ETV Bharat / state

Brutal murder in Guwahati: গুৱাহাটীত শ্ৰদ্ধাকাণ্ড; স্বামী-শাহুৱেকক টুকুৰা-টুকুৰকৈ কাটি ৰাখিলে ফ্ৰীজত

author img

By

Published : Feb 19, 2023, 10:54 PM IST

Updated : Feb 19, 2023, 11:01 PM IST

Brutal murder in Guwahati
গুৱাহাটীত শ্ৰদ্ধাকাণ্ড; স্বামী-শাহুৱেকক টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ৰাখিলে পত্নীয়ে

গুৱাহাটীত দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি ৷ এইবাৰ পত্নীয়ে হত্যা কৰিলে স্বামী আৰু শাহুৱেকক (Sensational Murder in Guwahati) ৷ হত্যা কৰি দুয়োটা মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি পেলাই দিলে মেঘালয়ৰ ডাউকীত ৷ ঘটনাক কৈ তীব্ৰ চাঞ্চল্য ৷

গুৱাহাটী, 19 ফেব্ৰুৱাৰী: দিল্লীৰ শ্ৰদ্ধাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ (Delhi shraddha case) উত্তেজনা মাৰ নৌযাওঁতেই গুৱাহাটী মহানগৰীত সংঘটিত হ’ল আন এক অনুৰূপ হত্যাকাণ্ড ৷ এইবাৰ প্ৰেমিক নহয় পত্নীয়ে হত্যা কৰিলে নিজৰ স্বামী আৰু শাহুৱেকক । আৰক্ষীৰ এটা উচ্চস্তৰীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এই হত্যাকাণ্ড ইমানেই নৃশংস আছিল যে পত্নীয়ে স্বামী আৰু শাহুৱেকক হত্যা কৰি পাচত দাৰে টুকুৰা-টুকুৰ কৰা শৰীৰ পলিথিনত ভৰাই মেঘালয়ৰ ডাউকী ৰোডৰ পাহাৰীয়া অঞ্চলৰ প্ৰায় 50/60 ফুট দ’ খাৱৈত পেলাই দিছিল (Woman killed husband and mother in law) ৷

ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় 7 মাহ পাচত আৰক্ষীৰ গোপন তদন্তত পোহৰলৈ আহে এই নৃশংস হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ । তথ্য অনুসৰি মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে’ কেইবছৰমান পূৰ্বে বন্দনা কলিতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । বিয়াৰ কিছুদিন পাচলৈকে স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক ঠিকে আছিল যদিও অধিক উচ্চাকাংক্ষী পত্নী বন্দনাৰ সৈতে ধনজিৎ ডেকা নামৰ এজন যুৱকৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল ।

এই কথাক লৈ স্বামী অমৰজ্যোতি দে’ আৰু বন্দনাৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল । ইফালে, অমৰজ্যোতি দে’ৰ মাতৃ শংকৰী দেৰ নামত মহানগৰীৰ চান্দমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল । তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বসবাস কৰি আছিল । ইয়াৰে অন্য চাৰিটা অট্টালিকাৰ ভাড়া সংগ্ৰহ কৰি আছিল অমৰজ্যোতি দে’ৰ মোমায়েকে । ইয়াক লৈয়ো পত্নী বন্দনা কলিতা সন্তুষ্ট নাছিল । এনে বিভিন্ন কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দেৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰস্তুতি চলি আছিল (Murder in Guwahati) ।

এনে সময়তে প্ৰায় 7 মাহ পূৰ্বে বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ নিৰুদ্দেশ হৈ থকা বুলি নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দিয়ে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্ধানহীন সম্পৰ্কীয় গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে । এই তদন্ত চলি থকা সময়তে বন্দনাই দ্বিতীয়খন এজাহাৰ দাখিল কৰি শাহুৱেকৰ পাঁচটা একাউন্টৰ ধন অমৰজ্যোতি দে’ৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ কৰি ঘটনাৰ তদন্ত বিচাৰে ।

আৰক্ষীয়ে এই পাঁচটা একাউন্টৰ ধন উলিওৱা ঘটনাটো সূক্ষ্মভাৱে তদন্ত কৰি ইয়াৰ এটা একাউন্টৰ পৰা বন্দনাই এ টি এম ব্যৱহাৰ কৰি পাঁচ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে । এই তথ্য লাভ কৰাৰ পাচতে আৰক্ষীৰ বন্দনাৰ ওপৰত সন্দেহ ওপজে । ফলত আৰক্ষীয়ে যোৱা 17 ফেব্ৰুৱাৰীত বন্দনাক আটক কৰে ।

আৰক্ষীৰ জেৰাত বন্দনাই স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক হত্যা কৰা বুলি নিজ মুখে স্বীকাৰ কৰে (Husband killed by wife in Guwahati) । আৰক্ষীৰ জেৰাত বন্দনাই প্ৰথমে শাহুৱেক শংকৰী দে’ক চানমাৰীৰ অট্টালিকাত অৰূপ দাস নামৰ আন এজন যুৱকৰ সহযোগত মুখত সোপা দি হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত তিনিদিন ধৰি ভৰাই ৰখা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে । তিনিদিন পাচত বন্দনাই পুনৰ নাৰেংগীস্থিত নিজৰ বাস গৃহত স্বামী অমৰজ্যোতি দে’ক অবৈধ প্ৰেমিক ধনজিৎ ডেকাৰ সহযোগত ডিঙি চেপি নৃশংসভাৱে হত্যা কৰে ।

পাচত অমৰজ্যোতি দে’ক দাৰে কাটি টুকুৰা-টুকুৰ কৰি পলিথিনত ভৰাই থয় । পাচত মাতৃ পুত্ৰৰ মৃতদেহ দুটা ধনজিৎ ডেকাৰ গাড়ীত ভৰাই মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয় । ডাউকীত উপস্থিত হৈ তিনি হত্যাকাৰী মিলি মৃতদেহৰ টোপোলা দুটা পথৰ দাঁতিৰ দ খাৱৈত পেলাই দিয়ে । এই বিস্ফোৰক তথ্য লাভ কৰাৰ পাচতে আৰক্ষীয়ে ধনজিৎ ডেকাক শনিবাৰে তিনিচুকীয়াৰ পৰা আৰু অৰূপ দাসক খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰি নুনমাটি থানালৈ আনে ।

দেওবাৰে পুৱাৰ ভাগত নুনমাটি আৰক্ষীয়ে তিনি হত্যাকাৰীক লগত লৈ মেঘালয়ৰ ডাউকীত উপস্থিত হয় । আৰক্ষীৰ দলটোৱে দ খাৱৈত অভিযান চলাই মৃতদেহ দুটাৰ কেতবোৰ অংগ-প্ৰত্যঙ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই দুটা হত্যাকাণ্ডত আন এক বৃহৎ চক্ৰ জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । লগতে বিবাহ বিচ্ছেদ আৰু সম্পত্তিৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি দাবী কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Dacoit Killed in Sonari: টিংখাং আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী সন্তোষ জয়ছোৱাল

Last Updated :Feb 19, 2023, 11:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.