ETV Bharat / state

Erosion in Nalbari: গছৰ ডাল বাঁহেৰে লুইতৰ খহনীয়া ৰোধৰ চেষ্টা নলবাৰীত

author img

By

Published : Aug 7, 2023, 1:41 PM IST

Erosion in Assam
গোৰাক্ষাট্টাৰীত গৰাখহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ

নলবাৰীৰ গোৰাক্ষাট্টাৰীত গৰাখহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ । জলসম্পদ বিভাগক গৰাখহনীয়া ৰোধ কৰিবলৈ আহ্বান ৰাইজৰ ।

গোৰাক্ষাট্টাৰীত গৰাখহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ

নলবাৰী, ৭ আগষ্ট: নলবাৰী জিলাৰ গোৰাক্ষাট্টাৰীত ব্ৰহ্মপুত্ৰ নৈৰ ভয়ানক খহনীয়াৰ সৃষ্টি হৈছে । ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰাক্ষাট্টাৰী, লাৰকুছি, পেৰাধৰাকে ধৰি কেইবাখনো গাঁৱৰ লোক এতিয়া শংকিত হৈ পৰিছে । গৰাখহনীয়াৰ ফলত ইখনৰ পিছত সিখন ৰাজহুৱা সম্পদ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰমত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । ফলত উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে একত্ৰিতভাৱে নিজা খৰছেৰে গছ-গছনিৰ ডাল, বাঁহ আদিৰে নদীৰ সোঁতক বাধা দি গৰাখহনীয়া ৰোধৰ চেষ্টা চলাইছে ।

ইতিমধ্যে জিলাখনৰ গোৰাক্ষাট্টাৰী গাঁৱৰ ৰাজহুৱা খেলপথাৰখনৰ এটা অংশ নৈৰ ভয়াৱহ খহনীয়াৰ কবলত পৰাৰ লগতে ৰাজহুৱা শ্মশানখনো খহনীয়াৰ কবলত পৰিছে ৷ গৰাখহনীয়া অব্যাহত থাকিলে ৰাজহুৱা শ্মশানখনৰ লগতে ৰাজহুৱা খেলপথাৰখন নিশ্চিহ্ন হ'ব বুলি আংশংকা কৰিছে স্থানীয় ৰাইজে । সেয়েহে আজি অঞ্চলটোৰ ৰাইজে শ্ৰম দান দি গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা চলাইছে ।

ৰাইজে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে ব্ৰহ্মপুত্ৰ শান্ত হয় আৰু অঞ্চলটোত খহনীয়া ৰোধ হয় । অতিশীঘ্ৰে অঞ্চলটোৰ গৰাখহনীয়াৰ এক স্থায়ী সমাধান কৰি দিবলৈ জলসম্পদ বিভাগৰ লগতে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাক আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ।

উল্লেখ্য় যে, ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিপৰ্যস্ত কৰি তুলিছে জিলাখনৰ গোৰাক্ষাট্টাৰীৰ একাংশ লোকক ৷ উক্ত অঞ্চলটোত ব্ৰহ্মপুত্ৰই লৈছে ভয়ংকৰ ৰূপ ৷ চপৰা চপৰে খহিছে গৰা ৷ ৰাইজৰ চকুৰ পলকতে নৈ বুকুত জাহ গৈছে মাটি ৷ ফলত আতংকিত হৈ পৰিছে হাজাৰ হাজাৰ নৈপৰীয়া ৰাইজ ৷

ৰাজ্যজুৰি প্ৰলয়ৰ সৃষ্টি কৰা বানৰ প্ৰভাৱৰ পৰ‍া মুক্ত হোৱা ৰাজ্যৰ লাখ লাখ লোক এতিয়া শংকিত হৈছে খহনীয়াৰ বাবে । এতিয়াও খহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰা অঞ্চলত ভয়াৱহ পৰিস্থিতিৰে যুঁজ দি আছে প্ৰভাৱিত লোকসকলে । বানৰ পাছত খহনীয়াই সংহাৰ ৰূপ ধাৰণ কৰি ৰাজ্যৰ নৈ পৰীয়া অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে ।

লগতে পঢ়ক:River bank erosion: মৈৰাবাৰীত বৰলুইতৰ বিধ্বংসী খহনীয়া; সুৰক্ষিত স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.