ETV Bharat / state

Theft in Nagaon: থানাৰ সমীপৰ মন্দিৰত চোৰৰ চাফাই অভিযান; নিদ্ৰামগ্ন আৰক্ষী

author img

By

Published : May 7, 2023, 5:18 PM IST

নগাঁও জিলাত ব্যাপক হাৰত সংঘটিত হৈ আহিছে চুৰিকাণ্ড ৷ এইবাৰ নগাঁও সদৰ থানাৰ (Nagaon Sadar Thana) সন্মুখতে থকা কালি মন্দিৰৰ পৰা আৰক্ষীৰ চকুত ধূলি দি চোৰে লুটি নিলে সোণৰ অলংকাৰ আৰু মূল্যবান সামগ্ৰী ৷

Theft in Nagaon
নগাঁৱৰ কালি মন্দৰিত চোৰৰ চাফাই অভিযান

নগাঁৱৰ কালি মন্দৰিত চোৰৰ চাফাই অভিযান

নগাঁও, 7 মে’: নগাঁও সদৰ আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা উদঙাই জিলাখনত ব্যাপক হাৰত সংঘটিত হৈ আছে চুৰিৰ ঘটনা (Theft in Nagaon) ৷ এইবাৰ আৰক্ষী থানাৰ সন্মুখৰ মন্দিৰতেই চোৰৰ চাফাই অভিযান চলিল ৷ সদৰ আৰক্ষীক চেলেঞ্জ কৰি মন্দিৰৰ পৰা চোৰে লুটি নিলে সোণৰ আ অলংকাৰ, মূল্যবান সামগ্ৰী ৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত সংঘটিত চুৰিকাণ্ড ৰোধ কৰাত ব্যৰ্থ নগাঁও সদৰ আৰক্ষীৰ এইবাৰ যেন নাক কাটিলে চোৰে ৷ আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰে গিজগিজাই থকা নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখতে থকা এটা কালি মন্দিৰত শনিবাৰে নিশা চোৰে চলালে লুটপাত (Crime in Nagaon) ৷

মন্দিৰত প্ৰৱেশ কৰি নিশা চোৰে লুটি নিলে মন্দিৰৰ সোণৰ আ-অলংকাৰসহ বহু মূল্যৱান সামগ্ৰী ৷ চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছিল সোণৰ আ অলংকাৰ আৰু বহু মূল্যবান সামগ্ৰী ৷ ইফাল, পুৱা মন্দিৰত চুৰি হোৱাৰ কথা অৱগত হৈ উপস্থিত হয় নগাঁও আৰক্ষী ৷ চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই (Theft in Nagaon Kali Mandir) ৷

লগতে পঢ়ক: Encounter in Nagaon : নগাঁও আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ মাফিয়া আবুল

কিন্তু লক্ষণীয়ভাৱে মন্দিৰৰ পূজাৰী, কেয়াৰ টেকাৰৰ ওপৰতে দায়িত্ব ঠেলি নিজৰ ব্যৰ্থতা ঢকাৰ চেষ্টা কৰিছে সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ ৷ আৰক্ষীৰ নাকৰ তলতেই এনেদৰে দৈনিক চুৰি কাৰ্য সংঘটিত হোৱা ঘটনাক লজ্জাজনক আখ্যা দিছে স্থানীয় ৰাইজে ৷ ৰাইজক আৰক্ষীয়ে কিদৰে নিৰাপত্তা প্ৰদান কৰিব তাকে লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ ৷ যাৰ বাবে এতিয়া জীৱনৰ লগতে সা-সম্পত্তিৰ নিৰাপত্তহীনতান ভুগিছে নগাঁৱৰ ৰাইজে ৷

পূৰ্বেও জিলাখনৰ আৰক্ষী থানাৰ সমীপতে বহু চুৰিকাণ্ড সংঘটিত হৈছে যদিও চোৰক কৰায়ত্ত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে নগাঁও আৰক্ষীৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: PMFBY Scam in Nagaon : প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কেলেংকাৰীৰ অভিযুক্তৰে সম্পৰ্ক বিধায়ক শশীকান্ত দাসৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.