ETV Bharat / state

বেংক ডকাইতিৰ বুজ ল’লে ডিআইজি ব্ৰজেনজিৎ সিনহাই

author img

By

Published : Nov 21, 2020, 6:37 PM IST

অময়াপুৰৰ পঞ্জাৱ নেশ্যনেল বেংকৰ ডকাইতি কাণ্ডৰ বুজ লবলৈ নলবাৰীত উপস্থিত অসম আৰক্ষীৰ উপ-মহা পৰিদৰ্শক বিক্ৰমজিৎ সিনহা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত চলি থকাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে অসম আৰক্ষীৰ উপ-মহা পৰিদৰ্শকগৰাকীয়ে ৷

DIG visited nalbari bank robbery case assam etv bharat news
নলবাৰী সদৰ থানা

নলবাৰী,21 নৱেম্বৰ: বিগত কিছুদিনৰ পৰা নলবাৰী চহৰৰ মাজমজিয়াত বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ ৷ চিলনী চোৰ, দিন ডকাইতিৰ পিছতে শুকুৰবাৰে জিলাখনৰ অময়াপুৰস্থিত পঞ্জাৱ নেশ্যনেল বেংকত দিন-দুপৰতে সংঘটিত হয় ডকাইতি ৷ ডকাইতৰ দলে বেংকটোত প্ৰৱেশ কৰি শূন্যলৈ গুলীচালনা কৰি লুটি নিয়ে প্ৰায় 60 লক্ষাধিক নগদ ধন ৷ এই ঘটনাৰ পিছতে নলবাৰীত শনিবাৰে উপস্থিত হয় অসম আৰক্ষীৰ উপ-মহা পৰিদৰ্শক ব্ৰজেনজিৎ সিনহা ৷ উল্লেখ্য যে, দীৰ্ঘদিনে এনে অপৰাধমূলক কাৰ্য সংঘটিত হৈ অহাৰ পিছতো অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নলবাৰী আৰক্ষী ৷

বেংক ডকাইতিৰ বুজ ল’লে ডিআইজি ব্ৰজেনজিৎ সিনহাই

বেংক ডকাইতি সম্পৰ্কে আৰক্ষীৰ উপ-মহা পৰিদৰ্শকগৰাকীয়ে বুজ লোৱাৰ পিছত এইক্ষেত্ৰত আৰক্ষীৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰে সিনহাই ৷ তদুপৰি ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত চলি থকাৰ কথা ব্যক্ত কৰে অসম আৰক্ষীৰ উপ-মহা পৰিদৰ্শক ব্ৰজেনজিৎ সিনহায়ে ৷ নলবাৰী সদৰ থানাৰ সন্মুখতে অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ নলবাৰী শাখাটোত সময়ে সময়ে গ্ৰাহকৰ পৰা ধন লুট কৰি আহিছে চিলনী চোৰে ৷ নলবাৰী আৰক্ষীৰ নাকৰ তলতে এনে ঘটনা সংঘটিত হোৱা সত্বেও অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

লগতে চাওকঃ সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে : দেওবাৰে যোগ দিব বিজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.