ETV Bharat / state

ক’ভিড ৰোগীৰ ঘৰত চোৰৰ চাফাই অভিযান

author img

By

Published : Aug 24, 2021, 12:07 PM IST

theft at covid patient home
ক’ভিড ৰোগীৰ ঘৰত চুৰিকাণ্ড

চামগুৰিত ক’ভিডত আক্ৰান্ত লোকৰ বাসগৃহত চুৰিকাৰ্য সংঘটিত কৰিছে কোনো অজ্ঞাত চোৰে ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰটোত লুটপাত চোৰৰ ৷ অৱশ্যে বৰ্তমানেও চোৰ আৰু চুৰিকাণ্ডৰ ক্ষয়-ক্ষতিৰ পৰিমাণ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই স্থানীয় ৰাইজে ৷

চামগুৰি, 24 আগষ্ট : চোৰে(Thief) ভগৱানক ভয় আৰু বিশ্বাস নকৰাতো কোনো আচৰিত হ’বলগীয়া কথা নহয় ৷ কিয়নো মন্দিৰত চোৰে চলোৱা লুটপাতৰ বাতৰিয়ে বহুবাৰ সংবাদ শিৰোনাম দখল কৰে ৷ আনকি কুখ্যাত চোৰে ভগৱানৰ মূৰ্তি লৈও উধাও হয় ৷ কিন্তু মহামাৰী ক’ভিডকো(Covid) যেন কেৰেপ নকৰে চোৰে ৷ ক’ভিডক ভয় নকৰি ক’ভিড আক্ৰান্তৰ ঘৰত এইবাৰ চাফাই অভিযান চলাইছে চোৰে ৷

এয়া নগাঁৱৰ চামগুৰিৰ ঘটনা ৷ চামগুৰিৰ হেমাবড়িত সোমবাৰে সংঘটিত হৈছে এনে এক চাঞ্চল্যকৰ চুৰিকাণ্ড ৷ অঞ্চলটোৰ প্ৰভাত বৰা নামৰ ক’ভিডত আক্ৰান্ত লোকজনৰ বাসগৃহত চোৰে লুটপাত চলোৱা পৰিলক্ষিত হৈছে ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে এই লুটপাত ৷

ক’ভিড ৰোগীৰ ঘৰত চুৰিকাণ্ড

লগতে পঢ়ক: আৰক্ষীৰ জালত গাওঁৰক্ষী বাহিনীৰ উপ সভাপতিসহ পাঁচ চোৰ

উল্লেখ্য যে, কৰ্মসূত্ৰে গুৱাহাটীত থাকে প্ৰভাত বৰাৰ পৰিয়ালটো ৷ ঘৰটোত অকলে থকা প্ৰভাত বৰাও কেইদিনমান পূৰ্বে ক’ভিডত আক্ৰান্ত হোৱাৰ পাচত চিকিৎসাৰ অৰ্থে গুৱাহাটীত থাকিবলগীয়া হৈছে ৷ সেই সুযোগতে ঘৰটোত কোনো নথকাৰ উমান লৈ কোনোবা অজ্ঞাত চোৰে চুৰিকাণ্ড সংঘটিত কৰে ৷

পুৱাৰ ভাগত ঘৰটো পৰিস্কাৰ কৰিবলৈ অহা এগৰাকী মহিলাই তলা ভঙা দেখি ওচৰ-চুবুৰীয়াক খবৰ দিয়ে ৷ স্থানীয় ৰাইজে প্ৰভাত বৰাৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ ঘটনা সন্দৰ্ভত ৰাইজে ইতিমধ্যে চামগুৰি আৰক্ষীক(Samaguri Police) অৱগত কৰে যদিও বৰ্তমানো জানিব পৰা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ ৷

আনহাতে, চুৰিকাণ্ড সংঘটিত কৰা চোৰ সন্দৰ্ভতো কোনো তথ্য লাভ কৰা নাই স্থানীয় ৰাইজে ৷ আৰক্ষীৰ তদন্ততহে হয়তো ওলাই পৰিব চোৰ আৰু চুৰিকাণ্ডৰ ক্ষয়-ক্ষতিৰ পৰিমাণৰ তথ্য ৷

লগতে পঢ়ক: মধ্যাহ্ন ভোজনৰ বাবে মজুত চাউল ভক্ষণ বন্যহস্তীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.