ETV Bharat / state

জৈৱ বৈচিত্ৰৰ সমাহাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

author img

By

Published : Dec 9, 2020, 8:51 PM IST

Updated : Dec 9, 2020, 10:48 PM IST

As_KLBR_Burha_Chapori_wildlife_sanctuary_vis_ASC10014
জৈৱ বৈচিত্ৰৰ সমাহাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

শোণিতপুৰ জিলাত অৱস্থিত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য পৰ্যটকক আকৰ্ষণ কৰিব পৰা বিভিন্ন সম্ভাৰেৰে ভৰপূৰ ৷ প্ৰায় ৪৪.০৬ বৰ্গ কিলোমিটাৰ মাটিকালিত বিস্তৃত এই অভয়াৰণ্যখনে 1995 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে ৷

নগাঁও,9 ডিচেম্বৰ : কৰ’ণা মহামৰীয়ৰ পিছত পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত ৰাজ্যত পুনৰ মুকলি কৰি দিয়া হৈছে পৰ্যটন ক্ষেত্ৰসমূহ ৷ কমকৈ হ’লেও পৰ্যটন ক্ষেত্ৰসমূহত আগমন ঘটিছে দেশী-বিদেশী পৰ্যটকৰ ৷ অৱসৰ বিনোদনেৰে সময় পাৰ কৰাৰ লগতে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাজ্যৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহো ভৰি পৰিছে পৰ্যটকেৰে ৷

শোণিতপুৰ জিলাতো অৱস্থিত হৈ আছে এনে এখন বন্যপ্ৰাণী অভয়াৰণ্য ৷ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ অভয়াৰণ্যখনত আছে সকলো সম্ভাৰ ৷ কলিয়াবৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাত অভয়াৰণ্যখনৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা ৷ এই অভয়াৰণ্যখনেই হ’ল বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ৷ লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত বুঢ়া চাপৰিক 1974 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় ৷

জৈৱ বৈচিত্ৰৰ সমাহাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

প্ৰায় ৪৪.০৬ বৰ্গ কিলোমিটাৰ মাটিকালিত বিস্তৃত জৈৱ বৈচিত্ৰত চহকী বিভিন্ন জীৱ-জন্তু তথা চৰাই চিৰিকটিৰ বাসস্থান এই বুঢ়া চাপৰি অভয়াৰণ্যই 1995 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে ৷ বুঢ়া চাপৰিক বিশেষকৈ উলুম’ৰাৰ বাবে অতি উপযোগী বনাঞ্চল বুলি গণ্য কৰা হয় । ইয়াৰ উপৰিও অভয়াৰণ্যখনত আছে বনৰীয়া ম’হ, অসমীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বনৰৌ, শিয়াল, শৰপহু, সুগৰী পহু, সেন্দূৰী বান্দৰ, হলৌ বান্দৰ আমৰ’লীয়া হাঁহ, মাছোৰোকা, মৌপিয়া, লক্ষী ফেঁছা, লৰীয়তী, শামুকভঙা, শেন, শৰালি হাঁহ, দেওৰাজ হাঁহ, নীলকণ্ঠ, পাকৈঢোৰা, ফেঁচু, পাটিশগুণ আদি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাই চিৰিকটি ৷

ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ সীমামূৰীয়া তথা লাওখোৱা অভয়াৰণ‍্য লগতে লাগি থকা অভয়াৰণ‍্যখন নগাঁও আৰু কলিয়াবৰৰ পৰাহে পৰ্যটকৰ বাবে সুবিধাজনক । কিন্তু বৰ্তমানে কলিয়াবৰ মহকুমা প্ৰশাসনে ইয়াক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰি গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক-মাগুৰি মতাপুং বিললৈ আগমণ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ

Last Updated :Dec 9, 2020, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.