ETV Bharat / state

Dacoit Killed in Sonari: টিংখাং আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী সন্তোষ জয়ছোৱাল

author img

By

Published : Feb 19, 2023, 7:24 PM IST

Updated : Feb 19, 2023, 10:20 PM IST

Dacoit Killed at Sonari
টিংখাং আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী সঞ্জু জয়ছোৱাল

টিংখাং আৰক্ষীৰ গুলীত নিহত হ’ল এটা দুৰ্ধৰ্ষ ডকাইত (Dacoit shot dead by Tingkhong police) ৷ নিহত ডকাইটোৰ নাম সন্তোষ জয়ছোৱাল ৷ আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ চেষ্টা কৰোঁতেই সংঘটিত হয় গুলীচালনা ৷

টিংখাং আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী সন্তোষ জয়ছোৱাল

ডিব্ৰুগড়, 19 ফেব্ৰুৱাৰী: অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰ ৷ এইবাৰ কুখ্যাত ডকাইতলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ ৷ টিংখাঙৰ বৰবাম আৰক্ষীৰ গুলীত নিধন হ’ল দুধৰ্ষ ডকাইত সন্তোষ জয়ছোৱাল (Dacoit shot dead by Tingkhong police) ৷ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া জিলাখনত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

দেওবাৰে সোণাৰিৰ চেঁচাসত্ৰত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা (Encounter in Sonari) ৷ উল্লেখ্য যে, বহুকেইটা অপৰাধৰ সৈতে জড়িত আছিল সন্তোষ জয়ছোৱাল ৷ কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ চেষ্টা কৰোঁতেই গুলীচালনা কৰে টিংখাঙৰ বৰবাম আৰক্ষীয়ে ৷ আৰক্ষীৰ তিনি জাঁই গুলীত ঢলি পৰে কুখ্যাত অপৰাধী সন্তোষ জয়ছোৱাল (Santush jaiswal killed in encounter) ৷

আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আহত সন্তোষ জয়ছোৱালক ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত (Assam Medical College Dibrugarh) ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসালয়খনৰ চিকিৎসকে সন্তোষ জয়ছোৱালৰ পৰীক্ষা কৰি মৃত ঘোষণা কৰে (Dacoit Killed in Sonari) ৷ সন্তোষৰ মৃত্যুৰ পাচত শোকত ভাগি পৰে পত্নী ৷ প্ৰাপ্ত তথ্য অনুসৰি ডিব্ৰুগড়ৰ টিংখাং আৰক্ষীয়ে সোণাৰিত অভিযান চলাওঁতেই পলায়ন চেষ্টা কৰিছিল সন্তোষ জয়ছোৱালে ৷ তেতিয়াই আৰক্ষীয়ে কৰে গুলীচালনা ৷

লগতে পঢ়ক: Coal syndicate in Assam: চৰকাৰে কয়লা মাফিয়াক দেহৰক্ষীৰে সুৰক্ষা প্ৰদান কৰিছে : প্ৰদেশ কংগ্ৰেছ

টিংখাঙৰ বৰবাম আৰক্ষীৰ চকী এলেকাৰ নিবাসী আছিল সন্তোষ জয়ছোৱাল ৷ ডকাইতিৰ লগতে চুৰিকাণ্ডৰ সৈতেও জড়িত আছিল সন্তোষ ৷ দেওবাৰে পত্নী আৰু সন্তানক লগ কৰিবলৈ সোণাৰিৰ চেঁচাসত্ৰত শহুৰেকৰ ঘৰত উপস্থিত হৈছিল সন্তোষ ৷ সেই খবৰ লাভ কৰিয়েই আৰক্ষীয়ে চলাইছিল অভিযান (One Dacoit Dead in Police Firing in Sonari) ৷

সন্তোষ জয়ছোৱালৰ মৃত্যুৰ পাচতেই এতিয়া কান্দোনত ভাগি পৰিছে পত্নী ৷ উল্লেখ্য যে, পত্নীৰ সন্মুখতে গুলীচালনা কৰে আৰক্ষীয়ে ৷ অসম চিকিৎসা মহাবিদ্যালয়ত (AMCH) উপস্থিত হৈ এনকাউণ্টাৰৰ সৱিশেষ বৰ্ণনা দিলে পত্নীয়ে ৷ গুলী নচলাবলৈ অনুৰোধ কৰাৰ পাচতো আৰক্ষীয়ে গুলীচালনা কৰা বুলি মন্তব্য সন্তোষ জয়ছোৱালৰ পত্নীৰ ৷ প্ৰায় তিনিমাহ পূৰ্বে পূৰ্বৰ এটা বাইক চুৰি গোচৰত জামিন লাভ কৰি জে’লৰ পৰা ওলাই আহিছিল বুলিও সংবাদমাধ্যমৰ আগত উল্লেখ কৰে মৃত সন্তোষ জয়ছোৱালৰ পত্নীয়ে ৷

লগতে পঢ়ক: Ranjit Bora Murder Case: হত্যাকাৰী শ্বাহ আলমক গুলীওৱাৰ কাৰণ জনালে আৰক্ষীয়ে

Last Updated :Feb 19, 2023, 10:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.