ETV Bharat / state

ভূল চিকিৎসাৰ বশৱৰ্তী হৈ মৃত্যু এগৰাকী মহিলাৰ

author img

By

Published : Sep 9, 2019, 5:40 PM IST

Updated : Sep 9, 2019, 6:34 PM IST

ভূল চিকিৎসাৰ বশৱৰ্তী হৈ মৃত্যু এগৰাকী মহিলাৰ

বন্ধ্যাকৰণৰ ফলত হোৱা সংক্ৰমণৰ ফলত চিকিৎসাৰত অৱস্থাতে মৃত্যুবৰণ কৰে এগৰাকী মহিলাই ৷ কলিয়াবৰৰ কেলিডেন চাহ বাগিছাৰ মিছা শাখাৰ মাকডালি মুণ্ডা নামৰ মহিলাগৰাকীৰ বন্ধ্যাকৰণ হৈছিল জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়ত ৷ বন্ধ্যাকৰণৰ পিচতেই মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও দেওবাৰে শেষনিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে ৷

কলিয়াবৰ, 9 ছেপ্তেম্বৰঃ বন্ধ্যাকৰণৰ পিচতেই শোকাৱহ মৃত্যুক সাৱতি লয় ৰাজ্যৰ এগৰাকী মহিলাই ৷ কলিয়াবৰৰ কেলিডেন চাহ বাগিছাৰ মিছা শাখাৰ মাকডলি মুণ্ডা নামৰ মহিলাগৰাকীৰ বন্ধ্যাকৰণ সম্পন্ন হৈছিল জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়ত ৷

বন্ধ্য়াকৰণৰ পিচতেই মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

অৱশেষত চিকিৎসাধীন অৱস্থাতে মহিলাগৰাকীৰ মৃত্যু ঘটে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ প্ৰণীতা ঠাকুৰীয়াই মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ সংক্ৰমণ বুলি মৃত্যুৰ প্ৰমাণ পত্ৰত লিখি দিয়ে ৷

ভূল চিকিৎসাৰ বশৱৰ্তী হৈ মৃত্যু এগৰাকী মহিলাৰ

জখলাবন্ধা চিকিৎসালয়ত ভূল চিকিৎসা হোৱাৰ বাবেই মহিলাগৰাকীয়ে অকাল মৃত্যুক সাৱতি লয় বুলি প্ৰকাশ কৰিছে বাগিছাৰ শ্ৰমিকসকলে ৷ আনহাতে বাগিছাখনৰ অন্যান্য 20 গৰাকী মহিলাৰো বন্ধ্যাকৰণ সম্পন্ন হৈছিল জখলাবন্ধা চিকিৎসালয়তে ৷ এতিয়া এইসকল মহিলায়ো শংকা আৰু ভয়ত দিন পাৰ কৰিছে ৷ আসোৱাঁহপূৰ্ণ অস্ত্ৰোপচাৰ কৰা জখলাবন্ধা চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই ৷

Intro:বন্ধ্যাকৰণৰ ফলত কলিয়াবৰৰ কেলিডেন চাহবাগিচাৰ এগৰাকী মহিলা গুৱাহাটী চিকিৎস্যা মহাবিদ্যালয় চিকিৎস্যালয়ত দেওবাৰে কাহিলিপুৱা মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াBody:বন্ধ্যাকৰণৰ ফলত হোৱা সংক্ৰমণৰ ফলত চিকিৎস্যাৰত অৱস্থাতে মৃত্যুক সাৱটি লয় কেলিডেন চাহবাগিছাৰ এগৰাকী মহিলাই।গুৱাহাটী চিকিৎস্যা মহাবিদ্যালয় চিকিৎস্যালয়ত মৃত্যু হয় দেওবাৰে। মৃত মহিলাগৰাকী কলিয়াবৰৰ কেলিডেন চাহ বাগিচাৰ মিছা শাখাৰ 'মাকডালি মুণ্ডা'। মৃত মাকডালিৰ বন্ধ্যাকৰণ সম্পন্ন হৈছিল জখলাবন্ধা গ্ৰাম্য চিকিৎস্যালয়ত। বন্ধ্যাকৰণ সম্পন্ন হোৱাৰ দিন ধৰি মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু উন্নত চিকিৎস্যাৰ বাবে প্ৰথমে নগাওঁ আৰু পৰৱৰ্তী পৰ্যায়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎস্যা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মহিলাগৰাকীক। অৱশেষত দেওবাৰে গুৱাহাটী চিকিৎস্যা মহাবিদ্যালয়তে মৃত্যু হয় মাকডালি মুণ্ডাৰ।
দেওবাৰে মহিলাগৰাকীৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছতে অঞ্চলটোত বিৰাজ কৰে চেপা উত্তেজনাই। কিয়নো গুৱাহাটী চিকিৎস্যা মহাবিদ্যালয় চিকিৎস্যালয়ৰ ডা: প্ৰণিতা ঠাকুৰীয়াই মৃত্যুৰ কাৰণ 'চেপ্টিক' বুলি উল্লেখ কৰি মৃত্যুৰ প্ৰমাণ পত্ৰত উল্লেখ কৰাটোৱে বন্ধ্যাকৰণৰ আসোৱাঁহকে প্ৰতিপন্ন কৰিছে বন্ধ্যাকৰণৰ অস্ত্ৰোপ্ৰচাৰ কৰা জখলাবন্ধা চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই।Conclusion:Visuals
Bite
Last Updated :Sep 9, 2019, 6:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.