ETV Bharat / state

পঞ্জাৱৰ পৰা গাহৰি আহিলে অসমত মূল্যবৃদ্ধি হ’বই : জয়ন্ত মল্ল বৰুৱা

author img

By

Published : Oct 28, 2021, 7:05 PM IST

মূল্যবৃদ্ধিৰ ওপৰত টুলুঙা মন্তব্য বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে 20-30 বছৰ আগতে পদক্ষেপ নোলোৱাৰ বাবেই অসমত মূল্যবৃদ্ধি হোৱা বুলি মন্তব্য প্ৰকাশ বিজেপি বিধায়ক গৰাকীৰ ৷

bjp-mla-jayanta-malla-baruahs-controversial-statement-on-price-hike-in-state
পঞ্জাৱৰ পৰা গাহৰি আহিলে অসমত মূল্যবৃদ্ধি হ’বই : জয়ন্ত মল্ল বৰুৱা

নলবাৰী, 28 অক্টোবৰ : মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ জাতীয় সংগঠন, বিৰোধী দল সকলোৱে মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল কৰিছে ৰাজ্যৰ আকাশ-বতাহ ৷ পিছে শাসকীয় পক্ষৰ এচাম নেতাই মূল্যবৃদ্ধি সন্দৰ্ভত কৰা টুলুঙা মন্তব্যৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে সৰ্বসাধাৰণ জনতা তথা সচেতন সমাজ ৷ এনে সময়তে সততে বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰি অহা নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ জয়ন্ত মল্ল বৰুৱাই মূল্য সন্দৰ্ভত প্ৰদান কৰিছে বিশেষ টিপ্পনী ৷

পঞ্জাৱৰ পৰা গাহৰি আহিলে অসমত মূল্যবৃদ্ধি হ’বই : জয়ন্ত মল্ল বৰুৱা

বিজেপি বিধায়ক গৰাকীৰ মতে বৰ্তমানৰ মূল্যবৃদ্ধি হেনো 20-30 বছৰ আগৰ ভুলৰ হে পৰিণতি ৷ মূলত পূৰ্বৰ চৰকাৰ সমূহলৈ আঙুলি টোৱাই তেওঁ কয় যে, আজিৰ পৰা 20-30 বছৰ আগতেই হেনো মূল্যবৃদ্ধি ৰোধৰ পদক্ষেপ লোৱা উচিত আছিল ৷ তেতিয়া তেনো ধৰণৰ কোনো পদক্ষেপ নোলোৱাৰ বাবেই অসম এখন উপভোক্তাৰ ৰাজ্য হৈ পৰিল বুলি তেওঁ মন্তব্য কৰে ৷

উপভোক্তা ৰাজ্য হোৱাৰ বাবেই মূল্যবৃদ্ধি হোৱাৰ কথা কৈ তেওঁ কয় যে, বিহাৰৰ পৰা পিয়াঁজ আহিলে, অন্ধ্ৰ প্ৰদেশৰ পৰা মাছ- কণী আহিলে, পঞ্জাৱৰ পৰা চাউল-আলু আহিলে মূল্য বাঢ়িবই বুলি তেওঁ উল্লেখ কৰে ৷ ইয়াৰোপৰি পঞ্জাৱৰ পৰা গাহৰি আহিলে দাম বাঢ়িবই বুলিও মন্তব্য কৰে তেওঁ ৷

উল্লেখযোগ্য যে, নলবাৰীৰ নাট্যমন্দিৰত সামগ্ৰিক বেংক ঋণ অন্তৰ্ভুক্তিৰ অধীনত তথা অগ্ৰণী বেংক ইউকো বেংকৰ উদ্যোগত প্ৰদান কৰা হয় ঋণ মঞ্জুৰী পত্ৰ । জিলাখনৰ ৭৮২ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা এই ঋণ সমাৰোহত উপস্থিত থাকে স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱাৰ লগতে জিলা উপায়ুক্ত গীতিমণি ফুকন । ঋণ সমাৰোহত সৰ্বমুঠ ৪৩ কোটি ২৭৬ লাখ টকাৰ ঋণ অনুমোদন দিয়া হয় । এই অনুষ্ঠানত উপস্থিত থাকিয়েই বিজেপি বিধায়ক গৰাকীয়ে কৰিলে এই মন্তব্য ৷
লগতে পঢ়ক : ধাৰ কৰা ধনেৰে ঘিউ-মৌ কিমান দিনলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.