান গৰাকীয়ে (Vineet Bagaria Suicide Case)। লগতে এই ঘটনাত আৰক্ষীয়ে কৰা হেমাহিৰ বাবে শীৰ্ষ বিষয়াগৰাকীয়ে ক্ষমাও বিচাৰে ৷

অসমত বাহুবলী কালচাৰ চলিবলৈ দিয়া নহ'ব: ডিব্ৰুগড়ত জি পি সিং

ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত জি পি সিঙে কয়, অসমত আৰু বাহুবলী কালচাৰ চলিবলৈ দিয়া নহ'ব । আইন হাতত তুলি ল'বলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি জি পি সিঙে জনায় । ৬০ দিনৰ ভিতৰত স্থানীয় আৰক্ষীক অভিযোগনামা দাখিলৰ নিৰ্দেশ দিয়া বুলিও জি পি সিঙে কয় ।

ইফালে যোৱা 9 জুলাইত বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাক লৈ ৰাজ্যবাসীৰ ওচৰত কৰযোৰে ক্ষমা বিচাৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM on Vineet Bagaria suicide case) ৷ আৰক্ষীৰ ওচৰত ন্যায় নাপাই ডিব্ৰুগড়ৰ পশুপ্ৰেমী যুৱকে আত্মহত্যা কৰা ঘটনাত দুখ প্ৰকাশ কৰি ইয়াক আৰক্ষীৰ ব্যৰ্থতা বুলি স্বীকাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উক্ত ঘটনাৰ বাবে ডিব্ৰুগড় আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

উল্লেখ্য যে, বিনীত বাগাৰীয়া নামৰ যুৱকজনক তেওঁলোকৰ ভাড়াতীয়া সঞ্জয় শৰ্মা, তেওঁৰ সংগী বাদ্দুলা খান, আজীজ খান আৰু নিশান্ত শৰ্মাই ভাবুকি দি অহা ঘটনাৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ পৰিণতিত নিৰাপত্তাহীনতাত ভুগি বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ভাড়াতীয়াৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা কৰিছিল বিনীত বাগাৰীয়া নামৰ 29 বছৰীয়া পশুপ্ৰেমী যুৱকজনে (Vineet Bagaria Suicide Case) ৷

লগতে পঢ়ক : CM visits Vineet residence: কৰযোৰে ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.