ETV Bharat / state

Merger of Nalbari Civil Hospital: আইনৰ দোহাই দি প্ৰতিবাদকাৰীক প্ৰশাসন যন্ত্ৰই গুলিয়াই মাৰিব: নলবাৰী জিলা কংগ্ৰেছ

author img

By

Published : Feb 20, 2023, 10:55 AM IST

Protest against hospital relocation in Nalbari
চিকিৎসালয় স্থানান্তৰ সন্দৰ্ভত জিলা কংগ্ৰেছৰ সংবাদ মেল

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথাৰ কোনো মূল্য নাই - নলবাৰীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে কৰিলে এই মন্তব্য (Press meet for hospital relocation in Nalbari) । লগতে গণতান্ত্ৰিকভাৱে হোৱা প্ৰতিবাদক মষিমূৰ কৰিবলৈকে জিলাখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে বুলি কলে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Section 144 imposed in Nalbari) ।

চিকিৎসালয় স্থানান্তৰ সন্দৰ্ভত জিলা কংগ্ৰেছৰ প্ৰতিবাদ

নলবাৰী, 20 ফেব্ৰুৱাৰী: নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন স্থানান্তৰৰ বিৰুদ্ধে জিলাবাসীৰ ক্ষোভৰ লগতে প্ৰতিবাদ আজিও অব্যাহত আছে (Swahid Mukunda Kakati Civil Hospital) । নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নৱনির্মিত মেডিকেল কলেজৰ সৈতে সংলগ্নৰ বিৰোধিতাৰে জিলা কংগ্ৰেছে দেওবাৰে আয়োজন কৰে এখন সংবাদ মেলৰ । ইফালে প্ৰতিবাদ মষিমূৰ কৰিবলৈ নলবাৰীত ১৪৪ ধাৰা জাৰি কৰা বুলি উল্লেখ কৰি বিজেপি শাসিত চৰকাৰখনক নলবাৰী জিলা কংগ্ৰেছে কঠোৰ ভাষাৰে সমালোচনা কৰে ।

দেওবাৰে নলবাৰীৰ ৰাজীৱ ভৱনত সংবাদমেল যোগে নলবাৰীৰ চিভিল হাস্পতাল স্থানান্তৰ সন্দৰ্ভত বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সমগ্ৰ বিষয়টোক বিৰোধীৰ ভুল প্ৰচাৰ বুলি কৰা বক্তব্যক ধিক্কাৰ দিয়ে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে (Nalbari District Congress) । উল্লেখযোগ্য যে, নেচনেল মেডিকেল কাউঞ্চিলৰ পৰ্যবেক্ষণৰ পিছত নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজত স্থানান্তৰ কৰা সকলো সা সুবিধা নলবাৰী অসামৰিক চিকিৎসালয়লৈ পুনৰাই ওভতাই অনাৰ কথা ব্যক্ত কৰিছিল নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি কংগ্ৰেছৰ জিলা সভাপতিগৰাকীয়ে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত পূৰ্বৰ দৰেই সকলো সেৱা বাহাল ৰখাৰ দাবী উত্থাপন কৰে (Protest against hospital relocation in Nalbari)।

ৰাইজে চিকিৎসালয় স্থানান্তৰৰ বিৰোধ কৰি চিকিৎসালয়খন পূৰ্বৰ স্থানতেই ৰাখি স্বাস্থ্য সেৱা অব্যাহত ৰাখিবলৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল । গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰিবলৈ কাৰ নিৰ্দেশত জিলা দণ্ডাধীশে নলবাৰী জিলাত ১৪৪ ধাৰা জাৰি কৰিলে বুলিও সংবাদ মেলযোগে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । শাসনাধিষ্ঠিত চৰকাৰখন ভীৰুৰ চৰকাৰ, কাপুৰুষৰ চৰকাৰ তথা এইখন চৰকাৰে গণতান্ত্রিক আন্দোলনক ভয় কৰে বুলি কংগ্ৰেছৰ জিলা সভাপতিগৰাকীয়ে কয় (Protest in Nalbari) ।

শ্বহীদৰ স্মৃতি বিজড়িত চিকিৎসালয়খন ভাঙি নতুনকৈ স্থাপন কৰিব বিচৰা সিদ্ধান্তক তীব্ৰভাৱে ধিক্কাৰ দিয়ে নলবাৰী জিলা কংগ্ৰেছে । চহৰখনৰ মাজমজিয়াৰ পৰা চিকিৎসালয়খন ১৪ কিলোমিটাৰ নিলগৰ দক্ষিগাঁৱত নিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ সৈতে সংলগ্ন কৰিব বিচৰা চৰকাৰী সিদ্ধান্তক জিলাবাসীয়ে সহজভাৱে মানি ল’ব পৰা নাই আৰু সেয়ে জিলাখনত সকলো প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পিছতে নলবাৰীত জাৰি কৰা হয় 144 ধাৰা ৷

ইয়াৰ পিছতে গণতান্ত্ৰিক প্ৰতিবাদৰ ভয়ত নলবাৰী জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰে । চৰকাৰৰ চিকিৎসালয় স্থানান্তৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বৰ্তমানেও ক্ষোভিত জিলাবাসী ৷ গতিকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই অহা মাত্ৰকে ১৪৪ ধাৰাৰ দোহাই দি প্ৰশাসন যন্ত্ৰই গুলিয়াই মাৰিব বুলি সংবাদ মেলত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন স্থানান্তৰৰ বিৰুদ্ধে নলবাৰীৰ সকলো দল, সংগঠন, ৰাইজক স্বাক্ষৰ যোগে নেচনেল মেডিকেল কাউঞ্চিলক অভিযোগ দিবলৈ আহ্বান জনায় নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে । নহ’লে চৰকাৰী ষড়যন্ত্ৰৰ ফলত নলবাৰী চহৰৰ মাজমজিয়াৰ পৰা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নাইকিয়া হৈ যোৱাৰো আশংকা প্ৰকাশ কৰে ৰাতুল পাটোৱাৰীয়ে ।

ৰাজীৱ ভৱনত আয়োজিত সংবাদ মেলখনত নলবাৰী জিলা কংগ্রেছ কমিটিৰ সভাপতি ৰাতুল পাটোৱাৰী, সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈৰ লগতে দলটোৰ বহুকেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক : Brutal murder in Guwahati: গুৱাহাটীত শ্ৰদ্ধাকাণ্ড; স্বামী-শাহুৱেকক টুকুৰা-টুকুৰকৈ কাটি ৰাখিলে ফ্ৰীজত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.