ETV Bharat / state

ক'ভিডৰ ভয়াৱহতা: বাতিল হ’ল শিলঘাট অশোকাষ্টমী মেলা

author img

By

Published : Apr 20, 2021, 9:59 AM IST

প্ৰতি মুহুৰ্ততে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত বাতিল কৰা হৈছে এখন এখনকৈ বিহুৰ অনুষ্ঠান ৷ দেওবাৰে ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাতিল হয় কলিয়াবৰৰ শিলঘাট অশোকাষ্টমী মেলা ৷

Shilghat Ashokastami Mela cancelled due to covid situation
ক'ভিড পৰিস্থিতিৰ বাবে বাতিল শিলঘাট অশোকাষ্টমী মেলা

কলিয়াবৰ,20 এপ্ৰিল: শেহতীয়াভাৱে প্ৰতিটো মুহুৰ্ততে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে ৰাজ্যৰ সৰ্ব সাধাৰণ ৰাইজ ৷ মহামাৰী ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । পৰিস্থিতিয়ে ক্ৰমাৎ ভয়াৱহ দিশে গতি কৰাৰ মাজতে ৰাজ্যত অনুষ্ঠিত হৈছিল হেঁপাহৰ ৰঙালী বিহুটিৰ লগত বসন্ত কালৰ কেইবাখনো বিশেষ পূূূজা ৷ যিহেতু বিগত বছৰত ক'ভিড পৰিস্থিতিৰ বাবে অসমীয়াই বিহু পাতিব নোৱাৰিলে, সেয়েহে এইবেলি ৰাজ্যবাসীয়ে অনুষ্ঠিত কৰিছিল বিহু আৰু বসন্ত কালৰ পূূজাৰ সাংস্কৃতিক অনুষ্ঠান ৷

ক'ভিডৰ ভয়াৱহতা: বাতিল হ’ল শিলঘাট অশোকাষ্টমী মেলা

কিন্তু, দেওবাৰে গুৱাহাটীৰ বিহুৰ অনুষ্ঠানসমূহ বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পাচতে ৰাজ্যত এখনৰ পাচত এখন বিহু সমিতিয়ে অনুষ্ঠানসমূহ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ সমান্তৰালভাৱে ঠায়ে ঠায়ে অনুষ্ঠিত কৰা বসন্তকালীন বহুকেইখন পূজা সমিতিয়েও বাতিল কৰিলে পূজাৰ সকলো অনুষ্ঠান ৷ শেহতীয়াকৈ কলিয়াবৰৰ শিলঘাট অশোকাষ্টমী মেলাই এইবাৰ শতবৰ্ষ গৰকাত উদযাপন সমিতিয়ে উলহ-মালহেৰে মেলা অনুষ্ঠিত কৰাৰ আয়োজন কৰিছিল যদিও মহামাৰীৰ বাবে পুনৰ সকলো অনুষ্ঠান বাতিল কৰে সমিতিখনে ৷

উল্লেখ্য যে,1921 চনতে আনুষ্ঠানিকভাবে প্ৰতিষ্ঠা লাভ কৰা শিলঘাট অশোকাষ্টমী মেলা সমিতিয়ে 2020-2021 বৰ্ষত শতবৰ্ষ অতিক্ৰম কৰিলে ৷ সেয়েহে অতি ধুম-ধামেৰে মেলা আয়োজনৰ সকলো প্ৰস্তুতি ইতিমধ্যে তুংগত উঠাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ তথা ভক্তৰ আগমন ঘটিছিল, যদিও সাম্প্ৰতিক ক'ৰণাৰ ভয়াৱহতাৰ বাবে 100 খন পতাকা উত্তোলনেৰে কেৱল সপ্তমী আৰু অষ্টমী তিথি অনুষ্টুপীয়াকৈ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক: জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম: বৰষাৰাণী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.