ETV Bharat / state

Mid day meal workers protest:নলবাৰীত ৰন্ধন কৰ্মীৰ প্ৰতিবাদত আৰক্ষীৰ বাধা

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 1:59 PM IST

নলবাৰীৰ বৰক্ষেত্ৰী খণ্ড সমল কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । প্ৰতিবাদী ৰন্ধন কৰ্মীৰ মাজত আৰক্ষীৰে হতাহতি ।

mid day meal workers protest at mukalmua in nalbari
ৰন্ধন কৰ্মীৰ প্ৰতিবাদ

ৰন্ধন কৰ্মীৰ প্ৰতিবাদ

নলবাৰী, 2 নৱেম্বৰ : "মামা তুমি হুচিয়াঁৰ" ধ্বনিৰে আজি বৃহস্পতিবাৰেও উত্তাল নলবাৰী । নলবাৰীত চলি থকা ৰন্ধন কৰ্মীৰ প্ৰতিবাদৰ আজি দ্বিতীয় দিন ৷ দ্বিতীয় দিনটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মুকালমুৱাত । শ শ ৰন্ধন কৰ্মী প্ৰতিবাদকাৰীয়ে বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ সমল কেন্দ্ৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰোঁতে আৰক্ষীয়ে বাধা প্ৰদান কৰে ।

প্ৰতিবাদকাৰী মহিলাসকলে আৰক্ষীৰ বাধাক নেওচি কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিব খোঁজোতে আৰক্ষীৰে হতাহতিত লিপ্ত হয় । উল্লেখযোগ্য যে, ৰন্ধন কৰ্মীৰ নিম্নতম মজুৰীৰে পৰিয়াল পোহপালত বাধাৰ সন্মুখীন হৈ চৰকাৰৰ ওচৰত মজুৰী বৃদ্ধিৰ দাবীৰে আজিও অব্যাহত আছে ৰন্ধন কৰ্মীৰ প্ৰতিবাদ । বুধবাৰে গেট বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচত বৃহস্পতিবাৰে পুনৰ বৰক্ষেত্ৰী খণ্ড সমল কেন্দ্ৰৰ সন্মুখত শ শ ৰন্ধন কৰ্মীয়ে তেওঁলোকৰ দাবীসমূহ চৰকাৰে পূৰণ কৰাৰ দাবীৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

চৰকাৰৰ বিৰুদ্ধে ভিন্ন শ্লোগান দি সমল কেন্দ্ৰটোৰ বাহিৰত উত্তাল প্ৰতিবাদ চলি থাকোতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে । তাৰ পিচতে সমল কেন্দ্ৰটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। উল্লেখযোগ্য যে, সদৌ অসম ৰন্ধন কৰ্মচাৰী সন্থাৰ আহ্বানত ৰাজ্যজুৰি ৰন্ধন কৰ্মীসকলে মজুৰি বৃদ্ধিৰ দাবীত বুধবাৰৰে পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । আজিও ঠায়ে ঠায়ে ৰন্ধন কৰ্মীসকলে প্ৰতিবাদ চলাই থকাৰ মাজতে মুকালমুৱাত সৃষ্টি হয় এই উত্তেজনাৰ । চৰকাৰে অতি শীঘ্ৰে ৰন্ধন কৰ্মীৰ দাবী পূৰণ কৰি ৰন্ধন কৰ্মীসকলক সকাহ দিবলৈ দাবী জনায় । অন্যথা ৰন্ধন কৰ্মীসকলে আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : Mid day meal workers protest: ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল মুকালমুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.