ETV Bharat / state

45 দিনে পলাটক আচামী আটক বোকাজান আৰক্ষীৰ

author img

By

Published : Jul 29, 2019, 11:55 PM IST

45 দিনে পলাটক আচামী আটক বোকাজান আৰক্ষীৰ

জয়ন্ত দাস নামৰ এটা কুখ্যাত অপৰাধীক আৰক্ষীয়ে বিভিন্ন চুৰি তথা কেইবাটাও জামিনবিহীন গোচৰত আটক কৰি লক-আপত আছিল । কিন্তু আৰক্ষীৰ চকুত ধূলি দি দিনৰ ভাগতেই পলায়ন কৰিছিল আটকাধীন অপৰাধীটো

নগাঁও, 29 জুলাইঃ বিগত ১৪ জুনৰ পৰা বোকাজান আৰক্ষী থানাৰ পৰা পলাতক এটা আচামী। বোকাজান আৰক্ষীয়ে অভিযান চলাই নগাঁৱৰ কঁচুৱাৰ পৰা আটক কৰে আচামীটোক ৷ জয়ন্ত দাস নামৰ এটা কুখ্যাত অপৰাধীক আৰক্ষীয়ে বিভিন্ন চুৰি তথা কেইবাটাও জামিনবিহীন গোচৰত আটক কৰি লক-আপত আছিল। কিন্তু আৰক্ষীৰ চকুত ধূলি দি দিনৰ ভাগতেই পলায়ন কৰিছিল আটকাধীন অপৰাধীটো। এই সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছিল বোকাজান আৰক্ষীয়ে। অতি গোপন ভাৱে আৰক্ষীৰ উৰ্দ্ধতম কৰ্তৃপক্ষই ততাতৈয়াকৈ থানাখনৰ দায়িত্বত থকা ৪ জনকৈ আৰক্ষীৰ লোকক নিলম্বন কৰিছিল। দায়িত্বত থকা বোকাজান আৰক্ষী থানাৰ আৰক্ষী কেইজন ক্ৰমে এছ আই প্ৰাঞ্জল হাতীবৰুৱা,এএছআই শৰৎ চহৰীয়া আৰু কনিষ্টবল ৰাজকুমাৰ ৰাম আৰু শ্ৰীমতী স্নেহামণি শইকীয়া। ঘটনাৰ কিছু দিন পাৰ হোৱাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ অহাত ব্যৰ্থ বোকাজান আৰক্ষীক তৎপৰ হোৱা পৰিলক্ষিত হৈছে । তাৰেই পৰিপ্ৰেক্ষিতত বোকাজান আৰক্ষীয়ে 45 দিন পাচত সোমবাৰে পুৱতিনিশা গোপন সূত্ৰৰ পম খেদি কঁচুৱা থানাৰ অন্তৰ্গত জুৰদৈ অঞ্চলৰ পৰা পুনৰ আটক কৰে পলাতক জয়ন্ত দাসক। বৰ্তমান জয়ন্তক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

45 দিনে পলাটক আচামী আটক বোকাজান আৰক্ষীৰ

উল্লেখযোগ্য যে,পলায়ন কৰি জয়ন্ত দাসে এনিশা বোকাজান শ্মশানত পাৰ কৰি পুৱাৰ ভাগত ৰেল যোগে কেৰেলালৈ গৈছিল আৰু প্ৰায় চল্লিছ দিনৰ পাছত নগাঁৱৰ কঁচুৱাস্থিত ভনীয়েকৰ ঘৰত আত্মগোপন কৰি আছিল।

Intro:

Anchor: যোৱা ১৪ জুন তাৰিখৰ পৰাই বোকাজান আৰক্ষী থানাৰ পৰা পলাতক অৱস্থাত আছিল এটা আচামী । বোকাজান আৰক্ষীয়ে অভিযান চলাই আচামীটোক নগাঁওৰ কঁচুৱা ৰ পৰা আটক কৰে আৰক্ষীয়ে ।

V O : বোকাজান আৰক্ষীৰ চৰম ব্যৰ্থতা। যোৱা মাহৰ ১৪ তাৰিখেই বোকাজান থানাৰ লকাপৰ পৰা পলায়ন কৰিছিল এটা অপৰাধীয়ে । জয়ন্ত দাস নামৰ এটা কুখ্যাত অপৰাধীক আৰক্ষীয়ে বিভিন্ন চুৰি তথা কেইবাটাও জামিনবিহীন গোচৰত আটক কৰি লক-আপত ৰাখিছিল । কিন্তু আৰক্ষীৰ চকুত ধূলি দি দিনৰ ভাগতেই পলায়ন কৰিছিল আটকাধীন অপৰাধী টোৱে । এই সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছিল বোকাজান আৰক্ষীয়ে । অতি গোপন ভাবে আৰক্ষীৰ উৰ্দ্ধতম কৰ্তৃপক্ষই ততাতৈয়াকৈ থানাখনৰ দায়িত্বত থকা ৪ জনকৈ আৰক্ষীৰ লোকক নিলম্বন কৰিছিল । দায়িত্বত থকা বোকাজান আৰক্ষী থানাৰ আৰক্ষী কেইজন ক্ৰমে SI প্ৰাঞ্জল হাতীবৰুৱা, ASI শৰৎ চহৰীয়া আৰু কনিষ্টবল ৰাজকুমাৰ ৰাম আৰু শ্ৰীমতী স্নেহামণি শইকীয়াক ।
ঘটনাৰ কিছু দিন পাৰ হোৱাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ অহাত ব্যৰ্থ বোকাজান আৰক্ষীক তৎপৰ হোৱা পৰিলক্ষিত হৈছিল।
তাৰেই পৰিপ্ৰেক্ষিতত বোকাজান আৰক্ষীয়ে ৪৫ দিনৰ পিছত সোমবাৰে পুৱতি নিশা গোপন সূত্ৰৰ পম খেদি নগাঁও জিলাৰ কঁচুৱা থানাৰ অন্তৰ্গত জুৰদৈ অঞ্চলৰ পৰা পুনৰ আটক কৰে পলাতক জয়ন্ত দাসক । বৰ্তমান জয়ন্তক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

V:O:-- উল্লেখযোগ্য যে, পলায়ন কৰি জয়ন্ত দাসে এনিশা বোকাজান শ্মশান পাৰ কৰি পুৱাৰ ভাগত ৰেল যোগে কেৰেলালৈ গৈছিল আৰু প্ৰায় চল্লিছ দিনৰ পাছত নগাঁওৰ কঁচুৱাস্থিত ভনীয়েকৰ ঘৰত আত্মগোপন কৰি আছিল।

Byte:- ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বোকাজান থানা।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.