ETV Bharat / state

দীৰ্ঘদিনৰ পাছত লাওখোৱা, বুঢ়াচাপৰিত গঁড়ৰ মুক্ত বিচৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 9:11 AM IST

Updated : Jan 6, 2024, 10:28 AM IST

Rhinos in Bura Chapori Wildlife Sanctuary : উচ্ছেদৰ পাছতে লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ আগমন গঁড়ৰ ৷ দীৰ্ঘদিনৰ পাচত বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমিত গঁড়ৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গ’ল ৷ ই টি ভি ভাৰতত লাওখোৱা বুঢ়াচাপৰিলৈ গঁড়ৰ আগমনৰ বাতৰি প্ৰকাশ পোৱাৰ পাচতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷

rhinos in bura chapori and laokhowa wildlife sanctuary
দীৰ্ঘদিনৰ পাছত লাওখোৱা বুঢ়াচাপৰিত গড়ৰ মুক্ত বিচৰণ

দীৰ্ঘদিনৰ পাছত লাওখোৱা বুঢ়াচাপৰিত গড়ৰ মুক্ত বিচৰণ

নগাঁও, 6 জানুৱাৰী : ক্ৰমাৎ বেদখলকাৰীৰ ৰম্যভূমিলৈ পৰিণত হোৱা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত বিগত বৰ্ষত উচ্ছেদৰ পাছতে বুঢ়াচাপৰিলৈ আহিছে ভাল খবৰ। উল্লেখ্য যে, 2017 চনতে লাওখোৱা অভয়াৰণ্যৰ বেদখলকৃত বহু ভূমি চৰকাৰৰ নিৰ্দেশত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছত বিগত বৰ্ষতো বুঢ়াচাপৰি অভয়াৰণ্যতো উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে ৷

বিশেষকৈ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ সৈতে সংযুক্ত বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰাৰ পিছতেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ বন্য জীৱ-জন্তু অহা যোৱাৰ বাট মুকলি হৈ পৰে । ইপিনে এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণৰ বাবে উপযোগী বুলি বিবেচিত ভূমি তথা গঁড়ৰ খাদ্যৰ বাবে বিখ্যাত লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য ।

এফালে অভয়াৰণ্য দুখনৰ বৃহৎ ভূমি বেদখলমুক্ত আনফালে গঁড়ৰ মুক্ত বিচৰণৰ উপযোগী ভূমি হিচাপে বিবেচিত অভয়াৰণ্য দুখনত পুনৰ গঁড় সংস্থাপনেৰে জীপাল কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে চৰকাৰ তথা বন বিভাগে । ইয়াৰ মাজতেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ আগমন ঘটিছে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ ।

ইতিমধ্যেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দুটাকৈ গঁড়ে লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰৱেশ কৰি আশ্ৰয় গ্ৰহণ কৰি আছে । এক বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত শুকুৰবাৰে বিয়লি ই টি ভি ভাৰত অসমত সম্প্ৰচাৰ হৈছিল লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ এশিঙীয়া গঁড়ৰ আগমনৰ বাতৰি ।

সন্ধিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে প্ৰকাশ কৰিলে লাওখোৱা, বুঢ়াচাপৰিলৈ গঁড়ৰ আগমনৰ তথ্য । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘40 বছৰৰ পাচত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত পুনৰ গঁড়ৰ মুক্ত বিচৰণ কৰা দেখা গ’ল ৷’’

  • Happy to share that after 40 years our iconic Rhinos have returned to Laokhowa and Burachapori. 🦏

    They have returned within 1 year of our successful anti-encroachment operation in the region.

    51.7 sq km of forest cover was retrieved from the evictions in 2023 🌳🌲 pic.twitter.com/MwAEE8aUXH

    — Himanta Biswa Sarma (@himantabiswa) January 5, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ আগমন ঘটা গঁড় দুটাক সুৰক্ষা দিয়াৰ বাবেও তৎপৰ হৈ পৰিছে নগাঁও বন বিভাগ । গঁড় দুটাৰ সুৰক্ষাৰ স্বাৰ্থত পূৰ্বতকৈ অধিক কটকটীয়া কৰি তোলা হৈছে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ নিৰাপত্তা ।

লগতে পঢ়ক : উচ্ছেদৰ পিছত বুঢ়াচাপৰি, লাওখোৱা অভয়াৰণ্যলৈ আগমন দুটাকৈ গঁড়ৰ

Last Updated : Jan 6, 2024, 10:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.