ETV Bharat / state

চৰকাৰী মাটি দখল কৰাৰ অভিযোগত জেলত যাব লাগিব অখিল গগৈ : জয়ন্ত মল্ল বৰুৱা

author img

By

Published : Dec 14, 2021, 8:47 PM IST

land-grabbing-allegation-against-akhil-gogoi
চৰকাৰী মাটি দখল কৰাৰ অভিযোগত জেলত যাব লাগিব অখিল গগৈ : জয়ন্ত মল্ল বৰুৱা

খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against CM family) বিষয়ক অভিযোগকলৈ অখিল গগৈয়ে তীব্ৰ সমালোচনা কৰি থকা সময়তে এতিয়া গগৈক ওভটি ধৰিছে বিজেপিৰ ইজনৰ পিছত সিজন মন্ত্ৰী বিধায়কে ৷ পীযুষ হাজৰিকা, বিনোদ হাজৰিকাৰ পিছত এইবাৰ সৰৱ হৈছে জয়ন্ত মল্ল বৰুৱা ৷ সবিশেষ জানো আহক ৷

নলবাৰী, 14 আগষ্ট : ''অখিল গগৈয়ে চৰকাৰী মাটি দখল কৰাৰ অভিযোগত জেলত যাব লাগিব ৷ অখিল গগৈয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৮ বিঘা মাটি বেদখল কৰি অৰ্কিড উদ্যান নিৰ্মাণ কৰিছে(Land grabbing allegation against Akhil Gogoi)৷ অখিলৰ দৰে মানুহক ২ মিনিটত জেলত পঠাব পাৰি কিন্তু অখিল জেলত থকা জেলৰ বাহিৰত থকাৰ একো মূল্য নাই । অখিলক বিধায়ক বনাই শিৱসাগৰ মানুহ পস্তাই আছে ।'' এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ (Jayanta Malla Baruah criticisze Akhil Gogoi) ৷

চৰকাৰী মাটি দখল কৰাৰ অভিযোগত জেলত যাব লাগিব অখিল গগৈ : জয়ন্ত মল্ল বৰুৱা

মন কৰিব লগীয়া বিষয় যে, খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against CM family) বিষয়ক অভিযোগকলৈ অখিল গগৈয়ে তীব্ৰ সমালোচনা কৰি থকা সময়তে এতিয়া গগৈক ওভটি ধৰিছে বিজেপিৰ ইজনৰ পিছত সিজন মন্ত্ৰী বিধায়কে ৷ উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ পীযুষ হাজৰিকাই বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল মাইক্ৰ’ ব্লগিং চাইট টুইটাৰ যোগে(Akhil Pizush twitter spat) ৷

ইয়াৰ পিছতে মন্ত্ৰী গৰাকীৰ অভিযোগ খণ্ডন কৰি আত্মপক্ষ সমৰ্থন কৰি অখিল গগৈয়েও টুইটাৰযোগে মন্ত্ৰী গৰাকীক উত্তৰ দিয়া দেখা গৈছিল ৷ টুইটাৰত দুয়োৰে মাজত সৃষ্টি হোৱা বাক-যুদ্ধক লৈ সামাজিক মাধ্যমতো যথেষ্ট আলোচনা হোৱা দেখা গৈছিল ৷ কেৱল ইমানেই নহয়, মঙলবাৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকায়ো এই সম্পৰ্কীয় অভিযোগৰ উত্তৰ দিবলৈ গৈ অখিল গগৈৰ মানসিক স্বাস্থ্যক লৈ প্ৰশ্নৰ উত্থাপন কৰে ৷ ইয়াৰ পিছত এতিয়া মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব গৰাকীয়ে কৰা মন্তব্যই এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : Ranjan Gogoi's Controversy : পুনৰ বিতৰ্কৰ আৱৰ্তত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.