ETV Bharat / state

101 বছৰত ভৰি দিলে কলিয়াবৰৰ শিলঘাট আশোকাষ্টমী মেলাই

author img

By

Published : Apr 8, 2022, 1:55 PM IST

বিহুৰ পূৰ্বে কলিয়াবৰৰ শিলঘাটত এতিয়া উৎসৱমুখৰ পৰিৱেশ ৷ কিয়নো শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে শিলঘাট আশোকাষ্টমী মেলা (Silghat ashokastami mela organized in Nagaon)৷ দুটা বৰ্ষৰ অন্তত অতি ধুম-ধামেৰে অনুষ্ঠিত কৰা হৈছে এই মেলা ৷ এই মেলাক লৈ বৰ্তমান যথেষ্ট আশাবাদী আয়োজক কমিটিও ৷

Silghat ashokastami mela
101 বছৰত ভৰি দিলে কলিয়াবৰৰ শিলঘাট আশোকাষ্টমী মেলাই

কলিয়াবৰ, 8 এপ্ৰিল : 101 বছৰত ভৰি দিলে কলিয়াবৰৰ শিলঘাটৰ আশোকাষ্টমী মেলাই (Ashokastami Mela at Silghat)৷ আজি অৰ্থাৎ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে এই মেলা ৷ বিগত দুটা বছৰে ক’ভিড মহামাৰী ভয়াবহতাৰ বাবে আয়োজন কৰা হোৱা নাছিল এই মেলাৰ ৷ অৱশেষত বিগত দুটা বছৰৰ অন্তত 2022 বৰ্ষৰ শিলঘাট আশোকাষ্টমী মেলা অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছে আয়োজক কমিটি (Ashokastami mela organized in Nagaon) ৷

উল্লেখ্য যে, নগাঁও জিলাৰ শিলঘাটত অশোকাষ্টমী স্নানৰ সমান্তৰালকৈ কেতিয়াৰ পৰা অশোকাষ্টমী মেলা আৰম্ভ হৈছিল সেই কথা কোৱাটো টান ৷ আনুমানিক ১৯২১ চনৰ পৰাই অশোকাষ্টমী মেলা আৰম্ভ হৈছিল ৷ এই মেলা অনুষ্ঠিত হৈ অহা দিনৰে পৰা মেলাৰ সু-পৰিচালনাৰ বাবে একোখন পৰিচালনা সমিতি গঠন কৰা হৈছিল ৷

অৱশ্যে ১৯৩৯ চনত ‘‘শিলঘাট অশোকাষ্টমী মেলা সমিতি’’ নামেৰে এক স্থায়ী সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক : এইবেলি বিহুত এপাক নাচিবলৈ সাজু নাচনী নাৰ্জিমা-আৰ্মিনাহঁত

বিগত বৰ্ষত "শিলঘাট অশোকাষ্টমী মেলা সমিতি"য়ে শতবৰ্ষ উৎসৱ আয়োজনৰ প্ৰস্তুতি চলাইছিল ৷ কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে সেয়া বাতিল কৰিব লগা হৈছিল । অৱশ্যে এইবেলি ১০১ সংখ্যক অশোকাষ্টমী মেলা উদযাপনৰ যো-জা কৰিছে আয়োজক কমিটিয়ে । মেলা সমিতিৰ তদাৰকাত ইতিমধ্যে মেলাস্থলীত যুদ্ধগতিৰ ক্ষীপ্ৰতাৰে যাৱতীয়া কাম-কাজসমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।

101 বছৰত ভৰি দিলে কলিয়াবৰৰ শিলঘাট আশোকাষ্টমী মেলাই

জানিব পৰা মতে, বিভিন্ন সামাজিক কামৰ লগত জড়িত শিলঘাট এই অশোকাষ্টমী মেলা সমিতি ৷ এই সমিতিয়ে শিলঘাটত এখন কনিষ্ঠ মহাবিদ্যালয় আৰু এখন বিদ্যালয় নিজ প্ৰচেষ্টাত চলাই আছে । লগতে শিলঘাটৰ ষ্ট্ৰীট লাইটৰো ব্যৱস্থাও কৰিছে এই সমিতিয়ে । কেৱল এয়াই নহয়, স্থানীয় দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকে পঢ়োৱাৰ লগতে কিতাপ বহীও বিনামূলীয়াকৈ যোগান ধৰে এই সমিতিয়ে ।

কিন্তু বিগত দুটা বছৰ মেলা অনুষ্ঠিত নোহোৱাত এই অনুষ্ঠান দুটা পৰিচালনা কৰাত মেলা সমিতিয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷ তথাপিও কমিটিখনৰ সদস্য তথা ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত বিদ্যালয় দুখন পৰিচালনাত যতি পৰিবলৈ দিয়া নাই পৰিচালনা সমিতিয়ে । উল্লেখ্য যে, ১৯৩৫ চনতেই বৃটিছে পতা শিলঘাট টাউনৰ কামাখ্যা পাহাৰস্থিত কামাখ্যা মন্দিৰৰ নামনিত অশোকাষ্টমীৰ স্নান আৰম্ভ হৈছিল (Ashokastami Mela held at the holy riverbank of Silghat) ৷

Silghat ashokastami mela
101 বছৰত ভৰি দিলে কলিয়াবৰৰ শিলঘাট আশোকাষ্টমী মেলাই

লগতে পঢ়ক : বিহুৰ প্ৰস্তুতিত ব্যস্ত থলোৱা বাদ্যযন্ত্ৰৰ শিল্পী দ্বিজেন গগৈ

অৱশ্যে ইয়াৰ প্ৰমাণিক তথ্য নাই যদিও বৃটিছ শাসন কালত উন্নত যাতায়ত ব্যৱস্থাৰ বাবে বহিঃ স্থানৰ পৰা এই স্থানলৈ ভক্তৰ সমাগম বৃদ্ধি পোৱা বুলি অনুমান কৰিব পাৰি ৷ তথ্য অনুসৰি, প্ৰতি বছৰে অশোকাষ্টমী তিথিত গড়ে প্ৰায় কুৰি হাজাৰৰো অধিক ভক্ত শিলঘাট কামাখ্যা পাহাৰৰ নামনিৰ ব্ৰহ্মপুত্ৰত স্নান কৰে ।

সময় অনুসৰি, স্নান যাত্ৰীৰ সমাগম বৃদ্ধিৰ লগে-লগে স্নান ঘাটত আৰম্ভ হ'ল চিৰা, গুৰ, কল আদিৰ ব্যৱসায় । এই স্নানৰ লগত বা পিচত প্ৰয়োজনীয় সামগ্ৰীৰ লাহে-লাহে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি হ’বলৈ ধৰিলে । মেলামুখী পৰিৱেশৰ মাজত লাহে লাহে এদিনীয়া অশোকাষ্টমী সপ্তাহ জোৰাকৈ উদযাপিত হ'বলৈ ধৰিলে । পৰৱৰ্তী সময়ত এই মেলা হৈ পৰিল কলিয়াবৰৰ এক বাৰ্ষিক উৎসৱ ৷

লগতে পঢ়ক : ভূতৰ বাবেও আছে মেলা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.