ETV Bharat / state

Srimanta Sankardev Sangha: শংকৰদেৱ সংঘৰ কলিয়াবৰ শাখাৰ ‍অধিবেশনৰ সামৰণি

author img

By

Published : Jan 30, 2023, 4:02 PM IST

কলিয়াবৰৰ শিৱস্থান খনামুখ নামঘৰত আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ শাখাৰ ‍বাৰ্ষিক অধিবেশনৰ সামৰণি পৰিল । এই ৩১ সংখ্যক বাৰ্ষিক অধিবেশনত ভাওনা প্ৰদৰ্শন কৰা হয় । অধিবেশনত বাৰ্ষিক আলোচনী 'নাম অমৃত' উন্মোচন (Annual magazine Naam Amrit released in Kaliabor)।

Ankiya Bhaona in Kaliabor
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ ‍বাৰ্ষিক অধিবেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ ‍বাৰ্ষিক অধিবেশন

কলিয়াবৰ, ৩০ জানুৱাৰী: অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱে প্ৰদান কৰি থৈ গৈছে অংকীয়া ভাওনা (Mahapurush Srimanta Sankaradeva)। এই অংকীয়া ভাওনাই জাতিটোক শ শ বছৰ পূৰ্বেই একত্ৰিত কৰা বাবে ইয়াৰ গুৰুত্ব এতিয়াও পূৰ্বৰ দৰেই আছে । মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনাক জীয়াই ৰখাৰ বাবে বহুতো লোকে চৰ্চা অব্যাহত ৰাখিছে ৷ ৰাজ্য়খনৰ বিভিন্ন ঠাইত শিশু আৰু যুৱ চামক ভাওনাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা অব্য়াহত আছে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ ‍৩১ সংখ্যক বাৰ্ষিক অধিবেশনৰ সৈতে সংগতি ৰাখি কলিয়াবৰত অনুষ্ঠিত হয় অংকীয়া ভাওনা (Ankiya Bhaona in Kaliabor)।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ ‍৩১ সংখ্যক বাৰ্ষিক অধিবেশনৰ দেওবাৰে সামৰণি পৰে (Session of Kaliabor Srimanta Sankardeva Sangha)। নগাঁও জিলাৰ কলিয়াবৰৰ শিৱস্থান খনামুখ নামঘৰত দুদিনীয়া কাৰ্ষসূচীৰে আয়োজন হয় এই বাৰ্ষিক অধিবেশনৰ । কলিয়াবৰ জিলা শাখাৰ ৩১ সংখ্যক বাৰ্ষিক অধিবেশনত ইয়াৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় প্ৰতিনিধি সভা । এই প্ৰতিনিধি সভাত জিলা শাখাৰ নৱ নিৰ্বাচিত সভাপতি হিচাপে শপত গ্ৰহণ কৰে ৰসেশ্বৰ লাঙিয়ে । ইয়াৰ পিচতে সম্পাদক হিচাবে শপতগ্ৰহণ কৰে বিচিত্ৰ কুমাৰ বৰুৱাই । বাৰ্ষিক অধিবেশনৰ প্ৰথম দিনটোতে নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ প্ৰথমখন কাৰ্যনিৰ্বাকৰ সভা অনুষ্ঠিত হয় ।

কলিয়াবৰৰ জিলা শাখাৰ বাৰ্ষিক অধিবেশনত আই মাতৃ সকলৰ সাধাৰণ পৰিষদ অনুষ্ঠিত হোৱাৰ লগতে ভাগৱত শোভাযাত্ৰা উলিওৱা হয় । এই ভাগৱত শোভাযাত্ৰাত অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে । অন্তিম দিনা অৰ্থাৎ দেওবাৰে এই উপলক্ষে মুকলি সভাৰ আয়োজন কৰা হয় । মুকলি সভাখনত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে । বক্তাসকলে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উদ্বুদ্ধ হ'বলৈ আহ্বান জনায় ।

কলিয়াবৰ জিলা শাখাৰ ৩১ সংখ্যক বাৰ্ষিক অধিবেশনত লগতে বাৰ্ষিক আলোচনী 'নাম অমৃত' উন্মোচন কৰা হয় । এই অনুষ্ঠানতে নৱ নিৰ্বাচিত জিলা সেৱাবাহিনীৰ কেন্দ্ৰীয় সঞ্চালন সমিতিৰ সদস্য উত্তম কুমাৰ ভূঞাৰ লগতে জিলাধীনায়ক সুভাশীষ হাজৰিকা তথা উপ- জিলাধিনায়কে শপতগ্ৰহণ কৰে । শপত বাক্য পাঠ কৰে ৰাজ হাজৰিকাই । নিশা স্থানীয় শিল্পীৰ দ্বাৰা 'সীতা হৰণ বালি বধ 'ভাওনাৰে সমাপ্ত হয় কলিয়াবৰ জিলা শাখাৰ ৩১ সংখ্যক বাৰ্ষিক অধিবেশনৰ (Sita Haran Bali Badh Bhaona at Kaliabor)।

লগতে পঢ়ক:Mahatma Gandhi 75th death anniversary: গান্ধীজীৰ ৭৫ তম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.