ETV Bharat / state

Police raid against cyber criminals: শতাধিক চিম কাৰ্ডসহ দুটা চাইবাৰ অপৰাধী আৰক্ষীৰ জালত

author img

By

Published : Feb 20, 2023, 12:14 PM IST

2 Cyber criminals arrested
চাইবাৰ অপৰাধী আৰক্ষীৰ জালত

লাহৰীঘাটত গ্ৰেপ্তাৰ হ’ল ২ চাইবাৰ অপৰাধী ৷ ধৃত ২ যুৱকৰ স্বীকাৰক্তিৰ ভিত্তিত পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰণ তথ্য (2 Cyber criminals arrested from Morigaon) ৷

চাইবাৰ অপৰাধী আৰক্ষীৰ জালত

মৰিগাঁও, 20 ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ লাহৰীঘাটত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Police raid against cyber criminals) । মৰিগাঁও আৰক্ষীৰ বিশেষ শাখা আৰু লাহৰীঘাট আৰক্ষীয়ে দেওবাৰৰ বিয়লি ভাগত অভিযান চলাই দুটাকৈ চাইবাৰ অপৰাধৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (2 Cyber criminals arrested from Morigaon)। লাহৰীঘাট বজাৰৰ মাজমজিয়াৰ পৰা কাঠনি গৰম বজাৰৰ মুকছিদুল হ’ক আৰু টেঙাগুৰিৰ আৰফিন আহমেদ নামৰ দুই চাইবাৰ অপৰাধীক আৰক্ষীয়ে আটক কৰে ।

ধৃত চাইবাৰ অপৰাধী দুটাক লগত লৈ দেওবাৰৰ সন্ধিয়া প্ৰায় ৫ মান বজাত আৰক্ষীৰ অভিযানকাৰী দলটিয়ে লাহৰীঘাটৰ ভূঞাবাৰী পথাৰস্থিত এটি বাসগৃহত তন্ন-তন্নকৈ তালাচি চলায় । ধৃত মুকছিদুলৰ স্বীকাৰক্তি ভিত্তিতেই আৰক্ষীয়ে এই বাসগৃহটোত তালাচি চলায় । অৱশ্যে, অভিযান কালত বাসগৃহটোৰ পৰা আৰক্ষীয়ে কোনো অপৰাধজনিত সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম নহ’ল ।

2 Cyber criminals arrested
চাইবাৰ অপৰাধী আৰক্ষীৰ জালত

ইফালে আটকাধীন চাইবাৰ অপৰাধী দুটাৰ কৱলৰ পৰা ১০১ খন চিমকাৰ্ড, দুটা ম’বাইল ফোন, আধাৰকাৰ্ড, পানকাৰ্ড, এটিএম কাৰ্ড, মেমৰি কাৰ্ডকে ধৰি বহুতো সা-সামগ্ৰী, আপত্তিজনক নথিপত্ৰ জব্দ কৰে অভিযানকাৰী দলটোৱে । উল্লেখ্য যে, দ্বিতীয় জামাতাৰাত পৰিণত হোৱা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এক বৃহৎ অঞ্চলৰ বহু যুৱকে সহজে ধন ঘটাৰ লোভত এনে চাইবাৰ অপৰাধৰ সৈতে জড়িত হৈ পৰা পৰিলক্ষিত হৈছে ৷ সহজলভ্য ধনৰ প্ৰতি আকৰ্ষিত হৈ চাইবাৰ চক্ৰৰ সৈতে জড়িত হৈ বিপথে পৰিচালিত হৈছে বহু যুৱক । তাৎপৰ্যপূৰ্ণভাৱে, লাহৰীঘাটৰ বিভিন্ন অঞ্চলত গঢ়ি উঠিছে চাইবাৰ চক্ৰৰ এক বিশাল নেটৱৰ্ক (Cyber Crime in Assam)।

এই অঞ্চলৰ একাংশ যুৱকে আনৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন এপৰ জৰিয়তে ঝণ লৈ নিশাৰ ভিতৰতে লাখপতি হোৱাৰ বহু উদাহৰণ আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । বিগত দিনত লাহৰীঘাট, ভূৰাগাঁও, মৈৰাবাৰী, গৰৈমাৰী, বোৱালগুৰি আদিকে ধৰি ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই বহু চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰি ৰঙা ঘৰলৈ প্ৰেৰণ কৰাৰ খবৰ ইটিভি ভাৰতকে ধৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ তথা সম্প্ৰচাৰ হৈ আহিছে । বৰ্তমানেও বহু যুৱকে আৰক্ষীৰ চকুত ধূলি দি এনে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উখাপিত হৈছে । তেনে সময়তেই চাইবাৰ ক্ৰাইমৰ দৰে বৃহৎ অপৰাধৰ সৈতে জড়িত লোক সকলক গ্ৰেপ্তাৰৰ বাবে কঠোৰ হৈ পৰিছে মৰিগাঁও জিলাৰ আৰক্ষী তথা প্ৰশাসন ।

বৰ্তমান মৰিগাঁও আৰক্ষীৰ জিম্মাত থকা দুই চাইবাৰ অপৰাধীৰ পৰা অধিক তথ্যৰ সংগ্ৰহৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Merger of Nalbari Civil Hospital: আইনৰ দোহাই দি প্ৰতিবাদকাৰীক প্ৰশাসন যন্ত্ৰই গুলিয়াই মাৰিব: নলবাৰী জিলা কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.