ETV Bharat / state

Eid ul Adha 2022: নলবাৰীৰ গো-বজাৰত গৰু ক্ৰয় কৰিবলৈ অগণন লোকৰ সমাৱেশ

author img

By

Published : Jul 9, 2022, 6:46 PM IST

Eid Al Adha 2022
নলবাৰীৰ গো-বজাৰত গৰু ক্ৰয় কৰিবলৈ অগণন লোকৰ সমাৱেশ

ঈদ উদযাপনৰ বাবে সাজু হৈছে নলবাৰীবাসী(Eid celebration in Assam) ৷ শনিবাৰে নলবাৰীৰ গো-বজাৰত দেখা গ’ল এক লোকে লোকাৰণ্য পৰিৱেশ ৷ ভিন্ন প্ৰান্তৰ লোকে সমাগম কৰিলে লোহাৰকাঠা গো-বজাৰত(Countless people gather to buy cows at cow market) ৷

নলবাৰী, ৯ জুলাই: সমগ্ৰ দেশৰ লগতে অসমতো কাইলৈ উদযাপন কৰা হ’ব ঈদ (Eid-al-Adha 2022) ৷ ঈদ উদযাপনৰ বাবে সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল । নলবাৰীৰ লোহাৰকাঠা গো-বজাৰত কুৰ্বানিৰ বাবে জন্তু ক্ৰয় কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰা দেখা গৈছে(Countless people gather to buy cows at cow market) ।

নলবাৰীত ঈদক লৈ দেখা গ'ল উখল মাখল পৰিবেশ (Eid-ul-Adha preparation in Nalbari)। কুৰ্বানি সম্পৰ্কত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মানি ঈদ উদযাপন কৰিবলৈ সাজু হৈছে নলবাৰীবাসী । নলবাৰীৰ লোহাৰকাঠাত অনুষ্ঠিত গো-বজাৰত বিভিন্ন স্থানৰ পৰা অহা লোকসকলে কুৰ্বানিৰ বাবে জন্তু ক্ৰয় কৰে । লগতে অন্য ধৰ্মাৱলম্বী লোকৰ বসতিস্থানত কুৰ্বানি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিছে ইছলাম ধৰ্মাৱলম্বী লোকে ৷

নলবাৰীৰ গো-বজাৰত গৰু ক্ৰয় কৰিবলৈ অগণন লোকৰ সমাৱেশ

উল্লেখ্য যে, এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে হিন্দু ধৰ্মাৱলম্বী লোকৰ অন্তৰত আঘাত দি কুৰ্বানি নিদিবলৈ আহ্বান জনোৱাৰ পাছতে ৰাজ্য চৰকাৰেও জাৰি কৰিছিল অনুৰূপ জাননী ৷ ইয়াৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ দেশজুৰি চৰ্চিত হৈছে বিষয়টো ৷ ঈদৰ প্ৰাকমূহুৰ্তত অৰ্থাৎ শনিবাৰে এই সম্পৰ্কত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো মন্তব্য প্ৰকাশ কৰে কুৰ্বানি দিয়া-নিয়াৰ সম্পৰ্কত (Himanta Biswa Sarma on Qurbani on Eid)৷

মুখ্যমন্ত্ৰীগৰাকীয়েও অন্য ধৰ্মাৱলম্বীৰ মনত আঘাত দি কুৰ্বানি নিদিবলৈ আহ্বান জনায় ৷ কেৱল মুছলমান বসতিপ্ৰধান অঞ্চলত পৰস্পৰা ৰক্ষা কৰাত কোনো বাধা নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে তেও কয় যে, কুৰ্বানি দিয়া-নিয়াৰ ক্ষেত্ৰত আৰক্ষীয়েও কোনো হকা-বধা নকৰে ৷ কেৱল গো-সুৰক্ষা আইন(Cattle preservation act) মানি চলিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: CM on Qurbani on Eid: অন্য ধৰ্মাৱলম্বীৰ মনত আঘাত দি কুৰ্বানি নিদিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.