ETV Bharat / state

PMFBY Scam in Nagaon : প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কেলেংকাৰীৰ অভিযুক্তৰে সম্পৰ্ক বিধায়ক শশীকান্ত দাসৰ !

author img

By

Published : May 6, 2023, 8:47 PM IST

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন আত্মসাত কৰি গ্ৰেপ্তাৰ হোৱা জিয়াবুৰেৰে কি সম্পৰ্ক বিধায়ক শশীকান্ত দাসৰ ? গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰে সু-সম্পৰ্ক থকাৰ কথা অকপটে স্বীকাৰ কৰিলে শশী দাসে । বিধায়ক শশীকান্ত দাসক তদন্তৰ আওতালৈ অনাৰ দাবী দল-সংগঠনৰ (Pradhan Mantri Fasal Bima Yojana scam in Nagaon) ।

PMFBY Scam in Nagaon
PMFBY Scam in Nagaon

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কেলেংকাৰীৰ অভিযুক্তৰে সম্পৰ্ক বিধায়ক শশীকান্ত দাসৰ !

নগাঁও, ৬ মে' : প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰি মৰিগাঁও আৰক্ষীৰ জালত পৰিছিল জিয়াবুৰ ৰহমান নামৰ এজন যুৱক (Pradhan Mantri Fasal Bima Yojana scam in Nagaon) । গ্ৰেপ্তাৰ হোৱা জিয়াবুৰ ৰহমানেৰে বিধায়ক শশীকান্ত দাসৰ সু-সম্পৰ্ক থকা বুলি ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে অপৰাধী জিয়াবুৰেৰে সু-সম্পৰ্ক থকাৰ কথা কেমেৰাৰ সন্মুখত অকপটে স্বীকাৰ কৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে । ইপিনে একেটা গোচৰতে পলাতক হৈ থকা কঁচুৱা জিলা পৰিষদৰ সদস্য ছাইফুল ইছলামেৰে থকা ঘনিষ্ঠতাৰ কথাও স্বীকাৰ কৰে শশী দাসে (MLA Sashikant Das in PMFBY scam) । বিধায়কগৰাকীৰ এই অকপট স্বীকাৰোক্তিৰ পিচতেই নগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত সংঘটিত ভয়াৱহ কেলেংকাৰীৰ তথ্য । প্ৰধানমন্ত্ৰী ফচল যোজনাৰ ধনৰ কেলেংকাৰী গোচৰত মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিয়াবুৰ ৰহমানক (Jiabur Rahman arrested in PMFBY scam) । জিয়াবুৰ ৰহমান গ্ৰেপ্তাৰ হোৱাৰ পিচতেই অভিযুক্ত জিয়াবুৰেৰে বিধায়ক শশীকান্ত দাসৰ সু-সম্পৰ্ক থকা বুলি ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ নিলম্বিত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত হোৱা বৃহৎ জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰে সু-সম্পৰ্কৰ কথা সংবাদ মাধ্যমৰ সন্মুখত অকপটে স্বীকাৰ কৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে । পিএমএফবিৱাই আঁচনিৰ ধন চাইবাৰ ক্ৰাইমৰ জৰিয়তে আত্মসাৎ কৰা জিয়াবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে । শশীকান্তৰ নিৰ্বাচনী এজেণ্ট আৰু অতিশয় ঘনিষ্ঠ হিচাবে পৰিচিত জিয়াবুৰৰ বিৰুদ্ধে পূৰ্বে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ আছিল (MLA Sashikant Das link with PMFBY scam in Nagaon) ।

একেই গোচৰতে পলাতক কঁচুৱা জিলা পৰিষদৰ সদস্য ছাইফুল ইছলামো শশী দাসৰ নলে-গলেলগা বন্ধু । অৱশ্যে দুয়োৰে সৈতে থকা ঘনিষ্ঠতাৰ কথা অকপটে স্বীকাৰ কৰিছে বিধায়কগৰাকীয়ে । গোচৰটোৰ সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে তেওঁক ফোনযোগে প্ৰশ্ন কৰাৰ কথাও স্বীকাৰ কৰিছে বিধায়কগৰাকীয়ে । কিন্তু তেওঁলোকৰ অপকৰ্মৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে শশী দাসে । ইপিনে বিধায়কগৰাকীৰ এই স্বীকাৰোক্তিৰ পিচতে তেওঁক এই গোচৰটোত তদন্তৰ আওঁতালৈ অনাৰ দাবী জনাইছে দল-সংগঠনে । বিগত নিৰ্বাচনত এই দুয়োগৰাকীয়ে ধনে-জনে শশীকান্ত দাসক সহায় কৰাৰো অভিযোগ উত্থাপন হৈছে ।

উল্লেখযোগ্য যে মৈৰাবাৰীৰ এক গোচৰত জিয়াবুৰ আৰু ছাইফুল জড়িত হোৱাৰ তথ্য আৰক্ষীয়ে প্ৰকাশ কৰাৰ পিছতেই সামাজিক মাধ্যমত শশীকান্ত দাসৰ সৈতে এই দুয়োগৰাকী অপৰাধীৰ ফটো ব্যাপক ৰূপত ভাইৰেল হৈছিল ।

লগতে পঢ়ক :Prabeen Das slams Pabitra Margherita: পবিত্ৰ মাৰ্ঘেৰিটাক তুলাধুনা ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক প্ৰবীন দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.