ETV Bharat / state

Coal syndicate in Assam: চৰকাৰে কয়লা মাফিয়াক দেহৰক্ষীৰে সুৰক্ষা প্ৰদান কৰিছে : প্ৰদেশ কংগ্ৰেছ

author img

By

Published : Feb 19, 2023, 9:40 PM IST

Coal syndicate in Assam
চৰকাৰে কয়লা মাফিয়াক দেহৰক্ষীৰে সুৰক্ষা প্ৰদান কৰিছে : প্ৰদেশ কংগ্ৰেছ

কয়লাৰ চোৰাং ব্যৱসায়ক লৈ সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত (Coal syndicate in Assam) । বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ঠ বি গণেশ আৰু গোবিন্দ ছেত্ৰীক চৰকাৰে নিৰাপত্তাৰক্ষীৰে সুৰক্ষা প্ৰদান কৰাৰ অভিযোগ । প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত সকলো তথ্য ৰাজহুৱা কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ ।

চৰকাৰে কয়লা মাফিয়াক দেহৰক্ষীৰে সুৰক্ষা প্ৰদান কৰিছে : প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী, 19 ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কয়লাৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত মাফিয়াক (Coal mafia) নিৰাপত্তাৰক্ষীৰে সুৰক্ষা প্ৰদান কৰিছে ৷ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যত অব্যাহত থকা কয়লা ছিণ্ডিকেটক লৈ সৰৱ হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত (Manjit Mahanta) ৷

মনজিৎ মহন্তই অভিযোগ উত্থাপন কৰি কয়, ‘‘কয়লাৰ চোৰাং কাৰবাৰত জড়িত বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ঠ বি গণেশ আৰু গোবিন্দ ছেত্ৰীক চৰকাৰে নিৰাপত্তাৰক্ষীৰে সুৰক্ষা প্ৰদান কৰিছে (Coal syndicate in Assam) ৷ এই দুয়োজন কয়লাৰ চোৰাং কাৰবাৰৰ তালিকাত শীৰ্ষত আছে ৷ তেওঁলোক দুজনৰ বিৰুদ্ধে ভূতত্ব আৰু খনি বিভাগৰ সঞ্চালকে 2019 চনতে এজাহাৰ দাখিল কৰিছিল ৷ 19 জন চোৰাং ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে দিয়া এজাহাৰখনৰ শীৰ্ষত এই দুইজনৰেই নাম আছিল ৷’’

তেওঁ লগতে কয় যে, এই দুয়োজন অপৰাধীক এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাত-আঠজনীয়া দেহৰক্ষী দি সুৰক্ষা প্ৰদান কৰিছে (Coal mafia safeguarded by Assam govt) ৷ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লোৱাৰ বিপৰীতে ইয়াৰ লগত জড়িত থকাসকলক সুৰক্ষা দিছে ৷ প্ৰদেশ কংগ্ৰেছে ইয়াৰ উপযুক্ত তদন্তৰ দাবী কৰিব বুলিও সংবাদমেলত উল্লেখ কৰে মনজিৎ মহন্তই ৷ আনহাতে প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশৰ ঘটনাটো ৰাজহুৱা কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে ৷

উল্লেখ্য যে, লিডুৰ কয়লাখনিত কাম কৰিবলৈ গৈ বিগত কেইবাদিনো ধৰি সন্ধানহীন হৈ আছে তিনিচুকীয়াৰ মাকুমৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ যুৱকজন ৷ এই ঘটনাটোক কেন্দ্ৰ কৰি কয়লাৰ অবৈধ খননৰ প্ৰসংগটো বিশেষভাৱে চৰ্চালৈ আহিছে (Tinisukia Pranjal Moran missing) ৷ সংবাদমেলত মনজিৎ মহন্তই প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশৰ আঁৰত বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ বি গণেশ আৰু গোবিন্দ ছেত্ৰী জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰে ৷

মনজিৎ মহন্তই কয় যে, এই ঘটনাৰ প্ৰতিবাদ জনাই মৰাণ সভা আৰু মৰাণ ছাত্ৰ সন্থাই দুদিন ধৰি ট্ৰাক অৱৰোধ কৰি ৰাখিছে (Coal smuggling in Assam) । চৰকাৰে তদন্তৰ ব্যৱস্থা কৰি প্ৰাঞ্জল মৰাণৰ সন্ধান দিব ল‍াগে ৷ ৰাজ্যত কয়লাৰ চোৰাং বেহা অব্যাহত থকাৰ লগতে দৈনিক 300-400 ট্ৰাকত কয়লাৰ চোৰাং সৰবৰাহ হয় বুলিও অভিযোগ উত্থাপন কৰে মনজিৎ মহন্তই । এইবোৰ দেখিও মুখ্যমন্ত্ৰী কিয় নিমাত বুলিও প্ৰশ্ন মনজিৎ মহন্তৰ ৷

লগতে পঢ়ক: AMSU protest in Tinsukia: প্ৰাঞ্জল মৰাণৰ সন্ধানৰ দাবীত তিনিচুকীয়াত পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.